ETV Bharat / bharat

DU admissions 2021: বিশেষ ড্ৰাইভ কাট-অফ তালিকা প্ৰকাশ

author img

By

Published : Nov 15, 2021, 7:04 PM IST

দিল্লী বিশ্ববিদ্যালয়ৰ নতুন কাট অফ তালিকাত আগৰ কাট অফৰ যিকোনো এটাত (বিশেষ কাট-অফসহ) নামভৰ্তি কৰা প্ৰাৰ্থীসকলে এই নামভৰ্তি প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিব নোৱাৰিব ৷

Special drive cut-off list released
বিশেষ ড্ৰাইভ কাট-অফ তালিকা প্ৰকাশ

নিউজ ডেস্ক, 15 নৱেম্বৰ : দিল্লী বিশ্ববিদ্যালয়ে দেওবাৰে এখন বিশেষ ড্ৰাইভ কাট-অফ তালিকা প্ৰকাশ কৰে । যিসকল শিক্ষাৰ্থীয়ে আগতে প্ৰকাশ কৰা কাট-অফ তালিকাত নামভৰ্তি কৰিব নোৱাৰিলে তেওঁলোকে এই কাট-অফ তালিকা আৰু বিশেষ ড্ৰাইভ কাট-অফ তালিকাৰ ওপৰত ভিত্তি কৰি নামভৰ্তিৰ বাবে আবেদন কৰিব পাৰে ।

দিল্লী বিশ্ববিদ্যালয়ৰ এই বিশেষ কাট অফ তালিকা অনুসৰি নামভৰ্তি প্ৰক্ৰিয়া 14 নৱেম্বৰৰ পৰা আৰম্ভ হৈছে আৰু 15 নৱেম্বৰত শেষ হয় । তালিকা অনুসৰি গাৰ্গী মহাবিদ্যালয়ৰ কৰ্মাচ(অনাৰ্চ) আৰু অৰ্থনীতি(অনাৰ্চ)ত কাট অফ মাৰ্ক ক্ৰমে 96.25 আৰু 97 শতাংশ ৷ হংসৰাজ আৰু হিন্দু মহাবিদ্যালয়ে(Unreserved Category) অসংৰক্ষিত শ্ৰেণীৰ বাবে ইতিমধ্যে সকলো পাঠ্যক্ৰমত নামভৰ্তি বন্ধ কৰি দিছে ।

ইফালে, কিৰোৰীমল মহাবিদ্যালয় কেৱল হিন্দী(অনাৰ্চ)ৰ বাবে 90 শতাংশত আৰু লেডী শ্ৰীৰাম মহাবিদ্যালয়ে ইংৰাজী(অনাৰ্চ)ৰ বাবে 96.50 শতাংশত কাৰ্ট অফ মাৰ্ক নিৰ্ধাৰণ কৰি দিছে । আনহাতে এই কাট তালিকা অনুসৰি আগৰ পাঁচখন কাট অফৰ যিকোনো এটাত (বিশেষ কাট-অফসহ) নামভৰ্তি কৰা প্ৰাৰ্থীসকলক এই প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ অনুমতি দিয়া নহ'ব ।

তদুপৰি যদি এখন মহাবিদ্যালয়ত এটা নিৰ্দিষ্ট বিষয়ৰ বাবে আবেদন কৰা প্ৰাৰ্থীৰ সংখ্যা উপলব্ধ আসনৰ সংখ্যাতকৈ অধিক হ’লে মহাবিদ্যালয়সমূহে সংশ্লিষ্ট পাঠ্যক্ৰমৰ বাবে প্ৰয়োজনীয় সৰ্বশ্ৰেষ্ঠ চাৰি/তিনিটা (best of four/three) অনুসৰি মেধা তালিকা প্ৰস্তুত কৰিব । মহাবিদ্যালয়খনে কেৱল মেধাৰ ভিত্তিত যোগ্যতা আৰু আসনৰ উপলব্ধতাৰ ওপৰত নামভৰ্তিৰ বাবে অনুমোদন জনাব । অনুমোদিত প্ৰাৰ্থীৰ তালিকা সংশ্লিষ্ট মহাবিদ্যালয়ৰ ৱেবছাইটত আপল’ড কৰা হ'ব ।

লগতে পঢ়ক : DU PG Admission: 17 নৱেম্বৰত প্ৰকাশ পাব নামভৰ্তিৰ প্ৰথমখন Merit List

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.