ETV Bharat / bharat

Special Manipur Assembly session : হিংসাজৰ্জৰ মণিপুৰত বিধানসভাৰ বিশেষ অধিবেশন অৰ্থহীন হ'ব নেকি ? - Special Assembly session in Manipur

উত্তৰ-পূবৰ ৰাজ্যখনত চলি থকা জাতিগত সংঘৰ্ষৰ বিষয়ে আলোচনা কৰিবলৈ এই মাহত মণিপুৰ বিধানসভাৰ এক বিশেষ অধিৱেশন আহ্বান কৰা হৈছে । অৱশ্যে, কুকি আৰু নগা সম্প্ৰদায়ৰ সকলো বিধায়কে অধিবেশনত উপস্থিত থকাৰ সম্ভাৱনা নাই । তেনে পৰিস্থিতিত অৰ্থহীন হ'ব এই অধিবেশন ! ইটিভি ভাৰতৰ অৰুনিম ভূঞাৰ এই সন্দৰ্ভত বিশেষ অধিবেশন ।

Special Manipur Assembly session
মণিপুৰত বিধানসভাৰ বিশেষ অধিবেশন অৰ্থহীন হ'ব নেকি
author img

By

Published : Aug 7, 2023, 6:14 PM IST

নেশ্যনেল ডেস্ক,৭ আগষ্ট : মণিপুৰত জাতিগত হিংসাই চৰম ৰূপ লৈছে । তাৰ মাজতে মণিপুৰত বিশেষ বিধানসভা অধিবেশনৰ আহ্বান জনোৱা হৈছে । কিন্তু এনে পৰিস্থিতিত অধিবেশন কিমান সফল হ'ব সেয়া এক ডাঙৰ প্ৰশ্ন ! কিয়নো কুকি পিপলছ এলায়েন্সে (কেপিএ) মণিপুৰৰ বিজেপি চৰকাৰক সমৰ্থন প্ৰত্যাহাৰ কৰিছে । ইয়াৰ উপৰিও বিভিন্ন দলৰ প্ৰায় ২০ জন বিধায়কে অধিবেশন বৰ্জন কৰাৰ সম্ভাৱনা আছে ।

কুকি-জোমিৰ ১০ গৰাকী বিধায়কে তেওঁলোকৰ নিৰাপত্তাৰ প্ৰতি ভাবুকিৰ কথা উল্লেখ কৰি ইম্ফলৰ বিধানসভাৰ অধিবেশন বৰ্জন কৰাৰ সম্ভাৱনা আছে । এই ১০ গৰাকী বিধায়কৰ ভিতৰত দুজন কেপিএৰ, ৭ জন বিজেপিৰ আৰু এজন নিৰ্দলীয় । কুকি ইনপি মণিপুৰ (কিম), কুকি ছাত্ৰ সংগঠন (কেএছঅ'), কুকি চীফ এছ'চিয়েচন (কেএছএএম)ৰ দৰে কুকি সংগঠনেও বিধায়কসকলক চলিত জাতিগত সংঘৰ্ষৰ বাবে ইম্ফললৈ নাযাবলৈ আহ্বান জনাইছে ।

ৰাজ্যখনৰ উচ্চ ন্যায়ালয়ে অনুসূচীত জনজাতিৰ মৰ্যাদাৰ বাবে মেইটেইৰ দাবী বিবেচনা কৰাৰ পৰামৰ্শ দিয়াৰ পাছত ৩ মে'ত মণিপুৰত জাতিগত সংঘৰ্ষৰ সূত্ৰপাত হৈছিল । ৰাজ্যখনত মেইটেইসকলৰ সংখ্যা বেছি আৰু মুখ্যতঃ ইম্ফল উপত্যকাত তেওঁলোক বাস কৰে । কুকি-জোমি আৰু পাহাৰত বাস কৰা নাগাসকলৰ এছ টি মৰ্যাদা আছে ।

যদিও কুকিসকলে দাবী কৰে যে এছ টিৰ মৰ্যাদা দিয়াটোৱে মেইটেইসকলক পাহাৰত মাটি ক্ৰয় কৰাৰ অধিকাৰ প্ৰদান কৰিব । আনহাতে মেইটেইসকলে কয় যে ম্যানমাৰৰ পৰা সীমান্তৰে ড্ৰাগছৰ চোৰাং ব্যৱসায় আৰু ৰাজ্যখনৰ পাহাৰত আফিং খেতিৰ বিৰুদ্ধে চৰকাৰৰ অভিযানৰ বিৰুদ্ধে কুকিসকলে কৰা প্ৰতিশোধৰ ফলস্বৰূপে এই সংঘৰ্ষ হৈছে । যোৱা ৫ বছৰত, পাহাৰৰ ১৫,৪০০ একৰ মাটিত আফিং খেতি বিয়পি পৰিছিল । নাৰ্কোটিক ড্ৰাগ এণ্ড চাইকোট্ৰপিক চাবষ্টেন্স (এনডিপিএছ) আইনৰ অধীনত এই সময়ছোৱাত ২,৫০০ ৰো অধিক লোকক গ্ৰেপ্তাৰ কৰা হৈছে ।

