ETV Bharat / bharat

Severe Heat Wave in Bihar : বিহাৰত প্ৰচণ্ড গ্ৰীষ্ম প্ৰৱাহ, হিট ষ্ট্ৰোকত ৪০ জনৰ মৃত্যু

author img

By

Published : Jun 18, 2023, 11:28 AM IST

বিহাৰৰ প্ৰায় ৩৫ খন জিলা গ্ৰীষ্ম প্ৰৱাহৰ কৱলত পৰিছে । যোৱা ৩ দিনত হিট ষ্ট্ৰোকত প্ৰায় ৪০ গৰাকী লোকৰ মৃত্যু হৈছে । এনে পৰিস্থিতিত চিকিৎসকে বিভিন্ন ধৰণৰ পৰামৰ্শ প্ৰদান কৰিছে ।

Severe Heat Wave in Bihar
বিহাৰত প্ৰচণ্ড গ্ৰীষ্ম প্ৰৱাহ

নেশ্যনেল ডেস্ক,১৮ জুন : প্ৰচণ্ড গৰমৰ কৱলত সমগ্ৰ বিহাৰ । গৰমে সাধাৰণ জীৱন যাত্ৰা কঠিন কৰি তুলিছে । ইজনৰ পাছত সিজন লোক হিট ষ্ট্ৰোকৰ চিকাৰ হোৱা দেখা গৈছে । যোৱা ৩ দিনত গ্ৰীষ্ম প্ৰৱাহৰ ফলত ৰাজ্যখনত প্ৰায় ৪০ গৰাকী লোকৰ মৃত্যু হৈছে ।

বিহাৰত গ্ৰীষ্ম প্ৰৱাহে যোৱা ১১ বছৰৰ অভিলেখ ভংগ কৰিছে । যোৱা ২৪ ঘণ্টাত ৰাজ্যখনৰ ৩৫ খন জিলা গ্ৰীষ্ম প্ৰৱাহৰ কৱলত পৰিছে । য'ত পাটনাকে ধৰি ৫ খন জিলাত নিশাৰ ভাগতো তীব্ৰ গৰম অনুভূত হৈছে । বতৰ বিজ্ঞান বিভাগে পৰৱৰ্তী ২৪ ঘণ্টাৰ বাবে তীব্ৰ গ্ৰীষ্ম প্ৰৱাহৰ বাবে হিট ষ্ট্ৰোকৰ সতৰ্কবাণী জাৰি কৰিছে ।

বতৰ বিজ্ঞান বিভাগে জনোৱা মতে যোৱা ২৪ ঘণ্টাত শ্বেখপুৰাত সৰ্বাধিক তাপমাত্ৰা আছিল ৪৫.১ ডিগ্ৰী চেলচিয়াছ । পাটনাত সৰ্বাধিক তাপমাত্ৰা আছিল ৪৪.০ ডিগ্ৰী চেলচিয়াছ । পাটনা, আৰৱাল, জেহানাবাদ, ভোজপুৰ, বাক্সাৰ, শ্বেখপুৰা, ৰোহতাছ, ভাবুৱা, ঔৰঙ্গাবাদ, নালন্দা আৰু নৱাদা অতি তীব্ৰ গ্ৰীষ্ম প্ৰৱাহৰ দ্বাৰা প্ৰভাৱিত হৈছে ।

বতৰ বিজ্ঞান কেন্দ্ৰৰ এগৰাকী বিজ্ঞানীয়ে জনোৱা মতে ১৯ জুনৰ পৰা ৰাজ্যখনৰ সৰ্বাধিক তাপমাত্ৰা সামান্য হ্ৰাস পাব আৰু গ্ৰীষ্ম প্ৰৱাহৰ দ্বাৰা প্ৰভাৱিত জিলাসমূহৰ সংখ্যাও কম হ'ব । তাৰ পছত কোনো ঠাইত বাৰিষাৰ আগমন হোৱা দেখা যাব । যাৰ বাবে ৰাজ্যখনৰ বহু ঠাইত বৰষুণ হোৱাৰো সম্ভাৱনা আছে ।

গ্ৰীষ্ম প্ৰৱাহৰ বাবে বহু লোক অসুস্থ হৈ পৰিছে । হিট ষ্ট্ৰোকৰ সংখ্যাও বৃদ্ধি পাইছে ৰাজ্যখনত । ৰাজ্যখনৰ এগৰাকী জ্যেষ্ঠ চিকিৎসকে জনোৱা মতে ৰাজ্যখনত গ্ৰীষ্ম প্ৰৱাহৰ প্ৰভাৱ আছে । আৰ্দ্ৰতাৰ সৈতে তাপমাত্ৰা ৪৮ ৰ পৰা ৫০ ডিগ্ৰী চেলচিয়াছ অতিক্ৰম কৰিছে । এনে পৰিস্থিতিত হিট ষ্ট্ৰোকৰ ঘটনা আৰু বিশেষকৈ ডায়েৰিয়া, ডিহাইড্ৰেচন আদি বৃদ্ধি হৈছে । এনে সময়ত শৰীৰত ইলেক্ট্ৰলাইটৰ অভাৱ দূৰ কৰিবলৈ ওআৰএছ আদি সেৱন কৰিবলৈ চিকিৎসকে পৰামৰ্থ দিছে ।

শৰীৰটোক হাইড্ৰেটেড কৰি ৰাখিবলৈ নিয়মীয়াকৈ পানী সেৱন কৰিবলৈ আহ্বান জনাইছে চিকিৎসকে । যিমান সম্ভৱ ১০ বজাৰ পৰা ৪ বজাৰ ভিতৰত ৰ'দত ওলাই নাযাবলৈও পৰামৰ্শ দিছে । সোনকালে হজম কৰিব পৰা খাদ্য খোৱাৰ লগতে তেল বা মচলাযুক্ত খাদ্য পৰিহাৰ কৰিবলৈ আহ্বান জনাইছে । বাহিৰলৈ যোৱাৰ সময়ত পাতল ৰঙৰ কপাহৰ কাপোৰ পিন্ধিবলৈ পৰামৰ্শ দিছে চিকিৎসকে ।

লগতে পঢ়ক :Heat Wave Alert in Bihar : বিহাৰত তীব্ৰ গ্ৰীষ্ম প্ৰৱাহৰ সতৰ্কবাণী; হিট ষ্ট্ৰোকত মৃত্যু ১২ জনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.