ETV Bharat / bharat

Kerala boat accident : কেৰালাৰ নাও দুৰ্ঘটনাত ২২ লোকৰ মৃত্যু

কেৰালাত নাও দুৰ্ঘটনা ৷ দেওবাৰে কেটুংগাল বিলত যাত্ৰী কঢ়িওৱা এখন যাত্ৰীবাহী নাও দুৰ্ঘটনাত পতিত হয় (Kerala boat accident) ৷ এই দুৰ্ঘটনাত বৰ্তমান পৰ্যন্ত ২২ লোকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে ৷ ইফালে এই দুৰ্ঘটনাক লৈ প্ৰধানমন্ত্ৰী শোক প্ৰকাশ কৰাৰ লগতে মৃতকৰ নিকটাত্মীয়ক দুই লাখ টকাৰ সাহাৰ্য দিয়াৰ ঘোষণা কৰে ।

author img

By

Published : May 8, 2023, 7:39 AM IST

Updated : May 8, 2023, 8:41 AM IST

Kerala boat accident update
কেৰালাৰ কেটুংগাল বিলত নাও দুৰ্ঘটনা

নেশ্যনেল ডেস্ক, ৮ মে’ : আকৌ নাও দুৰ্ঘটনা ৷ অসম নহয়, এইবাৰ নাও দুৰ্ঘটনা সংঘটিত হৈছে কেৰালাৰ মালাপ্পুৰম জিলাৰ তনুৰ অঞ্চলৰ অট্টুমপুৰামৰ সমীপৰ কেটুংগাল বিলত (Kerala boat accident) ৷ দেওবাৰে বিয়লি প্ৰায় ৭.৩০ বজাত সংঘটিত হয় এই দুৰ্ঘটনাটো (boat accident at Tanur Malappuram in Kerala) ।

বৰ্তমানলৈকে লাভ কৰা তথ্য অনুসৰি, এই দুৰ্ঘটনাটোত মহিলা আৰু শিশুসহ ২২ জন লোকৰ মৃত্যু হৈছে ৷ জানিব পৰা অনুসৰি, দুৰ্ঘটনাগ্ৰস্ত নাওখনত আছিল ২৫ জনতকৈ অধিক যাত্ৰী ৷ প্ৰাথমিক তথ্য অনুসৰি অত্যাধিক যাত্ৰী কঢ়িয়াই নিয়াৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হয় ।

আৰক্ষীৰ পৰা লাভ কৰা তথ্য অনুসৰি, এই দুৰ্ঘটনাৰ ফলত হোৱা মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে । এই নাও দুৰ্ঘটনাটোক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও শোক প্ৰকাশ কৰিছে ৷ লগতে প্ৰধানমন্ত্ৰীগৰাকীয়ে মৃতকৰ পৰিয়ালক দুই লাখ টকাকৈ সাহাৰ্য দিয়াৰ কথা ঘোষণা কৰিছে । কালিৰে (দেওবাৰ) পৰা বৰ্তমান পৰ্যন্ত ঘটনাস্থলীত উদ্ধাৰ অভিযান অব্যাহত আছে ।

আনহাতে, স্বাস্থ্যমন্ত্ৰী বীনা জৰ্জে নাও দুৰ্ঘটনাত আহতসকলৰ বাবে পৰ্যাপ্ত চিকিৎসাৰ ব্যৱস্থা আৰু প্ৰয়োজনত বিশেষজ্ঞক সকলো বিষয়বস্তু তন্ন তন্নকৈ পৰীক্ষা কৰিবলৈ স্বাস্থ্য বিভাগৰ সঞ্চালকক নিৰ্দেশ জাৰি কৰিছে । ইতিমধ্যে আহত কেবাজনো লোকক পৰপ্পানাংগাডি, থানুৰ, তিৰুৰ আৰু তিৰুৰংগাডীত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । ইফালে এই দুৰ্ঘটনাৰ খবৰ লাভ কৰাৰ পাচতে ঘটনাস্থলীত বহু ৰাইজৰ সমাগম হোৱা পৰিলক্ষিত হয় ৷ ফলত বিপুল জনসমাগম আৰু মাত্ৰাধিক যান-জটৰ বাবে উদ্ধাৰ অভিযানত কিছু বাধাৰ সৃষ্টি হয় ৷

এগৰাকী RTI কৰ্মীয়ে সংগ্ৰহ কৰা তথ্য অনুসৰি, ২০১৬ চনৰ পৰা ২০২১ চনৰ ভিতৰত কেৰালাত ১০,৪৫১ জন লোকৰ পানীত ডুব যোৱাৰ ফলত মৃত্যু হৈছে ৷ আনকি কেৰালত উক্ত সময়চোৱাত দুৰ্ঘটনাত পতিত হৈ ৮,১৬৯ জন আৰু আত্মহত্যাৰ ফলত ২,২৮২ জন লোকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে ।

আনহাতে, উক্ত সময়চোৱাত থ্ৰিছুৰ চহৰত পানীত ডুব যোৱাৰ ফলত সৰ্বাধিক লোকৰ মৃত্যু হোৱাৰ তথ্য লাভ কৰা হৈছে ৷

লগতে পঢ়ক : Manipur Violence: আগৰতলালৈ সুকলমে উভতিল মণিপুৰত অধ্যয়নৰত শিক্ষাৰ্থী

Last Updated : May 8, 2023, 8:41 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.