ETV Bharat / bharat

Woman pilgrim struck dead by shooting stones: অমৰনাথত শিল খহি মৃত্যু মহিলা তীৰ্থযাত্ৰীৰ

অমৰনাথ যাত্ৰাৰ পথত শিল খহি মহিলা তীৰ্থযাত্ৰীৰ মৃত্যু ৷ মহিলাগৰাকীক উদ্ধাৰ অভিযানৰ সময়ত গুৰুতৰভাৱে আহয় হয় উদ্ধাৰকাৰী দলৰ দুজন সদস্য ৷ তেওঁলোকক বিমানেৰে তৎকালীনভাৱে চিকিৎসালয়লৈ লৈ প্ৰেৰণ । আৰক্ষী সঞ্চালক প্ৰধানৰ শোক প্ৰকাশ ৷

Woman pilgrim struck dead by shooting stones
অমৰনাথত শিল খহি মৃত্যু মহিলা তীৰ্থযাত্ৰীৰ
author img

By

Published : Jul 16, 2023, 11:20 AM IST

নিউজ ডেস্ক, ১৬ জুলাই: অমৰনাথ যাত্ৰাৰ সময়ত জম্মু-কাশ্মীৰৰ অনন্তনাগত পাহাৰৰ শিল খহি এগৰাকী মহিলা তীৰ্থযাত্ৰীৰ মৃত্যু হয় । মৃত মহিলাগৰাকী লক্ষ্মী নাৰায়ণৰ কন্যা উৰ্মিলাবেন(৫৩) বুলি চিনাক্ত কৰা হৈছে । মহিলা তীৰ্থযাত্ৰীগৰাকীয়ে পবিত্ৰ গুহাৰ ফালে খোজকাঢ়ি যাত্ৰা কৰি থকা সময়ত সঙ্গম টপ আৰু ল'ৱাৰ কেভৰ মাজত শিল খহি পৰাত মহিলাগৰাকী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷ তেওঁক থৎকালীনভাৱে চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে ৷

মহিলাগৰাকীক উদ্ধাৰ কৰিবলৈ চেষ্টা কৰা সময়ত জম্মু-কাশ্মীৰ আৰক্ষীৰ মাউণ্টেইন ৰেচকিউ দলৰ আন দুজন সদস্য গুৰুতৰভাৱে আহত হয় ৷ আহত দুজন মহম্মদ চালেম আৰু মহম্মদ য়াছিন বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে । মাউণ্টেইন ৰেচকিউ দলৰ আঘাতপ্ৰাপ্ত দুজনক হেলিকপ্টাৰৰ সহায়ত তৎকালীনভাৱে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷

আৰক্ষী সঞ্চালক প্ৰধান (ডিজিপি) দিলবাগ সিঙে মহিলা তীৰ্থযাত্ৰীগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰে আৰু শোকসন্তপ্ত পৰিয়ালৰ সদস্যসকললৈ সমবেদনা জ্ঞাপন কৰে । ইফালে মহিলাগৰাকী উদ্ধাৰ অভিযানৰ সময়ত জম্মু-কাশ্মীৰ আৰক্ষীৰ মাউণ্টেইন ৰেচকিউ দলৰ সদস্য দুজন দেখুওৱা তৎপৰতা তথা কৰ্মদক্ষতাক প্ৰশংসা কৰে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে ৷ তেওঁ মহম্মদ চালেম আৰু মহম্মদ য়াছিনৰ দ্ৰুত আৰোগ্য কামনা কৰে ৷

দক্ষিণ কাশ্মীৰ হিমালয়ৰ অমৰনাথৰ গুহা তীৰ্থস্থান ১ জুলাইৰ পৰা ভক্তৰ দৰ্শনাৰ্থে মুকলি কৰা হৈছিল ৷ ৬২ দিনীয়া এই তীৰ্থযাত্ৰা ৩১ আগষ্টত সমাপ্ত পৰিব । বাৰ্ষিক অমৰনাথ যাত্ৰাৰ অংশ হিচাপে শনিবাৰে প্ৰায় ২১,৪০০ তীৰ্থযাত্ৰীয়ে পবিত্ৰ গুহাত প্ৰাৰ্থনা কৰে । বেছ কেম্পৰ পৰা প্ৰায় ১৩ হাজাৰ ফুট উচ্চতাত দক্ষিণ কাশ্মীৰ হিমালয়ত অৱস্থিত পবিত্ৰ অমৰনাথ গুহা মন্দিৰলৈ ১২ কিলোমিটাৰ ট্ৰেকিং কৰি তীৰ্থযাত্ৰীসকলে ভগৱান শিৱৰ চৰণত উপস্থিত হ'ব ।

লগতে পঢ়ক: Amarnath Yatra 2022 : জম্মু-কাশ্মীৰ প্ৰশাসনক তীৰ্থযাত্ৰীসকলৰ সুৰক্ষাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.