ETV Bharat / bharat

Father sexually abusing his son: পুত্ৰক যৌন নিৰ্যাতন চলোৱা পিতৃক দোষী সাব্যস্ত ফাষ্ট ট্ৰেক আদালতৰ

author img

By

Published : Jun 23, 2023, 1:58 PM IST

Updated : Jun 23, 2023, 2:16 PM IST

যৌন নিৰ্যাতন চলোৱা পিতৃক 90 বছৰৰ কঠোৰ কাৰাদণ্ড আৰু 1.25 লাখ টকাৰ জৰিমনা বিহা হয় ৷ ফাষ্ট ট্ৰেক আদালতে প্ৰদান কৰে এই ৰায় ৷

Sexually assaulting 8 year old boy
পুত্ৰক যৌন নিৰ্যাতন চলোৱা পিতৃ দোষী সাব্যস্ত ফাষ্ট ট্ৰেক আদালতত দোষী সাব্যস্ত

নেশ্যনেল ডেস্ক, 23 জুন : পুত্ৰক যৌন নিৰ্যাতন চলোৱা পিতৃক কাৰাদণ্ড ৷ POSCO ফাষ্ট ট্ৰেক আদালতৰ ন্যায়াধীশ কে ৰাজেশে 90 বছৰৰ কঠোৰ কাৰাদণ্ড আৰু 1.25 লাখ টকাৰ জৰিমনা বিহা হৈছে । কেৰালা জিলাৰ তালিপাৰম্বাৰ এখন ফাষ্ট ট্ৰেক আদালতৰ ন্যায়াধীশ কে ৰাজেশে এই শাস্তি প্ৰদান কৰে । 2018 চনত জিলাখনৰ পাইয়ানুৰ থানা এলেকাত সংঘটিত হৈছিল এই নিৰ্যাতনৰ ঘটনা ।

এজাহাৰখনত উল্লেখ কৰা হৈছে যে 8 বছৰীয়া পুত্ৰক পিতৃয়ে কেইবাবাৰো যৌন নিৰ্যাতন চলাইছে বুলি । তেতিয়াৰ পায়ন্নুৰ উপ-পৰিদৰ্শক কে পি শ্বাইনে এজাহাৰৰ ভিত্তিত গোচৰ পঞ্জীয়ন কৰি অভিযুক্তক গ্ৰেপ্তাৰ কৰে । ইয়াৰ পিছতে পায়ন্নুৰ আৰক্ষী পৰিদৰ্শক কে বিনোদ কুমাৰে তদন্ত কৰি প্ৰতিবেদন দাখিল কৰে । POSCO আদালতে পাঁচটা ধাৰাত 90 বছৰৰ কঠোৰ কাৰাদণ্ড আৰু 1.25 লাখ টকাৰ জৰিমনা বিহে দোষীৰ বিৰুদ্ধে ।

ইফালে, জিলাখনৰ থ্ৰিছুৰত 10 বছৰীয়া ল’ৰাক যৌন নিৰ্যাতন চলোৱা 64 বছৰীয়া যুৱকক 95 বছৰৰ কঠোৰ কাৰাদণ্ড আৰু চাৰে চাৰি লাখ টকাৰ জৰিমনা বিহা হয় । চালাক্কুডি POSCO আদালতে দোষী সাব্যস্ত কৰে পুথানচিৰাৰ সমীপৰ হাইড্ৰ'ছৰ বাসিন্দা মালা । ভুক্তভোগীক জৰিমনা সম্পূৰ্ণকৈ আদায় দিবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে ।

ঘটনাৰ সময় 2018 বৰ্ষ । উল্লেখ্য যে, দোষীয়ে চৰাই ধৰি দোকানৰ জৰিয়তে বিক্ৰী কৰিছিল । ভুক্তভোগী ছাত্ৰজনে অভিযুক্তৰ পৰা ভাটৌ কিনিবলৈ আহিছিল । ইয়াৰ মাজতে অভিযুক্তই শিশুটিক ভাবুকি দিয়াৰ লগতে বহুবাৰ যৌন নিৰ্যাতন চলাইছিল । দোষীয়ে ল’ৰাটোক এবছৰ ধৰি যৌন শোষণ চলাইছিল । অপৰাধ সংঘটিত হোৱাৰ সময়ত লোকজনৰ বয়স আছিল 60 বছৰ আৰু ল’ৰাজনৰ বয়স আছিল 10 বছৰ ।

অৱশেষত ল’ৰাটোৱে বন্ধুবৰ্গৰ আগত ঘটনাটো সন্দৰ্ভত জনোৱাত বন্ধুবৰ্গই লোকজনক জেৰা কৰিলে, যদিও লোকজনে ভাবুকি দি পঠিয়াই দিলে । ইয়াৰ পিচতে বন্ধুসকলে শিশুটিৰ পৰিয়ালক এই নিৰ্যাতনৰ বিষয়ে অৱগত কৰে । তাৰ পিছত পৰিয়ালৰ লোকে মালা আৰক্ষীত দোষীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে আৰু সেই এজাহাৰৰ ভিত্তিতেই চলা মোকদৰ্মাত দোষী সাব্যস্ত হোৱা দোষীক শাস্তি প্ৰদান কৰা হয় ৷

লগতে পঢ়ক : Flood in Naharkatia : নাহৰকটীয়াত কৃত্ৰিম বান; পৌৰপতিৰ বিৰুদ্ধে ক্ষোভ

Last Updated : Jun 23, 2023, 2:16 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.