আগৰতলা, 15 জুলাই : দেশজুৰি ক্ৰমাৎ বৃদ্ধি হৈছে ক'ভিড 19 ত আক্ৰান্তৰ সংখ্যা ৷ দেশৰ অন্য ৰাজ্যসমূহৰ লগতে ত্ৰিপুৰাত দ্ৰুতগতিত বৃদ্ধি পাইছে ক'ভিড পডজিটিভত আক্ৰান্তৰ সংখ্যা ৷ ৰাজ্যখনত যোৱা 24 ঘণ্টাত 200 তকৈও অধিক লোক নতুনকৈ কৰ'ণাত আক্ৰান্ত হৈছে (Covid cases rises in Tripura)৷
ৰাজ্যখনৰ স্বাস্থ্য বিভাগৰ এক তথ্য অনুসৰি বৰ্তমানলৈ ত্ৰিপুৰাত ক'ভিডত সক্ৰিয় ৰোগীৰ সংখ্যা 584 গৰাকী ৷ ইয়াৰ পৰিৱৰ্তে যোৱা 24 ঘণ্টাত ক'ভিড আক্ৰান্ত হোৱা মাত্ৰ 17 গৰাকী ৰোগী আৰোগ্য হৈছে ।
আনহাতে পশ্চিম ত্ৰিপুৰাত কৰ'ণা মহামাৰীৰ সৰ্বাধিক সংক্ৰমণৰ ঘটনাই ৰাজ্যখনক আতংকিত কৰি তুলিছে ৷ স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি 24 ঘণ্টাত আৰটি-পিচিআৰ ৰ দ্বাৰা 90 টা আৰু দ্ৰুত এণ্টিজেনৰ দ্বাৰা 1,903 টা নমুনা পৰীক্ষা কৰা হৈছিল ৷ ইয়াৰ ভিতৰত, আৰটি-পিচিআৰত 8 জন আৰু ৰেপিড এণ্টিজেনত 206 জন লোক কৰ'ণাত আক্ৰান্ত হৈছে ৷ সম্প্ৰতি পশ্চিম ত্ৰিপুৰা অঞ্চলত দৈনিক সংক্ৰমণৰ হাৰ 10.47 শতাংশ ৷
পশ্চিম ত্ৰিপুৰাত 141 জন, চেপাহিজালা জিলাত 17 জন, খোৱাই জিলাত 2 জন, গোমতী জিলাত 18 জন, ধলাই জিলাত 8 জন, উত্তৰত 8 জন, উনাকোটিত 10 জন আৰু দক্ষিণ ত্ৰিপুৰাত 11 জন লোক আক্ৰান্ত হৈছে ৷
15 জুলাইলৈকে ত্ৰিপুৰাত প্ৰায় 101544 জন লোক কৰ'ণাত আক্ৰান্ত হৈছে ৷ তাৰে ভিতৰত 99971 গৰাকী আৰোগ্য হৈ উঠিছে ৷ এতিয়ালৈকে কৰ'ণাৰ ফলত ৰাজ্যখনত মুঠ 920 জন লোকৰ মৃত্যু হৈছে ।
লগতে পঢ়ক : Tamil Nadu CM Covid positive : তামিলনাডুৰ মুখ্যমন্ত্ৰী ক'ভিডত আক্ৰান্ত