ETV Bharat / bharat

কৰ'ণাতংক: শ্মশানত জ্বলিয়েই আছে চিতা

author img

By

Published : Apr 26, 2021, 12:32 PM IST

ক'ভিড-১৯ মহামাৰীৰ দ্বিতীয় ঢৌৱে এতিয়া ভাৰতত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে । শ্মশানবোৰত অহৰহ জ্বলি থকা চিতাবোৰে প্ৰমাণ দাঙি ধৰিছে মহামাৰীৰ ভয়াৱহতাৰ । আনকি অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰাৰ ক্ষেত্ৰতো আহি পৰিছে বহু অসুবিধা । মৃতদেহ মাটিতে থৈ সম্পন্ন কৰা হৈছে শেষকৃত্য । মধ্য প্ৰদেশ, দিল্লী আদিৰ দৰে ঠাইত অক্সিজেনৰ অভাৱত চটফটাইছে ক'ভিড ৰোগীয়ে ।

শ্মশানত জ্বলিয়েই আছে ক'ভিডত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ চিতা

নেশ্যনেল ডেস্ক, ২৬ এপ্ৰিল: এফালে অক্সিজেনৰ অভাৱ, আনফালে শ্মশান ভৰিছে ক'ভিড ৰোগীৰ মৃতদেহ । বৰ্তমান দেশৰ প্ৰায়বোৰ ৰাজ্যৰ শ্মশানত পৰিলক্ষিত হৈছে হৃদয় বিদাৰক ছবি । ভাৰতত ক'ভিড-১৯ মহামাৰীৰ দ্বিতীয় ঢৌৰ সংক্ৰমণ ভয়াৱহভাৱে বৃদ্ধি কৰিছে । দেওবাৰে ৩৪৯,৬৯১ জন লোক নতুনকৈ মহামাৰীৰ কবলত পৰিছে আৰু মুঠ আক্ৰান্তৰ সংখ্যা ১৬.৯ নিযুতৰো অধিক হৈছেগৈ ।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি, বিগত ২৪ ঘণ্টাত ক'ভিড-১৯ত আক্ৰান্ত হৈ ২,৭৬৭ জন লোকে প্ৰাণ হেৰুৱাইছে আৰু এই পৰিসংখ্যাৰে মুঠ মৃত্যু হোৱা লোকৰ সংখ্য ১,৯২,৩১১ জনলৈ বৃদ্ধি পাইছে । ইংলেণ্ডৰ সম্প্ৰচাৰক স্কাই নিউজৰ দ্বাৰা সম্প্ৰচাৰ কৰা বাতৰিৰ ভিডিঅ'ত দেখা গৈছিল যে, নতুন দিল্লীৰ বাসিন্দাই ক'ভিড-১৯ত আক্ৰান্তৰ সহায়ৰ বাবে অক্সিজেন কেনিষ্টাৰৰ ক্ৰয় কৰিবলৈ শাৰী পাতি ৰৈ আছে ।

উক্ত শাৰীত ৰৈ থকা এজন লোকে কৈছিল অক্সিজেন কেনিষ্টাৰৰ বাবদ তেওঁৰ পৰা যিমান ধন বিচাৰে, সেয়া তেওঁ পৰিশোধ কৰিবলৈ সাজু । ভাৰতত মহামাৰীয়ে সৃষ্টি কৰা সংকটৰ প্ৰকৃত ছবিখন এতিয়া পৰিস্ফুট হৈছে অক্সিজেনৰ অভাৱত চিকিৎসালয়লৈ নিয়াৰ পথত হাহাকাৰ কৰা ৰোগীৰ মুখমণ্ডলত, কবৰস্থান আৰু শ্মশানবোৰত । স্কাই নিউজৰ বাতৰিত নতুন দিল্লীৰ এক ক্ৰীড়া কমপ্লেক্স দেখুওৱা হৈছিল । চিকিৎসালয়ৰ অভাৱত এই কমপ্লেক্সটো ক'ভিড চিকিৎসালয়লৈ ৰূপান্তৰিত কৰা হৈছিল ।

ৰোগীৰ সহায় হোৱাকৈ ইয়াত ৯০০ খন বিচনা আছে বুলি কৈছিল স্বাস্থ্য বিভাগে । কিন্তু ক'ভিড চিকিৎসালয় খোলাৰ কেইদিনমান পিছতে বন্ধ হৈ পৰে । এতিয়া চিকিৎসালয়ৰ বাহিৰত কেৱল এখন জাননী ফলক আঁৰি থোৱা আছে, য'ত লিখা আছে যে, তাত অক্সিজেন যোগান ধৰিব পৰাকৈ বিচনা উপলব্ধ নহয় । নতুন দিল্লীৰ সমাধিক্ষেত্ৰবোৰত ঠাই প্ৰায় শেষ হোৱাৰ উপক্ৰম হৈছে । শ্মশানৰ চিতাৰ জুয়ে নিশা পোহৰাই তুলিছে চহৰখনক ।

এক অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে । মুকলি শ্মশানৰ শ্ৰমিকসকলৰ একাংশই দিনে-নিশাই শেষকৃত্য সম্পন্ন কৰাত ব্যস্ত হৈ থাকে । আনহাতে, আন একাংশই এম্বুলেন্সত থৈ দিয়া মৃতদেহ বীজাণুমুক্ত কৰে । মুঠতে পৰ্যাপ্ত পৰিমাণে অক্সিজেনৰ যোগান আৰু প্ৰয়োজন সাপেক্ষে চিকিৎসা লাভ নকৰাৰ বাবে এতিয়া অকালতে মৃত্যুমুখত পৰিবলগীয়া হৈছে বহু লোক ।

লগতে পঢ়ক:পশ্চিমবংগৰ সপ্তম পৰ্যায়ৰ নিৰ্বাচন: আৰম্ভ হৈছে ভোটগ্ৰহণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.