ETV Bharat / bharat

বৰফৰ শুকুলা চাদৰে ঢাকি ধৰিছে জম্মু-কাশ্মীৰৰ পাহাৰীয়া অঞ্চল - বৰফৰ শুকুলা চাদৰে

জম্মু-কাশ্মীৰৰ পাহাৰত বৰফৰ শুভ্ৰ আচ্ছাদন । মধ্যমীয়া তুষাৰপাত আৰু বৰষুণে শীতৰ প্ৰকোপ বৃদ্ধি কৰিছে সমতল অঞ্চলত । প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি বতৰ বিজ্ঞান বিভাগৰ কাৰ্যালয়ৰ তৰফৰ পৰা যাত্ৰীসকলক শ্ৰীনগৰ-জম্মু ৰাষ্ট্ৰীয় ঘাইপথেৰে যাত্ৰা নকৰিবলৈ পৰামৰ্শ দিয়া হৈছে ।

জম্মু-কাশ্মীৰৰ পাহাৰত বৰফৰ শুভ্ৰ আচ্ছাদন

author img

By

Published : Dec 9, 2020, 8:53 PM IST

নেশ্যনেল ডেস্ক, ৯ ডিচেম্বৰ: শীতৰ আগমণৰ লগে লগে প্ৰকৃতিৰ ৰম্যভূমি জম্মু-কাশ্মীৰত প্ৰতিফলিত হৈছে দৃষ্টিনন্দন ৰূপ । বৰফে ঢাকি ধৰাত দুগুণে শোভাবৰ্দ্ধন হৈছে পাহাৰীয়া অঞ্চলৰ । তুষাৰপাতে আহুকালৰ সৃষ্টি কৰিলেও প্ৰকৃতিপ্ৰেমীৰ বাবে স্বৰ্গ সদৃশ হৈ পৰিছে জম্মু-কাশ্মীৰ । বতৰ বিজ্ঞান পূৰ্বানুমান বিভাগৰ মতে ধাৰাবাহিকভাৱে জম্মু-কাশ্মীৰত হৈ থকা তুষাৰপাত আৰু বৃষ্টিপাত বুধবাৰে তুলনামূলকভাৱে হ্ৰাস পাইছে ।

জজ্জিলা পাছ, পিৰ কি গলি, বন্নীহাল ছেক্টৰ, পহলগাম, ছনমমাৰ্গ আৰু গুলমাৰ্গত নিশা মধ্যমীয়া তুষাৰপাত হয় । তুষাৰপাতৰ বাবে বৰ্তমান বন্ধ হৈ আছে শ্ৰীনগৰ-লেহ ৰাষ্ট্ৰীয় ঘাইপথ । বতৰ বিজ্ঞান বিভাগ কৰ্তৃপক্ষই যাত্ৰীসকলক শ্ৰীনগৰ-জম্মু ৰাষ্ট্ৰীয় ঘাইপথেৰে যাত্ৰা নকৰিবলৈ পৰামৰ্শ দিছে । বতৰ বিজ্ঞান বিভাগৰ এগৰাকী বিষয়াই কৈছে যে, 'যোৱা ২৪ ঘণ্টাত জম্মু-কাশ্মীৰৰ পাহাৰীয়া অঞ্চলত তুষাৰপাত হৈছে আৰু সমতল অঞ্চলত নেৰানেপেৰা বৃষ্টিপাত হয় । বৃহস্পতিবাৰে দুপৰীয়া পৰ্যন্ত এই পৰিস্থিতি থাকিব আৰু লাহে লাহে তুষাৰপাত আৰু বৰষুণৰ মাত্ৰা হ্ৰাস পাব' ।

শ্ৰীনগৰত আজিৰ দিনটোৰ ন্যূনতম তাপমাত্ৰা ২.২ ডিগ্ৰী চেলছিয়াছ, পহলগামত ০.৪ আৰু গুলমাৰ্গত ২.০ তাপমাত্ৰা পঞ্জীয়ন কৰা হৈছে । নিশা আটাইতকৈ কম তাপমাত্ৰা লাদাখৰ লেহ চহৰত -২ ডিগ্ৰী চেলছিয়াছ আৰু কাৰ্গিলত -৪.৮ আৰু ড্ৰাছত -৩.৭ ডিগ্ৰী চেলছিয়াছ আছিল । জম্মু চহৰত তাপমাত্ৰা আছিল ১৩.৬, কটৰাত ১২.৫, বন্নিহালত ৪.৪ আৰু ভদ্ৰবাহ ৪.২ ডিগ্ৰী চেলছিয়াছ ।

লগতে পঢ়ক:উত্তৰ কাশ্মীৰৰ পাট্টানত গ্ৰেনেড বিস্ফোৰণ : আহত 7

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.