ETV Bharat / bharat

পিতৃয়ে আনলৈ চলোৱা গুলীয়ে প্ৰাণ ল’লে পুত্ৰৰ

author img

By

Published : Oct 8, 2021, 6:54 PM IST

মাংগালুৰুৰ দক্ষিণ কানাড়া জিলাত পিতৃৰ পিষ্টলৰ গুলীয়ে প্ৰাণ কাঢ়িলে ১৬ বছৰীয়া পুত্ৰৰ । আনলৈ লক্ষ্য কৰি গুলীচালনা কৰিছিল যদিও ভুলবশতঃ সেই গুলী লাগিল নিজ পুত্ৰৰ শিৰত । গ্ৰেপ্তাৰ হ'ল হত্য়াকাৰী পিতৃ ।

নেশ্যনেল ডেস্ক, ৮ অক্টোবৰ: মাংগালুৰুত সংঘটিত হৈছে এক অতি শোকাৱহ ঘটনা । ভুলবশতঃ পিতৃৰ বন্দুকৰ গুলীত নিহত হ'ল পুত্ৰ । যোৱা ৫ অক্টোবৰত মাংগালুৰুৰ দক্ষিণ কানাড়া জিলাত ৰাজেশ প্ৰভু নামৰ এজন লোকে নিজৰ প্ৰতিষ্ঠানত কৰ্মৰত কৰ্মচাৰীলৈ লক্ষ্য কৰি গুলীচালনা কৰিছিল । কিন্তু সেই গুলীচালনাই কাল ৰাজেশ প্ৰভুৰ পুত্ৰৰ বাবে । এটা গুলী ভুলবশতঃ ৰাজেশ প্ৰভুৰ পুত্ৰ সুধীন্দ্ৰৰ শিৰত লাগে ।

নিজ পুত্ৰক গুলীবিদ্ধ অৱস্থাত দেখি হৃদৰোগত আক্ৰান্ত হয় ৰাজেশ । পিতৃ-পুত্ৰ দুয়োকে ততাতৈয়াকৈ হাস্পতাললৈ নিয়া হয় যদিও পিছদিনা সুধীন্দ্ৰৰ মস্তিস্ক নিষ্ক্ৰিয় হৈ পৰে । প্ৰথমে সুধীন্দ্ৰৰ পৰিয়ালে তেওঁৰ শৰীৰৰ অংগ দান দিয়াৰ কথা চিন্তা কৰিছিল যদিও পিছত তেওঁলোকে অংগ দান নকৰাৰ সিদ্ধান্ত লয় । শুকুৰবাৰে পুৱা ৫ বজাত সুধীন্দ্ৰৰ মৃত্যু হয় ।

জীৱনৰ আনন্দ লোৱাৰ পূৰ্বেই কৰুণ মৃত্যু সাৱতিবলগীয়া হ'ল দশম শ্ৰেণীৰ ছাত্ৰ সুধীন্দ্ৰই । আনহাতে, সুধীন্দ্ৰৰ পিতৃ ৰাজেশ প্ৰভু সুস্থ হৈ উঠাৰ পাচতে আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে ।

জানিব পৰা মতে, ৰাজশ প্ৰভু মাংগালুৰুৰ মৰ্গেনছ গেটস্থিত বৈষ্ণৱী একপ্ৰেছ কাৰ্গ' প্ৰাইভেট লিমিটেড নামৰ লজিষ্টিক ফাৰ্মৰ স্বত্বাধিকাৰী । ৫ অক্টোবৰত ৪ হাজাৰ টকা পৰিশোধ কৰাক লৈ ৰাজেশ প্ৰভুৰ পত্নীৰ সৈতে প্ৰতিষ্ঠানটোৰ দুজন কৰ্মচাৰীৰ বাক-বিতণ্ডা হোৱা বুলি জানিব পৰাই ৰাজেশ আৰু সুধীন্দ্ৰ কাৰ্যালয়লৈ যায় । খঙৰ কোবত প্ৰতিষ্ঠানটোৰ চৌহদৰ বাহিৰত ৰাজেশ প্ৰভুৱে কৰ্মচাৰী দুজনলৈ লক্ষ্য কৰি গুলীচালনা কৰে । কিন্তু কৰ্মচাৰীৰ পৰিৱৰ্তে দুৰ্ভাগ্যবশতঃ এটা গুলী তেওঁৰ পুত্ৰ সুধীন্দ্ৰৰ শিৰত লাগে ।

আৰক্ষী আয়ুক্ত এন শশী কুমাৰে জনোৱা মতে, সুধীন্দ্ৰৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে চৰকাৰী ৱেনলক চিকিৎসালয়লৈ লৈ নিয়া হৈছে । তেওঁ লগতে কয় যে, ৰাজেশ প্ৰভুৱে অনুজ্ঞাপত্ৰ থকা এটা পিষ্টলেৰে গুলাইছিল । আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ৩০৭ নং, ৩০৮ নং ধাৰা আৰু অস্ত্ৰ আইনৰ ৩০ নং ধাৰাৰ অধীনত ৰুজু কৰা গোচৰত যোৱা ৭ অক্টোবৰত ৰাজেশ প্ৰভুক গ্ৰেপ্তাৰ কৰে ।

আনহাতে, ৰাজেশ প্ৰভুক আদালতত হাজিৰ কৰোৱাৰ সময়ত তেওঁৰ অধিবক্তাই চিকিৎসাৰ বাবে ৰাজেশক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ অনুমতি বিচাৰি আবেদন দাখিল কৰিছিল । ইয়াৰ পাছত আদালতে অনুমতি প্ৰদান কৰে আৰু ৰাজেশক পুনৰ ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ।

লগতে পঢ়ক:প্ৰধানমন্ত্ৰীৰ উপহাৰৰ নিলাম : নীৰজ চোপ্ৰাৰ জেভলিনে পালে সৰ্বাধিক টকাৰ নিবিদা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.