ETV Bharat / bharat

ক্ৰীড়া মন্ত্ৰালয়ৰ কঠোৰ পদক্ষেপ, ভাৰতীয় কুস্তি ফেডাৰেচনৰ নৱ-নিৰ্বাচিত সভাপতি সঞ্জয় সিঙক নিলম্বন - নৱ নিৰ্বাচিত সভাপতি সঞ্জয় সিং

ভাৰতীয় কুস্তি ফেডাৰেচনৰ(Wrestling Federation Of India) বিৰুদ্ধে কঠোৰ পদক্ষেপ ক্ৰীড়া মন্ত্ৰালয়ৰ(union sports ministry) ৷ কুস্তি ফেডাৰেচনৰ নৱ-নিৰ্বাচিত সভাপতি সঞ্জয় সিঙক সংগঠোনটোৰ সভাপতি পদৰ পৰা নিলম্বন কৰিছে মন্ত্ৰালয়ে(Sanjay Singh) ৷

sports ministry suspends newly elected wrestling federationof india
ক্ৰীড়া মন্ত্ৰালয়ৰ কঠোৰ পদক্ষেপ
author img

By ETV Bharat Assamese Team

Published : Dec 24, 2023, 2:26 PM IST

স্পৰ্টছ ডেস্ক, 24 ডিচেম্বৰ : বহু বিতৰ্কিত ভাৰতীয় কুস্তি ফেডাৰেচন চমুকৈ ডব্লিউ এফ আইৰ বিৰোধী কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ক্ৰীড়া মন্ত্ৰালয়ে ৷ পৰৱৰ্তী নিৰ্দেশ নোহোৱালৈকে কুস্তি ফেডাৰেচনক নিলম্বন কৰা হৈছে বুলি জানিবলৈ দিছে ক্ৰীড়া মন্ত্ৰালয়ে । আজি জাৰি কৰা এক প্ৰেছ বিজ্ঞপ্তিত নৱ-নিৰ্বাচিত সংস্থাটোৰ দ্বাৰা খৰখেদাকৈ লোৱা সিদ্ধান্তৰ কথা উল্লেখ কৰি কোৱা হৈছে যে, ডব্লিউ এফ আয়ে সিদ্ধান্ত ঘোষণা কৰে আৰু ই কাৰ্যকৰী নিয়ম আৰু নিয়মাৱলীৰ প্ৰতি সম্পূৰ্ণ অৱজ্ঞা কৰিছে ।

নৱ-নিৰ্বাচিত সভাপতি সঞ্জয় সিঙক সংগঠনটোৰ সভাপতি পদৰ পৰাও নিলম্বিত কৰিছে মন্ত্ৰালয়ে । উল্লেখ্য যে, কিছু দিনৰ পূৰ্বে ভাৰতীয় কুস্তি ফেডাৰেচনৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল । উক্ত নিৰ্বাচনতে বিজেপি সাংসদ ব্ৰজ ভূষণ শৰণ সিঙৰ ঘনিষ্ঠ সহযোগী সঞ্জয় সিং জয়ী হৈছিল ।

তাৰ পাচতে 21 ডিচেম্বৰত এক সংবাদমেল আয়োজন কৰিছিল সাক্ষী মালিক, বজৰং পুনিয়াসহ কেইবাজনো মল্লযোদ্ধাই ৷ উক্ত সংবাদমেলতে সংবাদ মাধ্যমৰ আগত কান্দি কান্দি মল্লযুঁজ ত্যাগ কৰাৰ কথা ঘোষণা কৰিছিল সাক্ষী মালিকে । ইয়াৰ পাচতে বজৰং পুনিয়াই পদ্মশ্ৰী ঘূৰাই দিছিল তদুপৰিও হাৰিয়ানাৰ পেৰা এথলীট বীৰেন্দ্ৰ সিঙে পদ্মশ্ৰী ঘূৰাই দিয়াৰ কথা ঘোষণা কৰিছিল ।

উল্লেখ্য যে, এসময়ৰ ভাৰতীয় কুস্তি ফেডাৰেচনৰ সভাপতি ব্ৰজ ভূষণৰ বিৰুদ্ধে মহিলা মল্লযোদ্ধাক যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছিল ৷ সেই অভিযোগ পাচতে সমগ্ৰ দেশতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৷ প্ৰতিবাদত বহিছিল মল্লযোদ্ধাসকল ৷ এই ক্ষেত্ৰত চৰকাৰৰ ভূমিকাক সমালোচনা কৰিছিল ভিন্ন জনে ৷ অৱশেষত কঠোৰ পদক্ষেপ গ্ৰহণ কৰিলে ক্ৰীড়া মন্ত্ৰালয়ে ৷

লগতে পঢ়ক : হতাশাগ্ৰস্ত মল্লযোদ্ধাক সান্ত্বনা প্ৰিয়ংকা গান্ধীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.