ETV Bharat / bharat

পশ্চিমবংগৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা নকৰে শিৱ সেনাই - শিৱ সেনা

পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে শিৱ সেনাই । নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হোৱাৰ পৰিৱৰ্তে শিৱ সেনাই পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীলৈ সমৰ্থন আগবঢ়াৱ ।

পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা নকৰাৰ সিদ্ধান্ত গ্ৰহণ শিৱ সেনাৰ

author img

By

Published : Mar 4, 2021, 7:08 PM IST

নেশ্যনেল ডেস্ক, ৪ মাৰ্চ: এইবাৰ পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনত তৃণমূল কংগ্ৰেছক পূৰ্ণ সমৰ্থন আগবঢ়াৱ উদ্ধৱ থাকৰে নেতৃত্বাধীন শিৱ সেনাই । বৃহস্পতিবাৰে দলটোৰ নেতা তথা ৰাজ্যসভাৰ সাংসদ সঞ্জয় ৰাৱতে কয় যে, আগন্তুক নিৰ্বাচনত পশ্চিমবংগৰ কোনো সমষ্টিতে শিৱ সেনাই প্ৰাৰ্থী প্ৰক্ষেপ নকৰাৰ সিদ্ধান্ত লৈছে । টুইটযোগে তেওঁ কয় যে, শিৱ সেনাই পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনত যুঁজ দিব নে নাই সেই বিষয়ে জানিবলৈ বহু লোকেই আগ্ৰহী ।

পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা নকৰাৰ সিদ্ধান্ত গ্ৰহণ শিৱ সেনাৰ
পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা নকৰাৰ সিদ্ধান্ত গ্ৰহণ শিৱ সেনাৰ

গতিকে দলৰ মুৰব্বী উদ্ধৱ থাকৰেৰ সৈতে এই বিষয়ত আলোচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । বৰ্তমানৰ পৰিস্থিতিলৈ লক্ষ্য কৰিলে এইবাৰ নিৰ্বাচনী যুঁজ 'দিদি বনাম সকলো' অৰ্থাৎ ধন, সংবাদ মাধ্যম আৰু শক্তিৰে মমতা বেনাৰ্জীৰ বিৰুদ্ধে যুঁজ দিয়া পৰিলক্ষিত হৈছে বুলি ৰাৱতে টুইটত উল্লেখ কৰিছে । সেয়েহে, এইবাৰ শিৱ সেনাই পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।

লগতে মমতা বেনাৰ্জীলৈ সমৰ্থন আগবঢ়াৱ বুলিও তেওঁ স্পষ্ট কৰি দিয়ে । মমতা বেনাৰ্জীক 'প্ৰকৃত বেংগল টাইগাৰ' আখ্যা দিলে সঞ্জয় ৰাৱতে । উল্লেখ্য যে, পশ্চিমবংগত অহা ২৭ মাৰ্চ, ১ এপ্ৰিল, ৬ এপ্ৰিল, ১০ এপ্ৰিল, ১৭ এপ্ৰিল, ২২ এপ্ৰিল, ২৬ এপ্ৰিল আৰু ২৯ এপ্ৰিলত আঠটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু অহা ২ মে'ত ভোটগণনা সম্পন্ন হ'ব ।

লগতে পঢ়ক:অহা ৩ মে'ত পশ্চিমবংগৰ ৰাইজে বিজেপিৰ মুখ্যমন্ত্ৰী লাভ কৰিবঃ তেজস্বী সূৰ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.