ETV Bharat / bharat

Child death in train: উন্নত চিকিৎসাৰ বাবে গৈ থকা অৱস্থাত ৰে'লতে মৃত্যু ৩ বছৰীয়া শিশুৰ

author img

By ETV Bharat Assamese Team

Published : Aug 31, 2023, 10:24 AM IST

বৃক্ক সংৰোপণৰ বাবে দিল্লীলৈ লৈ যোৱা হৈছিল ৩ বছৰীয়া কৃষ্ণ কাৰ্তিকেয়াৰক । পৰিয়ালৰ লগতে ৰে'লত চিকিৎসকৰ দলো আছিল । অক্সিজেনৰ অভাৱৰ বাবে শিশুটোৰ মৃত্যু হোৱাৰ অভিযোগ ।

Child death in train
উন্নত চিকিৎসাৰ বাবে গৈ থকা অৱস্থাত ৰে'লতে মৃত্যু ৩ বছৰীয়া শিশুৰ

নেশ্যনেল ডেস্ক,৩১ আগষ্ট : উত্তৰ প্ৰদেশৰ ফিৰোজাবাদৰ তেজছ এক্সপ্ৰেছ ৰে'লত শোকাৱহ ঘটনা । জৰুৰী চিকিৎসাৰ বাবে দিল্লীলৈ লৈ যোৱা ৩ বছৰীয়া এটি অসুস্থ শিশুৰ যাত্ৰাপথতে মৃত্যু হয় । পৰিয়ালে শিশুটোৰ বৃক্ক সংৰোপণৰ বাবে বিহাৰৰ পৰা দিল্লীলৈ লৈ গৈ আছিল । পিতৃ-মাতৃৰ লগতে চিকিৎসকৰ দলো শিশুটোৰ লগত ৰে'লত আছিল ।

শিশুটোৰ অভিভাৱকে অভিযোগ কৰা মতে চিকিৎসকৰ দলটোৱে শিশুটোক জৰুৰীভাৱে প্ৰয়োজন হোৱাৰ সময়ত অক্সিজেন প্ৰয়োগ কৰা নাছিল । শিশুটোৰ পৰিয়ালৰ সদস্যসকলে এলাৰ্ম বজাই দিয়াৰ পাছত তেজছ ৰে'লখন ফিৰোজাবাদৰ টুণ্ডলা ৰে'ল ষ্টেচনত ৰখাই দিয়া হৈছিল । শিশুটোৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে । পৰিয়ালৰ সদস্যসকলে চিকিৎসকৰ দলটোৰ ওপৰত অৱহেলাৰ অভিযোগ উত্থাপন কৰিছে । অভিযোগটোৰ ভিত্তিত আৰক্ষীয়ে চিকিৎসা সঁজুলি, ভেণ্টিলেটৰ আৰু অক্সিজেন চিলিণ্ডাৰ জব্দ কৰিছে আৰু তদন্ত আৰম্ভ কৰিছে ।

ঝাৰখণ্ডৰ গিৰিদিহ জিলাৰ নীমাদিহ আৰক্ষী থানাৰ অন্তৰ্গত এটা অঞ্চলৰ বাসিন্দা পৱন কুমাৰ গুপ্তাৰ ৩ বছৰীয়া সন্তান কৃষ্ণ কাৰ্তিকেয়াৰ স্বাস্থ্যৰ অৱস্থা হঠাতে অৱনতি ঘটিছিল । পাটনাত তেওঁৰ চিকিৎসা চলি আছিল । কিন্তু যেতিয়া শিশুটোৰ স্বাস্থ্যৰ যথেষ্ট অৱনতি হৈছিল, তেওঁক দিল্লীলৈ প্ৰেৰণ কৰা হৈছিল । পৱন কুমাৰে তেওঁৰ পত্নী নীলু দেৱী আৰু পিতৃ চাহুলালৰ সৈতে শিশুটোক তেজস এক্সপ্ৰেছত দিল্লীলৈ লৈ গৈ আছিল ।

শিশুটোক অক্সিজেন চিলিণ্ডাৰ আৰু ভেণ্টিলেটৰৰ সৈতে চিকিৎসকৰ ৰক্ষণাবেক্ষণত লৈ যোৱা হৈছিল । পৰিয়ালটোৱে অভিযোগ কৰা মতে ৰে'লখনত থকা চিকিৎসকৰ দলটোৱে সন্তানৰ সঠিক যত্ন লোৱা নাছিল । অৱশ্যে আৰক্ষীয়ে এই সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে । তদন্তৰ পাছত হে জানিব পৰা যাব শিশুটোৰ মৃত্যুৰ কাৰণ কি আছিল ।

লগতে পঢ়ক :Tragic road accident: মাণিকপুৰত তিনিখন বাহনৰ মাজত সংঘৰ্ষ; নিহত 1 আহত 3

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.