ETV Bharat / bharat

শ্ৰীনগৰত সন্ত্ৰাসবাদীৰ আক্ৰমণত মৃত্যু যুৱকৰ - আকাশ মেহৰা

কৃষ্ণ ধাবাৰ মালিকৰ পুত্ৰ আকাশ মেহৰাৰ এছএমএইচএছ চিকিৎসালয়ত মৃত্যু । যোৱা ১৭ ফেব্ৰুৱাৰীত ৰেষ্টুৰেণ্টত কাম কৰি থকা সময়ত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ বলি হৈছিল আকাশ ।

শ্ৰীনগৰত সন্ত্ৰাসবাদীৰ আক্ৰমণত মৃত্যু যুৱকৰ

author img

By

Published : Feb 28, 2021, 1:48 PM IST

নেশ্যনেল ডেস্ক,২৮ ফেব্ৰুৱাৰী: জম্মু-কাশ্মীৰৰ শ্ৰীনগৰত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ বলি হ'ল আকাশ মেহৰা (২৫) নামৰ এগৰাকী যুৱক । যোৱা ১৭ ফেব্ৰুৱাৰীত শ্ৰীনগৰৰ জনপ্ৰিয় ৰেষ্টুৰেণ্ট 'কৃষ্ণ ধাবা'ত কৰ্মৰত হৈ থকা অৱস্থাত সন্ত্ৰাসবাদীয়ে অতৰ্কিতে নিৰ্বিচাৰ গুলীচালনা কৰে আকাশক । দুৰ্বৃত্তৰ আক্ৰমণত গুৰুতৰ আঘাত পোৱাত চহৰখনৰ শ্ৰীমহাৰাজা হৰি সিং (এচএমএইচএচ) চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল যুৱকজনক ৷ দেওবাৰে পুৱতি নিশা ৩.৩০ বজাত মৃত্যুৰ সৈতে যুঁজি জীৱন যুদ্ধত হাৰ মানে আকাশে । চিকিৎসকৰ ভাষ্য অনুসৰি, আকাশে সোঁ কান্ধত আৰু পেটত গুলীৰ আঘাত পাইছিল ৷ যাৰ ফলত মৃত্যুক আঁকোৱালি ল'বলগীয়া হয় । উল্লেখ্য যে, জনপ্ৰিয় ৰেষ্টুৰেণ্ট 'কৃষ্ণ ধাবা'ৰ স্বত্বাধিকাৰী ৰাজেশ মেহৰাৰ পুত্ৰ আছিল আকাশ মেহৰা ।

ঘটনা সন্দৰ্ভত কাশ্মীৰৰ আৰক্ষী মহা পৰিদৰ্শক বিজয় কুমাৰে ১৯ ফেব্ৰুৱাৰীত এক সংবাদমেল সম্বোধন কৰি মটৰ চাইকেলেৰে অহা তিনিজন সন্ত্ৰাসবাদীয়ে এই আক্ৰমণ কৰিছিল বুলি জানিবলৈ দিয়ে । পাচত ঘটনাটোত জড়িত তিনিওজন দুৰ্বৃত্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । এইকেইজন দুৰ্বৃত্ত সন্ত্ৰাসবাদী সংগঠনত নতুনকৈ জড়িত হৈছিল । ১৭ ফেব্ৰুৱাৰীত এই আক্ৰমণ সংঘটিত কৰাৰ কথা স্বীকাৰ কৰে দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী কেইজনে । এই স্বীকাৰোক্তিৰ পাচতে তিনিওজনৰ পৰা মটৰ চাইকেলসহ পিষ্টল উদ্ধাৰ কৰিছে আৰক্ষীয়ে । এই ঘটনাৰ পাচতে শ্ৰীনগৰত তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে ।

লগতে পঢ়ক:বাৰাণসীত পূজা আগবঢ়ালে প্ৰিয়ংকা গান্ধীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.