ETV Bharat / bharat

Assam CM Attacks Sonia Gandhi; ছোনিয়া গান্ধী ইটালীলৈ যাব লাগে, কাৰণ কেজৰিৱালে দিল্লীত প্ৰদূষণৰ সৃষ্টি কৰিছে : মুখ্যমন্ত্ৰী

author img

By ETV Bharat Assamese Team

Published : Oct 19, 2023, 8:26 AM IST

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লৰ্মিত নিৰ্বাচনী প্ৰচাৰৰ সময়ত কেজৰিৱাল আৰু ছোনিয়া গান্ধীক সমালোচনা কৰে ৷ তেওঁ কয়, ‘‘ছোনিয়া গান্ধী ইটালীলৈ যাব লাগে । কাৰণ কেজৰিৱালে দিল্লীত প্ৰদূষণৰ সৃষ্টি কৰিছে’’ ।

Assam CM Attacks Sonia Gandhi
ছোনিয়া গান্ধী আৰু কেজৰিৱালক কটাক্ষ
ছোনিয়া গান্ধী আৰু কেজৰিৱালক কটাক্ষ

নেশ্যনেল ডেস্ক, 19 অক্টোবৰ : অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে মুংগেলী জিলাৰ লৰ্মিত উপস্থিত হয় । লগতে তেওঁ বিজেপিৰ উদ্যোগত অনুষ্ঠিত হোৱা বিজয় বিশ্বাস শ্ৰমিক সন্মিলনত অংশগ্ৰহণ কৰে ৷ এই সভাতে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ছোনিয়া গান্ধী আৰু অৰবিন্দ কেজৰিৱালক একেলগে সমালোচনা কৰে ।

তেওঁ কয়, "ছোনিয়া গান্ধীয়ে ইটালীলৈ যাব লাগে ৷ কাৰণ কেজৰিৱালে দিল্লীত প্ৰদূষণৰ সৃষ্টি কৰিছে’’ ।

ইটালীত ছোনিয়া গান্ধীয়ে আৰামত বাস কৰক :

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লৰ্মিতত অৰুণ সাওৰ হৈ চলোৱা নিৰ্বাচনী প্ৰচাৰৰ সময়ত ছোনিয়া গান্ধী আৰু অৰবিন্দ কেজৰিৱালক সমালোচনা কৰে । তেওঁ কয়, "ছোনিয়া গান্ধী ইটালীলৈ যাব লাগে, আমি নাকান্দো । দিল্লীত প্ৰদূষণৰ মাত্ৰা বেছি হৈছে । ছোনিয়াই ইটালীলৈ গৈ আৰামত থাকক ৷ তেওঁ আয়ুস বাঢ়িব’’ ।

তেওঁ কয়, ‘‘কেজৰিৱালে দিল্লীত বায়ু-পানীৰ প্ৰদূষণৰ সৃষ্টি কৰিছে ৷ এনে পৰিস্থিতিত, বিজেপিৰ কোনো নেতাই যদি ছোনিয়াক কয় তেওঁ ইটালীত থাকিব লাগে, তেন্তে সেয়া কি বেয়া কথা হ'ব ? ইটালী ইমান ডাঙৰ ঠাই । তাত প্ৰদূষণ নাই । ছোনিয়া গান্ধী এগৰাকী বৃদ্ধা । এনে পৰিস্থিতিত তেওঁ ইটালীলৈ যোৱাত কোনো দোষ নাই’’ ।

ছত্তীশগড়ত লাভ জেহাদ আৰু ধৰ্মান্তৰকৰণ :

অসমৰ মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কয়, "ছত্তীশগড়ত ধৰ্মান্তৰকৰণ আৰু লাভ জেহাদ আৰম্ভ হৈছে । য'তেই কংগ্ৰেছ চৰকাৰ আছে, তাতেই হিন্দুসকলে দুৰ্দশাত জীৱন কটাবলগীয়া হৈছে । কংগ্ৰেছে বাবৰক ডাঙৰ কৰিলে । ভূপেশ বাঘেলে আকবৰক ডাঙৰ কৰিলে আৰু আমি শ্ৰী ৰামৰ মন্দিৰ নিৰ্মাণ কৰিম’’ ৷

মুংগেলীত আয়োজিত বিজেপিৰ এই সভাত তেওঁ কংগ্ৰেছৰ বাঘেল চৰকাৰৰ লগতে ছোনিয়া গান্ধী আৰু আম আদমী পাৰ্টীক লক্ষ্য কৰি লয় । অৱশ্যে বাতৰি যুগুত কৰা পৰলৈকে হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্যক লৈ আম আদমি পাৰ্টী আৰু কংগ্ৰেছৰ পৰা কোনো প্ৰতিক্ৰিয়া অহা নাই ।

লগতে পঢ়ক : Assam CM slams Raga: ৰাহুল গান্ধীৰ দৰে ‘ঘাটিয়া’ নেতা ক’তো দেখা নাই: হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.