ETV Bharat / bharat

Sharad Pawar Update : পদত্যাগৰ সিদ্ধান্ত প্ৰত্যাহাৰ শাৰদ পাৱাৰৰ - নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টিৰ মুৰব্বী

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টিৰ সভাপতি শাৰদ পাৱাৰে পদত্যাগ প্ৰত্যাহাৰৰ সিদ্ধান্ত ঘোষণা কৰিছে । লাখ লাখ এনচিপি কৰ্মীয়ে দাবী কৰাৰ বাবেই পদত্যাগ প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে বুলি জানিবলৈ দিয়ে সভাপতিগৰাকীয়ে (sharad pawar news)

Etv Bharat
Etv Bharat
author img

By

Published : May 5, 2023, 7:24 PM IST

নেশ্যনেল ডেস্ক, 5 মে’ : শুকুৰবাৰে শাৰদ পাৱাৰে নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টিৰ মুৰব্বী হিচাপে নিজৰ পদ প্ৰত্যাহাৰ কৰে । “আপোনালোকৰ আৱেগৰ প্ৰতি মই অসন্মান প্ৰদৰ্শন কৰিব নোৱাৰো । আপোনালোকে মোৰ প্ৰতি দেখুওৱা মৰমৰ বাবেই মই মোৰ পদত্যাগৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ যি দাবী উত্থাপন হৈছিল আৰু এন চি পিৰ জ্যেষ্ঠ নেতাসকলে যি প্ৰস্তাৱ গৃহীত কৰিছিল তাৰ প্ৰতি মই মোৰ সন্মান জনাইছো’’- NCPৰ মুৰব্বী হৈ থকাৰ সিদ্ধান্ত গ্ৰহণ কৰি শাৰদ পাৱাৰ এনেদৰে কয় (Sharad Pawar has withdrawn his resignation) ৷

উল্লেখ্য যে, নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি শাৰদ পাৱাৰে পদত্যাগৰ ঘোষণা কৰাৰ লগে লগে ৰাজনৈতিক মহলত সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ (Sharad Pawar resigns NCP)। তদুপৰি,নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টিয়েও সভাপতিগৰাকীৰ সিদ্ধান্তৰ প্ৰতি তীব্ৰ অসন্তুষ্টি প্ৰদৰ্শন কৰা পৰিলক্ষিত হৈছিল । জেষ্ঠ ৰাজনৈতিক নেতাগৰাকীয়ে পদত্যাগ প্ৰত্যাখ্যান কৰাৰ পিচতে দলৰ প্ৰতিষ্ঠাপকগৰাকীক শীৰ্ষস্থানতে থাকিবলৈ আহ্বান জনোৱাৰ সিদ্ধান্ত লৈছে দলৰ শীৰ্ষ নেতাসকলে ।

ইতিমধ্যে এনচিপিৰ মূল সমিতিয়ে জ্যেষ্ঠ নেতা তথা দলৰ প্ৰতিষ্ঠাপকগৰাকীক শীৰ্ষস্থানত থাকিবলৈ আহ্বান জনাই এক প্ৰস্তাৱ গ্ৰহণ কৰিছে বুলিও জানিবলৈ পৰা গৈছে । সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাতত এন চি পিৰ উপ-সভাপতি প্ৰফুল পেটেলে কয় যে শাৰদ পাৱাৰে মঙলবাৰে পদত্যাগৰ কথা ঘোষণা কৰাৰ পাচত নতুন দলৰ সভাপতি নিৰ্বাচনৰ বাবে দলৰ নেতাসকলৰ মাজত এখন সমিতি গঠন কৰা হৈছে । বৈঠকত সৰ্বসন্মতমৰ্মে এক প্ৰস্তাৱ গৃহীত কৰা হয় য'ত তেওঁৰ পদত্যাগ প্ৰত্যাখ্যান কৰা হয় (NCP rejects Sharad Pawar resignation)।

লগতে, শাৰদ পাৱাৰে দলৰ আন সদস্যসকলক অৱগত নকৰাকৈ পদত্যাগৰ সিদ্ধান্ত লৈছিল বুলিও সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে । এনচিপি নেতাসকলৰ উপৰিও সমগ্ৰ দেশৰ ৰাজনৈতিক দলৰ নেতাসকলেও তেওঁক একেটা পদতে থাকিবলৈ অনুৰোধ জনাইছে বুলি জানিবলৈ পৰা গৈছে (NCP leader Sharad Pawar) ।

লগতে পঢ়ক : Sharad Pawar resignation : শৰদ পাৱাৰৰ পদত্যাগ প্ৰত্যাখ্যান এনচিপিৰ মূল সমিতিৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.