পৰ্যবেক্ষকসকলৰ মতে, এই সমগ্ৰ সংঘৰ্ষৰ এক নাৰ্কো-সন্ত্ৰাসৰ দিশ আছে । সংঘৰ্ষপীড়িত চুবুৰীয়া ম্যানমাৰৰ জাতিগত সশস্ত্ৰ সংগঠনসমূহ (EAO), যিসকল ড্ৰাগছ চোৰাং ব্যৱসায়ৰ সৈতে জড়িত, তেওঁলোকে মণিপুৰত প্ৰৱেশ কৰিছে আৰু চলিত হিংসাত জড়িত হৈ পৰিছে । ভাৰতৰ পূব চুবুৰীয়া দেশত EAO ইএঅ' আৰু সামৰিক বাহিনীৰ মাজত হোৱা হিংসাত্মক সংঘৰ্ষৰ বাবে কুকিসকলৰ সৈতে জাতিগতভাৱে মিল থকা চিন শৰণাৰ্থীসকলেও ম্যানমাৰৰ পৰা মণিপুৰলৈ আহিছে ।

হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ পাছত, কুকি-জোমিৰ ১০ জন বিধায়কে কুকি অধ্যুষিত অঞ্চলসমূহৰ বাবে পৃথক প্ৰশাসনৰ দাবীত কেন্দ্ৰীয় চৰকাৰৰ ওচৰত এখন আবেদন দাখিল কৰে । তাৰ পাছত মণিপুৰ বিধান সভাৰ বিশেষাধিকাৰ সমিতিয়ে বিধায়কসকলক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰে । ঘটনাক্ৰমৰ সৈতে পৰিচিত এক সূত্ৰই ইটিভি ভাৰতক কয় যে পৃথক প্ৰশাসনৰ দাবী কৰি, এই বিধায়কসকলে কাৰ্যভাৰ গ্ৰহণ কৰাৰ সময়ত তেওঁলোকে গ্ৰহণ কৰা শপত উলংঘা কৰিছে । যদি তেওঁলোকে বিধানসভাৰ অধিবেশনলৈ আহে, তেন্তে তেওঁলোকে কাৰণ দৰ্শোৱাৰ জাননীৰ উত্তৰ দিবলৈ বাধ্য হ'ব ।

ইফালে, বিধানসভাৰ ১০ গৰাকী নগা বিধায়কেও অধিবেশনত উপস্থিত থকাৰ সম্ভাৱনা নাই । এই ১০ জন বিধায়কৰ ভিতৰত ৫ জন নাগা পিপলছ ফ্ৰণ্টৰ (এনপিএফ), দুজন নেচনেল পিপলছ পাৰ্টিৰ (এনপিপি), দুজন বিজেপিৰ আৰু এজন নিৰ্দলীয় । যদিও নগাসকল বৰ্তমানৰ সংঘৰ্ষত জড়িত নহয়, নগা নাগৰিক সংস্থাৰ এক শক্তিশালী গোট নাগা হোহোৱে এই বিধায়কসকলক অধিবেশনত উপস্থিত থকাৰ পৰা বিৰত থাকিবলৈ কৈছে কিয়নো মণিপুৰ চৰকাৰে কেন্দ্ৰ আৰু নগা গোটৰ মাজত শান্তি আলোচনাৰ বিৰোধিতা কৰি আহিছে ।

সূত্ৰটোৱে কয় যে বিশেষকৈ মণিপুৰত চলি থকা সংকটৰ বিষয়ে আলোচনা কৰিবলৈ ২১ আগষ্টৰ পৰা বিধানসভাৰ অধিবেশনৰ আহ্বান কৰা হৈছে । নগাসকলে সন্দেহ কৰে যে অধিবেশনৰ সময়ত মণিপুৰৰ আঞ্চলিক অখণ্ডতাৰ বিষয়টো উত্থাপিত হ'ব, যিটো তেওঁলোকে নিবিচাৰে । এইটো নিশ্চিতভাৱে ৭৫ বছৰ পুৰণি নগা বিদ্ৰোহৰ দাবীৰ বিপৰীতে হ'ব যি মণিপুৰকে ধৰি উত্তৰ-পূবৰ বিভিন্ন ৰাজ্যৰ নগা অধ্যুষিত অঞ্চলসমূহক লৈ এক বৃহত্তৰ নাগালেণ্ড বিচাৰে ।

যদি কুকি আৰু নগা দুয়োপক্ষৰ সকলো বিধায়কে বিধানসভাৰ অধিবেশনত উপস্থিত নাথাকে, তেন্তে অধিৱেশনৰ কোনো অৰ্থ থাকিব নেকি তাক লৈ প্ৰশ্ন উত্থাপিত হয় । অৱশ্যে, বিশেষভাৱে আহ্বান কৰা অধিবেশনত সকলো সম্প্ৰদায়ৰ প্ৰতিনিধিত্বৰ প্ৰয়োজন হ'ব যদি সংকটটোৰ বিষয়ে আলোচনা কৰিব লগা হয় ।

লগতে পঢ়ক :Manipur violence: মণিপুৰত থকা অনুপ্ৰৱেশকাৰীয়ে সৃষ্টি কৰিছে মণিপুৰ সংঘাতৰ !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.