ETV Bharat / bharat

Drugs Seized : শিলিগুৰিত জব্দ কোটি টকাৰ ড্ৰাগছ, গ্ৰেপ্তাৰ 8 জন

author img

By ETV Bharat Assamese Team

Published : Sep 18, 2023, 3:04 PM IST

মাদক দ্ৰব্য বিৰোধী অভিযান চলায় শিলিগুৰি আৰক্ষীয়ে জব্দ কৰে 42 কোটি টকাৰ মাদক দ্ৰব্য ৷ শিলিগুৰি আৰক্ষী আয়ুক্তৰ নেতৃত্বত বিগত 24 ঘন্টাত চলা তিনিটা পৃথক অভিযানত জব্দ কৰিবলৈ সক্ষম হয় ড্ৰাগছখিনি ।

recovers drugs worth Rs 42 crore arrests 8
ড্ৰাগছ জব্দ

নেশ্যনেল ডেস্ক, 18 ছেপ্টেম্বৰ: অব্যাহত আছে আৰক্ষীৰ মাদক দ্ৰব্য বিৰোধী অভিযান ৷ শিলিগুৰি আৰক্ষী আয়ুক্তই মাদক দ্ৰব্য বিৰোধী অভিযান চলায় লাভ কৰে বিশেষ সফলতা । শিলিগুৰি আৰক্ষী আয়ুক্তই বিগত 24 ঘন্টাত তিনিটা পৃথক অভিযানত প্ৰায় 42 কোটি টকাৰ ড্ৰাগছ উদ্ধাৰ কৰে । এই ঘটনাত 8 অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে ।

Drugs Seized
শিলিগুৰিত জব্দ কোটি টকাৰ ড্ৰাগছ

অভিযানত আৰক্ষীয়ে উদ্ধাৰ কৰিছে 40 কোটি টকাৰ ব্ৰাউন চুগাৰ । ইয়াৰ পূৰ্বে পাঁচ কুইণ্টল ভাং উদ্ধাৰ কৰে আৰক্ষীয়ে । শিলিগুৰিৰ নতুন আৰক্ষী আয়ুক্ত চি সুধাকৰে দায়িত্ব লোৱাৰ পিছতে শিলিগুৰি আৰক্ষী আয়ুক্তগৰাকীয়ে ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধে অবিৰত অভিযান চলাইছে । আৰক্ষী আয়ুক্ত চি সুধাকৰে চহৰখনক ড্ৰাগছমুক্ত কৰাৰ বাবে গ্ৰহণ কৰিছে এই উদ্যোগ ।

নিউ জলপাইগুৰি থানাৰ আৰক্ষীয়ে দেওবাৰে গোপন সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত এক অভিযান চলায় । শিলিগুৰিৰ সংলগ্ন ফুলবাৰী গাঁও পঞ্চায়তৰ ভোলামোৰ অঞ্চলৰ পৰা আৰক্ষীয়ে বৃহৎ পৰিমাণৰ গাঞ্জা উদ্ধাৰ কৰে । এই ঘটনাত এজন লোকক গ্ৰেপ্তাৰ কৰা হয় । আটকাধীন ব্যক্তিজনম শিলিগুৰিৰ সূৰ্যসেন কলনীৰ মান্টু সৰকাৰ বুলি জানিব পৰা গৈছে । সৰকাৰৰ পৰা দহ পেকেট ভাং উদ্ধাৰ কৰা হয়, যাৰ ওজন আছিল 111 কেজি 400 গ্ৰাম । শিলিগুৰিৰ পৰা বিহাৰলৈ কঢ়িওৱাৰ সময়তে জব্দ কৰা হয় ভাংখিনি ।

আনহাতে শিলিগুৰিৰ গাতে লাগি থকা কাৱাখালি অঞ্চলত নিউ জলপাইগুৰি থানাৰ পুলিচে আন এক অভিযান চলায় । জানিব পৰা মতে, চাৰিচকীয়া পিকআপ বাহনখনৰ জৰিয়তে চাৰিটা নতুন কেবিনেটৰ আঁৰত ভাং লুকুৱাই ৰখা হৈছিল । এক গোপন সূত্ৰৰ ভিত্তিত নিউ জলপাইগুৰি থানাৰ আৰক্ষীয়ে কাৱাখালিৰ বিশ্ব বাংলা শিল্পী হাটৰ সমীপত সন্দেহজনক গাড়ীখন আটক কৰে । তালাচী চলাই 4 কুইণ্টল ভাং উদ্ধাৰ কৰে আৰক্ষীয়ে । কলকাতালৈ সৰবৰাহ কৰা হৈছিল ভাংখিনি । শম্ভূ দাস নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰা হয় ঘটনা সন্দৰ্ভত । আটকাধীন ব্যক্তিজন শিলিগুৰিৰ সমীপৰ ৰানিডাঙাৰ বাসিন্দা । অভিযান দুটাত উদ্ধাৰ হোৱা প্ৰায় পাঁচ কুইণ্টল ভাংৰ আনুমানিক বজাৰ মূল্য প্ৰায় 2 কোটি টকা ।

ইয়াৰোপৰি বিশেষ অভিযান গোট আৰু প্ৰধান নগৰ আৰক্ষী থানাৰ অভিযানত প্ৰায় 40 কোটি টকাৰ ব্ৰাউন চুগাৰ উদ্ধাৰ কৰা হয় । জানিব পৰা মতে, দেওবাৰে প্ৰথমে দাৰ্জিলিং ছেক্সনত প্ৰধান নগৰ থানাৰ আৰক্ষী আৰু এছ অ’ জিয়ে অভিযান চলাইছিল । এই অভিযানত আৰক্ষীয়ে বাইকেৰে সৰবৰাহ কৰিবলৈ অহা দুজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে । আটক কৰা হৈছে পৰিমল ৰায় আৰু বাবৰ আলীক । গ্ৰেপ্তাৰ হোৱা লোকসকলৰ ভিতৰত নক্সালবাৰীৰ পৰা পৰিমল ৰয় আৰু মুৰ্শিদাবাদৰ বাবৰ আলীও আছে ।

অভিযুক্তৰ পৰা প্ৰায় 2 কেজি ভাং উদ্ধাৰ কৰে আৰক্ষীয়ে । প্ৰধান নগৰ থানাৰ অন্তৰ্গত কুলিপাৰাত গোপন সূত্ৰৰ পৰা তথ্য লাভ কৰি আৰক্ষীয়ে অভিযান চলাইছিল । তালাচী অভিযানত প্ৰায় 2 কেজি ব্ৰাউন চুগাৰ উদ্ধাৰ কৰা হয় । ঘটনাস্থলীৰ পৰাই আৰক্ষীয়ে গাফৰ আলী, চেলিম শ্বেখ, তাজিবুৰ ৰহমান আৰু কৰিবুল ইছলাম নামৰ চাৰিজন লোকক গ্ৰেপ্তাৰ কৰে । ঘাফৰ, চেলিম, কৰিবুল আৰু তাজিবুৰ মুৰ্ছিদাবাদৰ বাসিন্দা বুলি জানিব পৰা গৈছে ।

ধৃত আটাইকে সোমবাৰে আদালতত হাজিৰ কৰা হ’ব । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ।

লগতে পঢ়ক: Rape charge against a teacher: ছাত্ৰীক যৌন উৎপীড়নৰ চেষ্টা শিক্ষকৰ; স্বীকাৰ কৰিলে নিজৰ দোষ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.