ETV Bharat / bharat

মিজোৰামৰ বিভিন্ন জিলাত শৰণ লৈছে ১৪৪ জন ম্যানমাৰৰ লোকে

শেহতীয়াকৈ মিজোৰামলৈ আশ্ৰয়ৰ উদ্দেশ্যে ম্যানমাৰৰ চিন ৰাজ্যৰ টিয়াউ নৈৰ সীমান্তত ১৩০ ৰো অধিক শৰনাৰ্থী অপেক্ষাৰত । এই লোকসকলৰ ভিতৰত এহাল আৰক্ষী দম্পত্তিয়ে তেওঁলোকৰ নমহীয়া সন্তানকো এৰি আশ্ৰয়ৰ বাবে এইদৰে আহিবলীয়া হৈছে । ম্যানমাৰ সেনা মিজোৰামৰ সীমান্তত থকা চিন ৰাজ্যৰ দিশে আগুৱাই গৈছে আৰু ম্যানমাৰৰ লোসককলক আন্তৰাষ্ট্ৰীয় সীমান্তৰে পাৰ হ'বলৈ বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।

মিজোৰামৰ বিভিন্ন জিলাত শৰণ লৈছে ১৪৪ জন ম্যানমাৰৰ লোকে
মিজোৰামৰ বিভিন্ন জিলাত শৰণ লৈছে ১৪৪ জন ম্যানমাৰৰ লোকে
author img

By

Published : Mar 11, 2021, 11:07 AM IST

নিউজ ডেস্ক, ১১ মাৰ্চ: যোৱা ১ ফেব্ৰুৱাৰীত ম্যানমাৰত সেনাৰ দ্বাৰা জৰুৰীকালীন অৱস্থাৰ ঘোষণা কৰা হৈছিল । ফলস্বৰূপে দেশখনৰ বিভিন্ন প্ৰান্তত সেনা আৰু সাধাৰণ নাগৰিকৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত হৈছিল । ইয়াৰ পিছতে ম্যানমাৰৰ শৰণাৰ্থীৰ আগমন আৰম্ভ হৈছিল মিজোৰামত । সূত্ৰ অনুসৰি, শেহতীয়াকৈ মিজোৰামলৈ আশ্ৰয়ৰ উদ্দেশ্যে ম্যানমাৰৰ চিন ৰাজ্যৰ টিয়াউ নৈৰ সীমান্তত ১৩০ ৰো অধিক শৰনাৰ্থী অপেক্ষাৰত । এই লোকসকলৰ ভিতৰত এহাল আৰক্ষী দম্পত্তিয়ে তেওঁলোকৰ নমহীয়া সন্তানকো এৰি আশ্ৰয়ৰ বাবে এইদৰে আহিবলীয়া হৈছে ।

সূত্ৰ অনুসৰি, মহিলা আৰক্ষী বিষয়া এগৰাকীয়ে শান্তিপূৰ্ণ গণতন্ত্ৰ সমৰ্থনকাৰীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে আৰু তেওঁলোকক গ্ৰেপ্তাৰ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে । এই নিৰ্দেশৰ পাচতে দম্পত্তিহাল ম্যানমাৰৰ সীমান্তৱৰ্তী চহৰৰ ফালে পলায়ন কৰে । ইফালে, ফাৰ্কাৱন গাঁৱৰ আন এক সূত্ৰই জনোৱা অনুসৰি, ম্যানমাৰ সেনা মিজোৰামৰ সীমান্তত থকা চিন ৰাজ্যৰ দিশে আগুৱাই গৈছে আৰু ম্যানমাৰৰ লোসককলক আন্তৰাষ্ট্ৰীয় সীমান্তৰে পাৰ হ'বলৈ বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । অসম ৰাইফলছে বৃহস্পতিবাৰে ম্যানমাৰৰ পৰা মিজোৰামত প্ৰৱেশ কৰা ২ গৰাকী পুৰুষ আৰু এগৰাকী মহিলা শৰণাৰ্থী চিহ্নিত কৰিছে । মিজোৰামৰ বিভিন্ন জিলাত ১৪৪ জন ম্যানমাৰ নাগৰিকক চিহ্নিত কৰিছে অসম ৰাইফলছে ।

উল্লেখ্য যে, মিজোৰামৰ উপৰিও ম্যানমাৰ সীমান্তত অৱস্থিত ভাৰতৰ আন তিনিখন ৰাজ্য ক্ৰমে মণিপুৰ, নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশ । ভাৰত আৰু ম্যানমাৰৰ সীমান্ত অঞ্চল প্ৰায় ১৬৪৩ কিলোমিটাৰ ধৰি আৱৰি আছে । ইয়াৰে মিজোৰামত আছে ৫১০ কিলোমিটাৰ, মণিপুৰত ৩৮৯ কিলোমিটাৰ, নাগালেণ্ড ২১৫ কিলোমিটাৰ আৰু অৰুণাচল প্ৰদেশত আছে প্ৰায় ৫২০ কিলোমিটাৰ । মিজোৰামৰ চম্পাই জিলাত ১২ গৰাকী ম্যানমাৰ শৰণাৰ্থীৰ ৮ গৰাকী আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীলোক ৷ ইয়াৰে ১১ জন পুৰুষ আৰু এগৰাকী মহিলা৷ সমান্তৰালকৈ, চেৰশ্বিপ জিলাত ১৯ গৰাকী শৰণাৰ্থীৰ ১৫ জন পুৰুষ আৰু ৪ গৰাকী মহিলা শৰণাৰ্থী ৷ একেদৰে নাহথিয়াল জিলাত আছে ৮ গৰাকী শৰণাৰ্থী, চিয়াহাত ১০১ গৰাকী ইয়াৰে ভিতৰত ৭ শিশুও আছে বুলি জানিব পৰা গৈছে ৷

অসম ৰাইফলে আৰু জনায় যে, ৪ আৰু ৫ মাৰ্চতো ৮ গৰাকী ম্যানমাৰ আৰক্ষীৰ লোকে অবৈধভাৱে মিজোৰামত প্ৰৱেশ কৰিছিল ৷ আনহাতে, লংলাই জিলাৰ ফৰকাৱন গাঁৱৰ ভিলেজ কাউঞ্চিল প্ৰচিডেন্টে জনোৱা অনুসৰি বৰ্তমানেও টিয়াউ নৈৰ সিপাৰে প্ৰায় ৮৫ গৰাকী ম্যানমাৰৰ নাগৰিক ফৰকাৱনত প্ৰৱেশৰ বাবে অপোক্ষা কৰি আছে ৷ গাওঁৱাসীয়ে সীমান্তত কেম্প পাতি বাস কৰা শৰণাৰ্থী সকলক ইতিমধ্যে ৫ বেগ চাউল আৰু ১ বেগ দালিৰ যোগান ধৰিছে ৷ ম্যানমাৰ সেনাৰ অত্যাচাৰত পলাই অহা এই সকল শৰণাৰ্থীক ভাৰত চৰকাৰে শৰণ প্ৰদান কৰাৰ বাবে অনুৰোধ জনাইছে শৰণাৰ্থীসকলে ৷ শৰমাৰ্থীসকলে জনোৱা অনুসৰি, নাগৰিকৰ প্ৰতিবাদ ৰোধ কৰিবলৈ জাণ্টা সেনাই লোৱা দমন নীতিৰ পৰা ৰক্ষা পাবলৈ তেওঁলোকে এইদৰে স্বদেশ এৰি পলায়ন কৰে ।

লগতে পঢ়ক:সাগৰসম সুযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.