নেশ্যনেল ডেস্ক, 28 ছেপ্টেম্বৰ : আহমেদাবাদৰ সিন্ধু ভৱন পথত এগৰাকী মহিলাক বৰ বেয়াকৈ প্ৰহাৰ কৰাৰ এটা ভিডিঅ’ পোহৰলৈ আহিছে । ভাইৰেল হৈ পৰা ভিডিঅ’ত স্পষ্টকৈ দেখা গৈছে যে মহিলা গৰাকীক মাৰপিট কৰি থকা সময়ত উক্ত স্থানত দুজনকৈ পুৰুষ আছিল যাৰ মাজত এজন নিৰাপত্তাৰক্ষীও আছিল ৷
এফালে, প্ৰধানমন্ত্ৰীয়ে সংসদত মহিলা সংৰক্ষণ বিধেয়ক গৃহীত কৰি মহিলাসকলৰ সন্মান তথা সকলোতে মহিলাসকলৰ অংশগ্ৰহণ বৃদ্ধি কৰিছে আৰু আনহাতে কিছুমান কৰ্মকাণ্ডই এইটো নিশ্চিত কৰিছে যে সমাজৰ একাংশ লোকে এতিয়াও মহিলাসকলক নিজৰ জোতা হিচাপে গণ্য কৰে । শেহতীয়াকৈ এটা ভিডিঅ’ই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে য’ত আহমেদাবাদৰ এটা অভিজাত অঞ্চলত এগৰাকী মহিলাক দুজন পুৰুষৰ সন্মুখতে খুব বেয়াকৈ প্ৰহাৰ কৰিছে ।
ঘটনাৰ বিৱৰণী অনুসৰি, সিন্ধু ভৱন পথস্থিত এখন স্পাৰ বাহিৰত স্পাখনৰ মেনেজাৰে এগৰাকী মহিলাক বহুত বেয়াকৈ প্ৰহাৰ কৰে । নিষ্ঠুৰতাৰ সীমা অতিক্ৰম কৰি মেনেজাৰজনে মহিলাগৰাকীৰ চুলিত ধৰি টানি লৈ যায় আৰু কাপোৰ-কানিও ফালি পেলায় । প্ৰায় ৪ মিনিট ধৰি মহিলাগৰাকীক অত্যাচাৰ চলাই মেনেজাৰজনে । ভিডিঅ’টোত স্পষ্টকৈ দেখিবলৈ পোৱা গৈছে যে উৎপীড়নৰ বাবে ভুক্তভোগী মহিলাগৰাকীয়ে না কথা ক’ব পাৰিছে না থিয় হ’ব পাৰিছে ! সমগ্ৰ ঘটনাৰ চিচিটিভি ফুটেজ ভাইৰেল হোৱাৰ পিচত আৰক্ষীয়ে এতিয়া তদন্ত আৰম্ভ কৰিছে ।
আহমেদাবাদৰ সিন্ধু ভৱন ৰোডত সংঘটিত হোৱা এই ঘটনাৰ চিচিটিভি ফুটেজ এতিয়া ভাইৰেল হৈ পৰিছে ৷ প্ৰহাৰ কৰা মহিলাগৰাকীক উত্তৰ ভাৰতৰ বুলি অনুমান কৰা হৈছে ৷ চিচিটিভিত স্পষ্টকৈ দেখা গৈছে যে এজন নিৰাপত্তাৰক্ষীও সেই ঠাইখিনিত থিয় হৈ আছিল, য’ত মেনেজাৰজনে মহিলাক গৰাকীক শাৰীৰিক অত্যাচাৰ চলাইছিল ৷ সেই স্থানত আৰু এজন পুৰুষ আছিল যিয়ে প্ৰথমাৱস্থাত প্ৰহাৰকাৰীক ৰখাবলৈ সামান্য চেষ্টা চলাইছিল যদিও নিৰাপত্তাৰক্ষীজনৰ ভূমিকা এজন প্ৰত্যক্ষদৰ্শীৰ বাহিৰে একো নাছিল ৷
এই ঘটনাটো সিন্ধু ভৱন ৰোডৰ টাইমছ স্কোৱাৰ ভৱনত অৱস্থিত গেলেক্সি স্পাত সংঘটিত হৈছে বুলি জানিব পৰা গৈছে । মহছিন নামৰ মেনেজাৰজনে মহিলাগৰাকীৰ কাপোৰ ফালি নিষ্ঠুৰতাৰ সীমা অতিক্ৰম কৰা দেখিবলৈ পোৱা গৈছে ভিডিঅ’টোত । এই ভিডিঅ’টো পোহৰলৈ অহাৰ পিচতে বোদকদেৱ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ৷
এই সন্দৰ্ভত বোদকদেৱ থানাৰ পি আই এ আৰ ধাৱনে ই টি ভি ভাৰতক ফোনযোগে জনোৱা মতে, আৰক্ষীয়ে ভিডিঅ’টো ইতিমধ্যে লাভ কৰিছে । বৰ্তমানে ভিডিঅ’টোত দেখা পোৱা দুয়ো পুৰুষ আৰু নাৰীকে বিচাৰি উলিয়াবলৈ চেষ্টা অব্যাহত ৰখা হৈছে । তেওঁলোকক বিচাৰি পালেই আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব ৷