ETV Bharat / bharat

Chandrayaan-3 Mission: চন্দ্ৰযান-৩ৰ চন্দ্ৰত অৱতৰণ উল্লেখযোগ্য মাইলৰ খুঁটি; শ্ৰীলংকাৰ বিৰোধী নেতা প্ৰেমদাছা - ইছৰো

শ্ৰীলংকাৰ বিৰোধী দলৰ নেতা সাজিথ প্ৰেমাদাছাই কয় যে চন্দ্ৰত চন্দ্ৰযান-৩ৰ সফল অৱতৰণ চন্দ্ৰ বিজ্ঞান আৰু অন্বেষণৰ উন্নতিৰ বাবে এক উল্লেখযোগ্য মাইলৰ খুঁটি ৷ ইছৰো আৰু ভাৰতক আন্তৰিকতাৰে অভিনন্দন জনাইছো বুলি উল্লেখ কৰে শ্ৰীলংকাৰ নেতাজনে ৷

Sri Lanka Opposition leader Premadasa
ইছৰোক অভিনন্দন শ্ৰীলংকাৰ বিৰোধী নেতা প্ৰেমদাছাৰ
author img

By ETV Bharat Assamese Team

Published : Aug 25, 2023, 10:03 AM IST

নিউজ ডেস্ক, 25 আগষ্ট : ভাৰতক অভিনন্দন জনাই শ্ৰীলংকাৰ বিৰোধী দলৰ নেতা সাজিথ প্ৰেমাদাছাই কয় যে চন্দ্ৰত চন্দ্ৰযান-৩ৰ সফল অৱতৰণ চন্দ্ৰ বিজ্ঞান আৰু অন্বেষণৰ উন্নতিৰ বাবে এক উল্লেখযোগ্য মাইলৰ খুঁটি ৷ লংকাৰ সংসদত প্ৰেমদাছাই উল্লেখ কৰে যে, ১৪ জুলাইত আৰম্ভ কৰা এই অভিযানে চন্দ্ৰৰ দক্ষিণ মেৰুত উপনীত হয়, যাৰ ফলত ভাৰত এইক্ষেত্ৰত একমাত্ৰ ৰাষ্ট্ৰ হিচাপে পৰিগণিত হয় ৷

টুইটাৰত তেওঁ উল্লেখ কৰে যে, "শ্ৰীলংকাৰ সকলো জনতাৰ হৈ চন্দ্ৰপৃষ্ঠত চন্দ্ৰযান-৩ৰ সফল অৱতৰণৰ বাবে মই ইছৰো আৰু ভাৰতক আন্তৰিকতাৰে অভিনন্দন জনাইছো ৷ চন্দ্ৰ বিজ্ঞান আৰু অন্বেষণৰ উন্নতিৰ বাবে এয়া এক উল্লেখযোগ্য মাইলৰ খুঁটি ৷" সাজিথ প্ৰেমদাছা শ্ৰীলংকাৰ বিৰোধী দলৰ বৰ্তমানৰ নেতা আৰু কলম্বো জিলাৰ এজন সংসদ সদস্য ৷ তেওঁ চামাগী জনা বালৱেগয়া দলৰ নেতা ৷

চন্দ্ৰযান-৩ বুধবাৰে সফলতাৰে চন্দ্ৰত মৃসণ অৱতৰণ কৰিছিল ৷ এই সন্দৰ্ভত ইছৰোৱে টুইট কৰিছিল-"চন্দ্ৰযান-৩ মিছন: 'ভাৰত, মই মোৰ গন্তব্যস্থানত উপনীত হৈছোঁ আৰু আপুনিও ! চন্দ্ৰযান-3 সফলতাৰে চন্দ্ৰত মৃসণ অৱতৰণ কৰিছে ! অভিনন্দন, ভাৰত !

যেতিয়া বিক্ৰম লেণ্ডাৰে প্ৰজ্ঞান ৰভাৰ বুকুতত লৈ চন্দ্ৰপৃষ্ঠ স্পৰ্শ কৰিছিল, ই ভাৰতৰ মহাকাশযাত্ৰাত এক ইতিহাসৰ সূচনা কৰিছিল যি ইছৰোৰ দীঘলীয়া পৰিশ্ৰমৰ এক উপযুক্ত সমাপ্তি প্ৰদান কৰিছিল ৷

এই অভিযানৰ দ্বাৰা ভাৰতে আমেৰিকা যুক্তৰাষ্ট্ৰ, চীন আৰু ৰাছিয়াৰ পিছত চতুৰ্থখন দেশত পৰিণত হৈছে যি সফলতাৰে চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিছে ৷ লগতে এই অভিযানে পৃথিৱীৰ একমাত্ৰ উপগ্ৰহৰ দক্ষিণ মেৰুত প্ৰথমবাৰৰ বাবে অৱতৰণ কৰাৰ খ্যাতি অৰ্জন কৰিছে ৷ উল্লেখযোগ্য যে, এই মহাকাশযানখন অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা 14 জুলাইত উৎক্ষেপণ কৰা হৈছিল ৷

লগতে পঢ়ক : PM Modi in South Africa: দক্ষিণ আফ্ৰিকাৰ শীৰ্ষ বিজ্ঞানীসকলক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোদীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.