ETV Bharat / bharat

Tripura by poll 2022 : ৰিটাৰ্ণিং বিষয়াৰ কাৰ্যালয়ত স্থাপন হ'ব একক অনুমতি কোষ - সংশ্লিষ্ট ৰিটাৰ্ণিং বিষয়াৰ কাৰ্যালয়ত স্থাপন একক অনুমতি কোষ

ত্ৰিপুৰাৰ উপ-নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি সাজু হৈছে ৰাজনৈতিক দলসমূহ । কিন্তু ইয়াৰ মাজতে প্ৰশাসনৰ গুৰুত্বপূৰ্ণ ঘোষণা । নিৰ্বাচন হ'বলগীয়া সমষ্টিসমূহৰ সংশ্লিষ্ট ৰিটাৰ্ণিং বিষয়াৰ কাৰ্যালয়ত স্থাপন কৰা হ'ব এই একক অনুমতি ব্যৱস্থা (Single window system in RO office of Tripura)। এই ব্যৱস্থাৰ জৰিয়তে ৰাজনৈতিক দল বা প্ৰাৰ্থীয়ে নিৰ্বাচনী সভা, সমদল আদি আয়োজনৰ অনুমতি পাব ।

Tripura by poll 2022
ৰিটাৰ্ণিং বিষয়াৰ কাৰ্যালয়ত স্থাপন হ'ব একক অনুমতি ব্যৱস্থা
author img

By

Published : Jun 2, 2022, 1:25 PM IST

আগৰতলা,২ জুন : সমাগত ত্ৰিপুৰাৰ উপ-নিৰ্বাচন (Tripura by poll 2022)। প্ৰতিটো দলেই ৪ টাকৈ সমষ্টিত হ'বলগীয়া উপ-নিৰ্বাচনৰ বাবে সাজু হৈছে । ইয়াৰ মাজতে প্ৰশাসনে এক বিশেষ ব্যৱস্থা গ্ৰহণৰ কথা ঘোষণা কৰিছে । বিভিন্ন ধৰণৰ নিৰ্বাচনী সভা, সমদল আদিৰ অনুমতিৰ ক্ষেত্ৰত প্ৰশাসনে ছিংগল ইউণ্ড' ব্যৱস্থা বা একক অনুমতি ব্যৱস্থা স্থাপন কৰিব (Single window system in RO office of Tripura)।

সংশ্লিষ্ট ৰিটাৰ্ণিং বিষয়াৰ কাৰ্যালয়ত স্থাপন কৰা হ'ব একোটাকৈ একক অনুমতি কোষ (Single Permission Cell will set up in Tripura)। অতিৰিক্ত মুখ্য নিৰ্বাচনী বিষয়া ইউ জে চাকমাই এই সন্দৰ্ভত কয় যে নিৰ্বাচনৰ প্ৰচাৰৰ সময়ছোৱাত ৰাজহুৱা সভা, ৰেলী, শোভাযাত্ৰা, লাউডস্পীকাৰ, বাহন আদিৰ ব্যৱহাৰৰ বাবে ৰাজনৈতিক দল আৰু প্ৰাৰ্থীসকলক অনুমতি প্ৰদান কৰাৰ বাবে ৰাজ্যখনৰ চাৰিটা বিধানসভা সমষ্টিৰ সংশ্লিষ্ট ৰিটাৰ্ণিং বিষয়াৰ কাৰ্যালয়ত এই ব্যৱস্থা স্থাপন কৰা হ'ব ।

বিবৃতিত উল্লেখ থকা মতে ৰিটাৰ্ণিং বিষয়াই (RO) সকলো প্ৰয়োজনীয় সঁজুলি আৰু কৰ্মচাৰীৰে তেওঁলোকৰ কাৰ্যালয়ত "একক অনুমতি কোষ" স্থাপন কৰিব । আৰক্ষীৰ তৰফৰ পৰাও যাতে সোনকালে অনুমতি প্ৰদান কৰিব পাৰি সেয়ে মহকুমা আৰক্ষী বিষয়াই এগৰাকী আৰক্ষী বিষয়াক ৰিটাৰ্ণিং বিষয়াৰ কাৰ্যালয়ত নিয়োগ কৰিব । নিৰ্বাচনী বিষয়াই জাৰী কৰা বিবৃতিত উল্লেখ থকা মতে ৰাজনৈতিক দল বা প্ৰাৰ্থীয়ে কমেও ৪৮ ঘণ্টাৰ পূৰ্বে ৰিটাৰ্ণিং বিষয়াৰ কাৰ্যালয়ত অনুমতিৰ বাবে আবেদন কৰিব লাগিব ।

আৰক্ষী বিষয়াই প্ৰয়োজনীয় অনুসন্ধানৰ পিছত আবেদনখন যিমান সম্ভৱ সোনকালে ৰিটাৰ্ণিং বিষয়ালৈ প্ৰেৰণ কৰিব । আৰক্ষী লগতে সংশ্লিষ্ট ৰিটাৰ্ণিং বিষয়াই পৃথক টোকা ৰাখিব লাগিব । প্ৰথমে অহা আৱেদনকাৰীক যাতে প্ৰথমে অনুমতি প্ৰদান কৰে সেই কথাও কোৱা হৈছে ।

লগতে পঢ়ক :Tripura By-election: যুৱ কৰ্মীক হিংসাত্মক কাৰ্যকলাপত লিপ্ত নহ'বলৈ নিৰ্দেশ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.