নেশ্যনেল ডেস্ক,৮ মে' : এতিয়াও শান্ত হোৱা নাই মণিপুৰ (Manipur crisis)। এনে পৰিস্থিতিত দেওবাৰৰ পৰা মানুহে যাতে অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয় কৰিব পাৰে তাৰ বাবে সান্ধ্য আইন কিছু শিথিল কৰা হৈছে । ইফালে মণিপুৰত আৱদ্ধ হৈ থকা বিভিন্ন ৰাজ্যৰ লোকসকলেও নিজ নিজ গৃহ ৰাজ্যলৈ যোৱাৰ প্ৰচেষ্টা চলাইছে । বিভিন্ন ৰাজ্য চৰকাৰে লোকসকলক উদ্ধাৰ কৰি নিজ ৰাজ্যলৈ প্ৰেৰণ কৰাত গুৰুত্ব আৰোপ কৰিছে । অসমত ইতিমধ্যে বহু মণিপুৰৰ শৰণাৰ্থীয়ে আশ্ৰয় লৈছে ।
এনে পৰিস্থিতিৰ মাজতে মণিপুৰত আৱদ্ধ লোকসকলৰ সুবিধাৰ বাবে এয়াৰ ইণ্ডিয়াই শনিবাৰে আৰু দেওবাৰে ইম্ফললৈ অহা-যোৱা কৰা বিশেষ বিমান পৰিচালনা আৰম্ভ কৰিছে । এয়াৰ ইণ্ডিয়াই উত্তৰ-পূবৰ ৰাজ্যলৈ বা তাৰ পৰা অহা সকলো বিমানৰ টিকট পুনৰ নিৰ্ধাৰণ বা বাতিল কৰাৰ ওপৰত সম্পূৰ্ণ মাচুল ৰেহাই সোমবাৰলৈকে বৃদ্ধি কৰিছে ।
বিমান সংস্থাটোৱে ৪ মে'ত এই ৰেহাই আগবঢ়োৱা আৰম্ভ কৰিছিল । শনিবাৰে অৰ্থাৎ ৬ মে'ত এয়াৰ ইণ্ডিয়াৰ এআই ১৮৮৯ বিমানৰ সহায়ত দুপৰীয়া ১২.৩৫ বজাত দিল্লীৰ পৰা উৰা মাৰে আৰু ১৫৯ গৰাকী যাত্ৰী আৰু ১০ টা নৱজাতকৰ সৈতে ইম্ফলৰ পৰা দিল্লীলৈ উভতনি যাত্ৰা কৰে (Air India Special Flights for stranded in Manipur)। ৭ মে' অৰ্থাৎ দেওবাৰে এয়াৰ ইণ্ডিয়াই এআই ১৮৮৯ বিমান পৰিচালনা কৰে । দিল্লীৰ পৰা ইম্ফললৈ যোৱা বিশেষ বিমানৰ এইখন দ্বিতীয় । ইয়াৰ পাচত বিমানখন ইম্ফলৰ পৰা গুৱাহাটীলৈ উৰা মাৰে আৰু সন্ধিয়া ৬.৪৫ বজাত আন এখন বিশেষ বিমান ইম্ফলৰ পৰা দিল্লীলৈ উভতি যায় ।
উত্তৰ-পূব বিভিন্ন ৰাজ্যৰ লগতে দেশৰ আন কেইবাখনো ৰাজ্যৰ চৰকাৰে তেওঁলোকৰ নাগৰিকসকলক হিংসাজৰ্জৰ মণিপুৰৰ পৰা উদ্ধাৰ কৰাৰ পৰিকল্পনা কৰিছে । ইফালে, পাহাৰ আৰু সমভূমি জিলাত বাস কৰা সম্প্ৰদায়সমূহৰ মাজত সংঘৰ্ষৰ পাছত অঞ্চলভেদে ইণ্টাৰনেট সেৱা স্থগিত ৰখা হৈছে আৰু হিংসা প্ৰভাৱিত অঞ্চলসমূহত সান্ধ্য আইন জাৰি কৰা হৈছে । ইয়াৰ উপৰিও মণিপুৰত যথেষ্ট সংখ্যক নিৰাপত্তা বাহিনী মোতায়েন কৰা হৈছে ।
যোৱা সপ্তাহত সমভূমিৰ লোকসকলে অনুসূচীত জনজাতিৰ সংৰক্ষণৰ দাবীৰে প্ৰতিবাদ আৰম্ভ কৰে । লগে লগে ৰাজ্যখনত কেইবাটাও হিংসাত্মক ঘটনা সংঘটিত হয় । সেই দাবীসমূহৰ বিৰুদ্ধ বুধবাৰে মণিপুৰৰ অল ট্ৰাইবেলছ ষ্টুডেণ্টছ ইউনিয়নে (এটিএছইউ) এক সমদলৰ আয়োজন কৰে । যি পিচত হিংসাত্মক ৰূপ লয় ।
লগতে পঢ়ক : Manipur Violence: আগৰতলালৈ সুকলমে উভতিল মণিপুৰত অধ্যয়নৰত শিক্ষাৰ্থী