ETV Bharat / bharat

ৰাষ্ট্ৰপতি ভৱনত শ্বেখ হাছিনাক উষ্ম আদৰণি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

ভাৰত ভ্ৰমণৰ দ্বিতীয়টো দিনত বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক মঙলবাৰে পুৱা ৰাষ্ট্ৰপতি ভৱনত আনুষ্ঠানিকভাৱে আদৰণি জনায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে (Sheikh Hasina welcome at Rashtrapati Bhavan) ।

author img

By

Published : Sep 6, 2022, 10:27 AM IST

Updated : Sep 6, 2022, 10:59 AM IST

Modi
Modi

নিউজ ডেস্ক, ৬ ছেপ্টেম্বৰ : চাৰিদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণলৈ অহা বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক (Bangladesh PM Sheikh Hasina visit to India) মঙলবাৰে পুৱা ৰাষ্ট্ৰপতি ভৱনত আনুষ্ঠানিকভাৱে আদৰণি জনোৱা হয় (Sheikh Hasina welcome at Rashtrapati Bhavan) ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে তেওঁক ৰাষ্ট্ৰীয় ৰাজধানীৰ ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ত অভ্যৰ্থনা জনায় (PM Narendra Modi received Sheikh Hasina)।

উল্লেখ্য, বাংলাদেশৰ প্ৰধানমন্ত্ৰী হাছিনা সোমবাৰে আহি ভাৰতত উপস্থিত হয় । নিজৰ ভ্ৰমণকালৰ প্ৰথম দিনটোত তেওঁক বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে আমন্ত্ৰণ জনায় (Hasina met External Affairs Minister S Jaishankar) ।

তেওঁ নিজৰ ভাৰত ভ্ৰমণৰ সময়ছোৱাত ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মু আৰু উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰক লগ কৰাৰ কথা আছে । তেওঁ মঙলবাৰে দিনটোৰ শেষৰ ফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে এক দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব (Sheikh Hasina bilateral meeting with Narendra Modi) ।

উল্লেখ্য, ২০২১ চনত দুয়োখন ৰাষ্ট্ৰৰ দ্বিপাক্ষিক সম্পৰ্কই ৫০ সংখ্যক বৰ্ষ স্পৰ্শ কৰাৰ পিছত এয়া হৈছে শ্বেখ হাছিনাৰ প্ৰথম ভাৰত ভ্ৰমণ (50 years of Indo Bangladesh bilateral relations) । যোৱা বছৰ বাংলাদেশৰ স্বাধীনতাৰ ৫০ সংখ্যক বাৰ্ষিকী (50th anniversary of Bangladesh independence) আৰু ৰাষ্ট্ৰখনৰ প্ৰতিষ্ঠাপক তথা শ্বেখ মুজিবুৰ ৰহমানৰ ১০০ সংখ্যক জন্ম জয়ন্তীও উদযাপন কৰা হৈছিল (100th birth anniversary of Sheikh Mujibur Rahman) ।

আনহাতে, প্ৰধানমন্ত্ৰী মোডীয়ে ২০২১ চনত বাংলাদেশ ভ্ৰমণ কৰে (PM Modi visited Bangladesh) । দিল্লী আৰু ঢাকাকে ধৰি বিশ্বৰ ২০ খন ৰাজধানীত মৈত্ৰী দিৱস উদযাপন কৰা হৈছিল (Maitri Diwas celebrations) । এইখিনিতে উল্লেখ কৰিবলগীয়া যে দুয়োখন দেশৰ প্ৰধানমন্ত্ৰী দুগৰাকীয়ে ২০১৫ চনৰ পৰা ১২ বাৰ সাক্ষাৎ কৰিছে ।

উল্লেখ্য, বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ এয়া প্ৰায় তিনি বছৰৰ মূৰত ভাৰত ভ্ৰমণ। চাৰিদিনীয়া ভ্ৰমণসূচীত দুয়োখন দেশৰ মাজত ৭ খন চুক্তি স্বাক্ষৰ হোৱাৰ সম্ভাৱনা আছে । সংবাদ সংস্থাৰ সূত্ৰ অনুসৰি, জল আবণ্টন, ৰে'ল, বিজ্ঞান প্ৰযুক্তিকে ধৰি সাতখন চুক্তি স্বাক্ষৰ হোৱাৰ সম্ভাৱনা আছে । হাছিনাৰ ভাৰত ভ্ৰমণৰ পূৰ্বে বাংলাদেশৰ বৈদেশিক মন্ত্ৰী এ কে আব্দুল মোমেনে দেওবাৰে এই কথা কয় ।

তেওঁ কয়, "শ্বেখ হাছিনাৰ ভ্ৰমণ সফল হʼব বুলি আশা কৰিছোঁ । এই ভ্ৰমণে আমাক আমাৰ লক্ষ্যত উপনীত হোৱাত সহায় কৰিব ।" বাংলাদেশৰ বৈদেশিক মন্ত্ৰীগৰাকীয়ে কয় যে দুয়োখন দেশৰ ৰাজ্যিক নেতাসকলৰ সৈতেও শক্তিৰ বিষয়ে আলোচনা কৰিব পাৰে ।

উল্লেখ্য, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণত সোমবাৰে ভাৰতলৈ আহিছে হাছিনা । আনহাতে, ভাৰত ভ্ৰমণৰ পূৰ্বে সংবাদ সংস্থা এ এন আইক দিয়া এক সাক্ষাৎকাৰত হাছিনাই জল আবণ্টনৰ বিষয়টো সন্দৰ্ভতো মন্তব্য কৰে । তেওঁ কয়, "মই ভাবোঁ এই সমস্যা সমাধান কৰা উচিত । এইটো এটা দীৰ্ঘদিনীয়া সমস্যা । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীও এই সমস্যা সমাধানৰ বাবে আগ্ৰহী ।”

লগতে পঢ়ক :অসমৰ মুখ্যমন্ত্ৰী তথা পত্নীৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগত প্ৰতিবাদ কংগ্ৰেছৰ

Last Updated : Sep 6, 2022, 10:59 AM IST

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.