ETV Bharat / bharat

Khalistan supporters protest: দিল্লীৰ মেট্ৰ' ষ্টেচনত শিখছ ফৰ জাষ্টিছে লিখিলে 'খালিস্তান জিন্দাবাদ' !

author img

By ETV Bharat Assamese Team

Published : Aug 27, 2023, 4:12 PM IST

জি-২০ সন্মিলনলৈ কিছু দিন বাকী থকাৰ মাজতে দিল্লীত খালিস্তান পন্থী সংগঠনৰ প্ৰতিবাদ । খালিস্তানৰ সমৰ্থনত বিভিন্ন শ্ল'গান লিখি থৈ গ'ল প্ৰতিবাদকাৰীয়ে । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ।

Khalistan supporters protest
দিল্লীৰ মেট্ৰ' ষ্টেচনত শিখছ ফৰ জাষ্টিছে লিখিলে 'খালিস্তান জিন্দাবাদ' !

নেশ্যনেল ডেস্ক,২৭ আগষ্ট: ভাৰতৰ সভাপতিত্বত অহা মাহত ৰাজধানী দিল্লীত অনুষ্ঠিত হ'ব জি-২০ সন্মিলন । তাৰ পূৰ্বে দেশৰ ৰাজধানীত নিৰাপত্তা ব্যৱস্থাক লৈ প্ৰশ্ন উত্থাপন হৈছে । কিয়নো খালিস্তানী সমৰ্থক ‘শিখছ ফৰ জাষ্টিছ’ৰ সন্দেহযুক্ত কৰ্মীয়ে দিল্লীৰ মেট্ৰ' ষ্টেচনত লিখিলে খালিস্তান পন্থী শ্ল'গান । দিল্লীৰ ৫টাতকৈও অধিক মেট্ৰ' ষ্টেচনত খালিস্তান সম্পৰ্কীয় শ্ল'গান লিখি থৈ গ'ল খালিস্তান পন্থী সংগঠনে ।

দিল্লী আৰক্ষীয়ে শ্বেয়াৰ কৰা ফটোবোৰত মেট্ৰ' ষ্টেচনৰ দেৱালত শ্ল'গান লিখা দেখা গৈছে । য'ত "দিল্লী বনেগা খালিস্তান" আৰু "খালিস্তান জিন্দাবাদ" আদি শ্ল'গান লিখা দেখা গৈছে । এগৰাকী বিষয়াই জনোৱা মতে শিখছ ফৰ জাষ্টিছে দিল্লী মেট্ৰ' ষ্টেচনৰ ভিডিঅ' মুকলি কৰিছে য'ত খালিস্তান পন্থী শ্ল'গান লিখা আছিল ।

  • 5 से ज्यादा मेट्रो स्टेशनों पर किसी के द्वारा दिल्ली बनेगा खालिस्तान और खालिस्तान जिंदाबाद लिखा गया है। दिल्ली पुलिस मामले में कानूनी कार्रवाई कर रही है: दिल्ली पुलिस pic.twitter.com/NFpIf6zLue

    — ANI_HindiNews (@AHindinews) August 27, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

বিষয়াগৰাকীয়ে জনোৱা মতে সন্দেহযুক্ত এছএফজে কৰ্মীসকলে দিল্লীৰ একাধিক মেট্ৰ' ষ্টেচন শিৱাজী পাৰ্কৰ পৰা পাঞ্জাৱী বাগলৈকে খালিস্তান পন্থী শ্ল'গান লিখিছে । মেট্ৰ' ষ্টেচনবোৰত খালিস্তান পন্থী শ্ল'গান লিখা বিষয়ত আৰক্ষীয়ে কয় যে তেওঁলোকে আইন অনুসৰি বিষয়টোত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰি আছে । দিল্লীত বি-২০ সন্মিলন অনুষ্ঠিত কৰাৰ সময়তে এই ঘটনা সংঘটিত হোৱাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

  • #WATCH महाराजा सूरजमल स्टेडियम मेट्रो स्टेशन की दीवार पर लिखे खालिस्तान समर्थक नारे दिल्ली पुलिस द्वारा हटाए जा रहे हैं। https://t.co/KtG6alisbg pic.twitter.com/12cvIwaMN5

৩ দিনীয়া বি-২০ সন্মিলন ২৫ আগষ্টত আৰম্ভ হৈছিল আৰু দেওবাৰে সমাপ্ত হ'ব । অনুষ্ঠানটোত ৫৫ খন দেশৰ পৰা ১,৫০০ তকৈও অধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছে । ইফালে অহা মাহত ৰাষ্ট্ৰীয় ৰাজধানীত জি-২০ সন্মিলনত প্ৰায় ১৮ গৰাকী ৰাষ্ট্ৰপ্ৰধান উপস্থিত থাকিব বুলি আশা কৰা হৈছে । আমেৰিকাৰ ৰাষ্ট্ৰপতি জ' বিডেন, চীনৰ প্ৰধানমন্ত্ৰী ঝি জিনপিং, কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডো আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'নকে ধৰি বহু ৰাষ্ট্ৰপ্ৰধান আৰু কূটনীতিবিদে জি-২০ নেতা সন্মিলনত অংশগ্ৰহণ কৰিব বুলি আশা কৰা হৈছে ।

লগতে পঢ়ক :Atiq Ashraf murder case: আতিক-আশ্ৰফ হত্যাৰ তদন্তত ১.৩৪ কোটি ব্যয় যোগী চৰকাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.