ETV Bharat / bharat

Rajouri road accident : ৰাজৌৰীত ভয়ংকৰ দুৰ্ঘটনা, ৩ গৰাকী লোক নিহত - 3 killed in Rajouri accident

কোট্ৰাঙ্কাৰ পৰা ৰাজৌৰীলৈ গৈ থকা যাত্ৰীবাহী মিনিবাছ গভীৰ খাৱৈত বাগৰি পৰে । ফলত ৩ গৰাকী লোকৰ মৃত্যু হয় । ১৫ গৰাকী আহতক হাস্পতালত ভৰ্তি ।

Rajouri road accident
ৰাজৌৰীত ভয়ংকৰ দুৰ্ঘটনা
author img

By ETV Bharat Assamese Team

Published : Nov 6, 2023, 4:22 PM IST

নেশ্যনেল ডেস্ক,৬ নৱেম্বৰ : জম্মু আৰু কাশ্মীৰৰ ৰাজৌৰী জিলাত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । এখন যাত্ৰী মিনিবাছ দ' খাৱৈত বাগৰি পৰাৰ ফলত ৩ গৰাকী লোক নিহত হোৱাৰ খবৰ পোৱা গৈছে । আনহাতে দুৰ্ঘটনাটোত ১৫ গৰাকী লোক আহত হোৱা বুলি আৰক্ষীয়ে জনাইছে । দুৰ্ঘটনাটোৰ পাছতে অঞ্চলটোত অভাৱনীয় পৰিৱেশৰ সৃষ্টি হয় । স্থানীয় লোকসকলে বাহনখনত আৱদ্ধ লোকসকলক উদ্ধাৰৰ চেষ্টা চলায় । আটাইকেইজন আহতক চিকিৎসাৰ বাবে চৰকাৰী চিকিৎসা মহাবিদ্যালয় ৰাজৌৰীলৈ প্ৰেৰণ কৰা হৈছে ।

জানিব পৰা মতে সোমবাৰে জম্মু-কাশ্মীৰৰ ৰাজৌৰী জিলাৰ ৰেহান অঞ্চলত সংঘটিত হয় এই দুৰ্ঘটনা । এগৰাকী আৰক্ষী বিষয়াই কোৱা মতে কোট্ৰাঙ্কাৰ পৰা ৰাজৌৰীলৈ গৈ আছিল যাত্ৰীবাহী বাহনখন । সেই সময়তে ৰেহানৰ সমীপৰ কাইঞ্চি মৰ্হত গভীৰ খাৱৈত বাগৰি পৰে বাহনখন । ইফালে দুৰ্ঘটনাত আহতসকলৰ ভিতৰত কেইবাগৰাকী মহিলা আৰু শিশুও আছে । স্থানীয় সূত্ৰৰ মতে দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ নম্বৰ হৈছে JK-02-AB-5535 ।

হাস্পতাল কৰ্তৃপক্ষই জনোৱা মতে মুঠ ১৮ গৰাকী লোকক চিকিৎসালয়লৈ অনা হৈছিল যাৰ ভিতৰত ৩ গৰাকী লোকক সংশ্লিষ্ট চিকিৎসালয়ৰ জৰুৰীকালীন শাখাত মৃত ঘোষণা কৰা হৈছে । বাকী আহতসকল চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে । হাস্পতাল কৰ্তৃপক্ষৰ মতে আহত লোকসকলৰ উন্নত চিকিৎসাৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰিছে আৰু তদন্ত আৰম্ভ কৰিছে । কাৰ ভুলৰ বাবে এই দুৰ্ঘৰ্টনাটো সংঘটিত হ'ল তাৰ অনুসন্ধানো আৰম্ভ কৰিছে আৰক্ষীয়ে ।

লগতে পঢ়ক :Kedarnath temple gold case: ৰাহুল গান্ধীৰ কেদাৰনাথ ভ্ৰমণৰ মাজতে মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ মন্দিৰ সমিতিৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.