ETV Bharat / bharat

Buldhana accident : শুই থকা অৱস্থাতে ট্ৰাকে মহতিয়াই মাৰিলে 10 শ্ৰমিকক, আহত কেবাজনো

শোৱনি-পাটীতে ট্ৰাকে মহতিয়াই মাৰিলে 10 জনকৈ শ্ৰমিকক ৷ আহত কেবাজনো ৷ মুম্বাই-নাগপুৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনাটো । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত অভিযান ।

Several people killed and injured
ট্ৰাকে মহতিয়াই নিহত কৰিলে 10 শ্ৰমিকক
author img

By ETV Bharat Assamese Team

Published : Oct 2, 2023, 1:38 PM IST

নেশ্যনেল ডেস্ক, 2 অক্টোবৰ: মুম্বাই-নাগপুৰ ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ ভয়ংকৰ দুৰ্ঘটনা । মুম্বাই-নাগপুৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বুলধানাৰ খামগাঁও-মালকাপুৰৰ মাজৰ ভাডনেৰ গাঁৱৰ সমীপত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো । জানিব পৰা মতে, ঘাইপথৰ সমীপৰ জুপুৰীত শুই থকা অৱস্থাতে এখন ট্ৰাকে সংঘটিত কৰে দুৰ্ঘটনাটো ।

দুৰ্ঘটনাটোৰ ফলত 10 জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে কেবাজনো লোক গুৰুতৰভাৱে আহত হয় বুলি জানিব পৰা গৈছে । জানিব পৰা মতে, দুৰ্ঘটনাটোত নিহত আটাইকেইজনেই শ্ৰমিক । আটাইকেইজন আহত শ্ৰমিক মলকাপুৰ চৰকাৰী চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে । ট্ৰাক চালকজনে নিয়ন্ত্ৰণ হেৰুওৱাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হৈছে বুলি আৰক্ষীয়ে প্ৰাথমিক অনুমান প্ৰকাশ কৰিছে ৷ ঘটনাটো সংঘটিত হোৱাৰ পিচতে অঞ্চলটোৰ লোকৰ মাজত সৃষ্টি হৈছে তীব্ৰ ক্ষোভৰ ।

প্ৰাথমিক তথ্য অনুসৰি এই আটাইকেইজন শ্ৰমিক মধ্যপ্ৰদেশৰ বুলি জানিব পৰা গৈছে আৰু ঘাইপথটোৰ কাম কৰিবৰ বাবে উক্ত স্থানলৈ আহিছিল বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ । পুৱা 5.30 মান বজাত সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনাৰ ঘটনাটো । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত অভিযান। অৱশ্যে বৰ্তমানেও নিহত লোককেইজনৰ পৰিচয় পোহৰলৈ অহা নাই ।

দুৰ্ঘটনাৰ খবৰটো লাভ কৰাৰ লগে লগে সংশ্লিষ্ট গাঁৱৰ ৰাইজে ঘটনাস্থলীত গোট খায় আৰু অঞ্চলটোৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ঘটনাস্থলীত মোতায়েন কৰা হৈছে বৃহৎ সংখ্যক আৰক্ষী বাহিনী । বৰ্তমান আৰক্ষীয়ে ট্ৰাকখনৰ চালক বা মালিকৰ কোনো তথ্য প্ৰকাশ কৰা নাই ।

আৰক্ষীয়ে জনোৱা মতে, "বৰ্তমান আমি মৃতকৰ চিনাক্তকৰণ আৰু আহতসকলৰ চিকিৎসাৰ ওপৰত গুৰুত্ব আৰোপ কৰি আছো।"

লগতে পঢ়ক: NIA raids against Naxal: মাওবাদী নেতাক বিচাৰি মানৱাধিকাৰ কৰ্মীৰ ঘৰত নিয়াৰ অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.