নিউজ ডেস্ক, 22 মাৰ্চ: দেওবাৰে নিশা জম্মু-কাশ্মীৰৰ চোপিয়ান জিলাৰ মনিহিল বাটাপুৰা অঞ্চলত চলা সুৰক্ষা বাহিনীৰ অভিযানত দুজনকৈ সন্ত্ৰাসবাদী নিহত হয় ৷ অঞ্চলটোত সন্ত্ৰাসবাদীৰ আত্মগোপনৰ তথ্য লাভৰ পিছতেই অভিযান চলাইছিল সেনাই ৷ এই অভিযানৰ সময়তেই সন্ত্ৰাসবাদী কেইজনে সুৰক্ষা বাহিনীলৈ লক্ষ্য কৰি গুলিচালনা কৰে আৰু ইয়াৰ পিছতে সেনাৰ গুলিত নিহত হয় আটাইকেইটা সন্ত্ৰাসবাদী ৷
এই ঘটনাৰ পিছতেই জিলাখনত বন্ধ কৰি দিয়া হৈছে ম’বাইল ইন্টাৰনেট সেৱা ৷ স্থানীয় লোকে জনোৱা অনুসৰি, দেওবাৰে নিশা প্ৰায় 9.30 বজাত সেনাৰ 34 ৰাষ্ট্ৰীয় ৰাইফল, চিআৰপিএফৰ 178 বেটেলিয়ন, জম্মু-কাশ্মীৰ আৰক্ষীয়ে যুটীয়াভাৱে মনিহিল বাটাপুৰাৰ ইমাম চাহিব অঞ্চলত অভিযান চলাইছিল ৷
সেনাৰ সূত্ৰই জানিবলৈ দিয়া অনুসৰি, অঞ্চলটোত 3/4 জন সন্ত্ৰাসবাদীয়ে আত্মগোপন কৰি থকাৰ তথ্য লাভ কৰিছিল সেনাই ৷ ইয়াৰ পৰিপ্ৰেক্ষিততে সেনাই ঘৰে ঘৰে গৈ অভিযান চলায় ৷ ফলত এটা ঘৰত আত্মগোপন কৰি থকা সন্ত্ৰাসবাদী কেইজনে অভিযানকাৰী দলটোলৈ লক্ষ্য কৰি গুলিচালনা কৰে ৷ অৱশেষত সেনাৰ গুলিত নিহত হয় আটাইকেইটা সন্ত্ৰাসবাদী ৷ এই অভিযানত এজন সেনা জোৱানো আহত হৈছে ৷