ETV Bharat / bharat

Gunfight in South Kashmir : দক্ষিণ কাশ্মীৰত নিৰাপত্তা বাহিনীৰ গুলীত ধৰাশায়ী ৬ সন্ত্ৰাসবাদী - জইছ ই মহম্মদৰ ৬ জন সন্ত্ৰাসবাদী নিহত

দক্ষিণ কাশ্মীৰৰ কুলগাম আৰু অনন্তনাগ জিলাত বুধবাৰে সন্ধিয়াৰ পৰা নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত অব্যাহত আছে গুলীয়াগুলী (Gunfights in Kulgam and Anantnag) । এই সংঘৰ্ষত নিহত হৈছে পাকিস্তানী সন্ত্ৰাসবাদীসহ মুঠ ৬ জন সন্ত্ৰাসবাদী ।

South Kashmir encounter
দক্ষিণ কাশ্মীৰত নিৰাপত্তা বাহিনীৰ গুলীত ধৰাশায়ী ৬ সন্ত্ৰাসবাদী
author img

By

Published : Dec 30, 2021, 10:12 AM IST

Updated : Dec 30, 2021, 3:31 PM IST

নেশ্যনেল ডেস্ক, ৩০ ডিচেম্বৰ : দক্ষিণ কাশ্মীৰৰ পৰিস্থিতি এতিয়াও অশান্ত হৈয়ে আছে । সঘনাই নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত চলিছে সংঘৰ্ষ । বুধবাৰে সন্ধিয়াৰ পৰা দক্ষিণ কাশ্মীৰৰ পৃথক পৃথক স্থানত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত গুলীচালনা পুনৰ আৰম্ভ হয় । কুলগাম আৰু অনন্তনাগ জিলাত হোৱা এই সংঘৰ্ষত ৬ জন সন্ত্ৰাসবাদী নিহত হয় (Six militants killed in gunfights in Kulgam-Anantnag) ।

নিহত সন্ত্ৰাসবাদীকেইজনৰ মাজত আছে দুজন পাকিস্তানী সন্ত্ৰাসবাদী (2 Pakistani terrorists killed in South Kashmir encounter) । জম্মু আৰু কাশ্মীৰ আৰক্ষীয়ে টুইটযোগে এই তথ্য নিশ্চিত কৰিছে । আৰক্ষীয়ে জনোৱা মতে, নিহত সন্ত্ৰাসবাদীকেইজনৰ ভিতৰত চাৰিজনক ইতিমধ্যে চিনাক্ত কৰা হৈছে । এই অভিযান সন্দৰ্ভত কাশ্মীৰৰ আৰক্ষী মহাপৰিদৰ্শকে কয় যে, এয়া এক বৃহৎ সফলতা ।

  • 6 #terrorists of proscribed #terror outfit JeM killed in two separate #encounters. 4 among the killed terrorists have been identified so far as (2) #Pakistani & (2) local terrorists. Identification of other 02 terrorists is being ascertained. A big #success for us: IGP Kashmir

    — Kashmir Zone Police (@KashmirPolice) December 29, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

তেওঁ জনায় যে, এই সংঘৰ্ষত সন্ত্ৰাসবাদী সংগঠন জইছ-ই-মহম্মদৰ ৬ জন সন্ত্ৰাসবাদী নিহত হৈছে । বৰ্তমানলৈকে চিনাক্ত কৰা চাৰিজন সন্ত্ৰাসবাদীৰ ভিতৰত দুজন পাকিস্তানী আৰু দুজন স্থানীয় সন্ত্ৰাসবাদী ।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত প্ৰথমটো সংঘৰ্ষ বুধবাৰে সন্ধিয়া অনন্তনাগ জিলাৰ শ্বাহবাদ অঞ্চলৰ দুৰুৰ নাওগাম গাঁৱত সংঘটিত হৈছিল । এই গুলীয়াগুলীত প্ৰথম অৱস্থাত এজন আৰক্ষী জোৱান আৰু ১৯ আৰ আৰৰ দুজন সৈনিক আহত হয় । আহতসকলক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । এই সংঘৰ্ষত তিনিজন সন্ত্ৰাসবাদীয়ে প্ৰাণ হেৰুৱায় ।

আনহাতে, কুলগাম জিলাৰ মিৰহামা অঞ্চলত প্ৰায় একে সময়তে আন এক সংঘৰ্ষ আৰম্ভ হয় আৰু এই গুলীয়াগুলীত দুজন স্থানীয় আৰু এজন পাকিস্তানী সন্ত্ৰাসবাদী নিহত হয় । সংঘৰ্ষ শেষ হোৱাৰ পিছত উক্ত স্থানৰ পৰা এটা এম ৪ আৰু দুটা এ কে ৪৭ ৰাইফল জব্দ কৰা হৈছে বুলি আৰক্ষীয়ে জনাইছে । বিগত সপ্তাহৰ পৰা কাশ্মীৰ উপত্যকাত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ বৃদ্ধি পাইছে ।

ইয়াৰ পূৰ্বেও যোৱা ২৫ ডিচেম্বৰত দক্ষিণ কাশ্মীৰৰ শ্বপিয়ান আৰু অনন্তনাগ জিলাত গুলীয়াগুলী সংঘটিত হৈছিল । এই সংঘৰ্ষত এজন আই ই ডি বিশেষজ্ঞসহ চাৰিজন সন্ত্ৰাসবাদী নিহত হোৱা বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছিল ৷

লগতে পঢ়ক: Suspected IED blast in Imphal: ইম্ফলৰ এটা গেলামালৰ গুদামৰ সন্মুখত বোমা বিস্ফোৰণ

Last Updated : Dec 30, 2021, 3:31 PM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.