ETV Bharat / bharat

Congress poll guarantees in Telangana: তেলেংগানাৰ ৰাইজক প্ৰতিশ্ৰুতি দি দিল্লীত উপস্থিত ছোনিয়া আৰু ৰাহুল - Sonia Gandhi in Telangana

তেলেংগানাৰ ভোটাৰক আকৰ্ষণৰ উদ্দেশ্যে কংগ্ৰেছে কেইবাটাও গ্যেৰাণ্টি ঘোষণা কৰিছে । গৃহহীনসকলৰ বাবে ঘৰ, ৪,০০০ টকাৰ বৃদ্ধ পেঞ্চন, সকলো মহিলাৰ বাবে ২,৫০০ টকা মাহিলী সাহায্যকে ধৰি বিভিন্ন প্ৰতিশ্ৰুতি দিছে কংগ্ৰেছে ।

Congress poll guarantees in Telangana
তেলেংগানাৰ ৰাইজক প্ৰতিশ্ৰুতি দি দিল্লীত উপস্থিত ছোনিয়া আৰু ৰাহুল
author img

By ETV Bharat Assamese Team

Published : Sep 18, 2023, 9:34 AM IST

নেশ্যনেল ডেস্ক, ১৮ ছেপ্টেম্বৰ : সমাগত তেলেংগানাৰ বিধানসভা নিৰ্বাচন । তাৰ পূৰ্বে কংগ্ৰেছে ৰাজ্যখনত বিশেষ তৎপৰতা গ্ৰহণ কৰিছে । দুদিনীয়া কাৰ্যসূচীৰে হায়দৰাবাদত আয়োজিত কংগ্ৰেছ ৱৰ্কিং কমিটিৰ বৈঠকৰ পাচতে দলটোৱে তেলেংগানাৰ ভোটাৰক আকৰ্ষণৰ চেষ্টা কৰিছে । তাৰ অংশস্বৰূপে কংগ্ৰেছে ৰাজ্যখনত ৬ টা নিৰ্বাচনী গ্যেৰাণ্টি ঘোষণা কৰিছে ।

এক বিশাল ৰেলীত গ্যেৰাণ্টি ঘোষণা কৰাৰ পাছত কংগ্ৰেছ সংসদীয় দলৰ অধ্যক্ষ ছোনিয়া গান্ধী আৰু দলৰ সাংসদ ৰাহুল গান্ধী দেওবাৰে সন্ধিয়া দিল্লীলৈ উভতি গৈছে । দুয়োগৰাকী নেতাই হায়দৰাবাদত পুনৰ গঠিত কংগ্ৰেছ ৱৰ্কিং কমিটিৰ বৈঠকৰ উদ্বোধনী সভাত অংশগ্ৰহণ কৰিছিল । দিল্লীত উপস্থিত হোৱাৰ পূৰ্বে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ সৈতে দুয়োগৰাকী নেতাৰ আলোচনাৰ দৃশ্যও সামাজিক মাধ্যমত শ্বেয়াৰ কৰা দেখা গৈছে ।

কংগ্ৰেছে তেলেংগানা ৰাইজৰ বাবে গ্যেৰাণ্টি ঘোষণা কৰাৰ সময়ত দলটোৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালে কয় যে, কংগ্ৰেছে দৰিদ্ৰ আৰু পিছপৰা শ্ৰেণীৰ লোকসকলৰ প্ৰয়োজনীয়তা পূৰণ কৰি আৰু প্রান্তিক শ্ৰেণীৰ বাবে এক উন্নত জীৱন নিশ্চিত কৰাৰ বাবে তেলেংগানাক এখন সমৃদ্ধ ৰাজ্যলৈ ৰূপান্তৰ কৰাৰ ৬ টা গেৰাণ্টি ঘোষণা কৰিছে ।

ৰাহুল গান্ধীয়ে ৰাজ্যখনত ক্ষমতালৈ আহিলে ৬ টা নিৰ্বাচনী গ্যেৰাণ্টি বৰ্ণনা কৰে । সেইবোৰ হৈছে গৃহহীনসকলৰ বাবে ঘৰ, ৪,০০০ টকাৰ বৃদ্ধ পেঞ্চন, সকলো মহিলাৰ বাবে ২,৫০০ টকা মাহিলী সাহায্য, প্ৰতিটো গেছ চিলিণ্ডাৰত ৫০০ টকা, মহিলাসকলৰ বাবে বিনামূলীয়া বাছ সেৱা আৰু স্বাস্থ্য বীমা হিচাপে ১০ লাখ টকা ।

কংগ্ৰেছে ৰাজ্যখনত চৰকাৰ গঠন কৰিলে কেবিনেটৰ প্ৰথমখন বৈঠকত এই গেৰাণ্টিসমূহ পূৰণ কৰা হ'ব বুলিও জনসাধাৰণক আশ্বাস দিছে কংগ্ৰেছে । আনহাতে লোকসকলক প্ৰতিশ্ৰুতি দিয়া গ্যেৰাণ্টি পূৰণ কৰা হৈছে নে নাই সেই বিষয়ে চুবুৰীয়া কৰ্ণাটকত ক্ৰছ-চেক আৰু সত্যাসত্য নিৰীক্ষণ কৰিবলৈও আহ্বান জনাইছে । দলৰ নেতাসকলে তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওক তীব্ৰ সমালোচনা কৰি তেওঁক বিজেপিৰ সৈতে সম্পৰ্ক থকা আৰু নিজৰ পৰিয়ালক লাভান্বিত কৰাৰ বাবে ব্যাপক দুৰ্নীতিত লিপ্ত হোৱাৰ অভিযোগ উত্থাপন কৰে ।

লগতে পঢ়ক : CWC meeting 2023: নেতাসকলক অনুশাসন আৰু ঐক্য বজাই ৰাখিবলৈ আহ্বান খাৰ্গেৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.