নেশ্যনেল ডেস্ক, ৩ ছেপ্টেম্বৰ : ওড়িশাত সংঘটিত হৈছে এক অঘটন ৷ শনিবাৰে ওড়িশাৰ ছয়খন জিলাত হয় ধাৰাষাৰ বৰষুণ ৷ তথ্য অনুসৰি, বৰষুণৰ লগতে ওড়িশাৰ ছয়খন জিলাত পৰে বজ্ৰ ৷ এই বজ্ৰপাতৰ ফলত ওড়িশাত প্ৰায় ১০ জন লোকৰ মৃত্যু হৈছে ৷ এগৰাকী চৰকাৰী বিষয়াই সদৰী কৰিছে এই তথ্য ।
ওড়িশাৰ আয়ুক্তৰ কাৰ্যালয়ে জনোৱা মতে, খুৰদা জিলাত চাৰিজন, বোলাংগীৰত দুজন আৰু আংগুল, বৌধ, জগৎসিংপুৰ আৰু ধেনকানালত বজ্ৰপাতকৰ ফলত এজনকৈ লোকৰ প্ৰাণহানি হৈছে । শেহতীয়াকৈ লাভ কৰা তথ্য অনুসৰি, খুৰদাতো বজ্ৰপাত পৰাৰ ফলত তিনিজন লোক আহত গৈছে ।
চৰকাৰী বিষয়াগৰাকীয়ে উল্লেখ কৰা মতে, ভূৱনেশ্বৰ আৰু কটককে ধৰি উপকূলীয় অঞ্চল ওড়িশাত প্ৰৱল বৃষ্টিপাত আৰু বজ্ৰপাত পৰে ৷ ইতিমধ্যে ভাৰতৰ বতৰ বিজ্ঞান বিভাগে এক বিবৃতিযোগে আগন্তুক চাৰিদিনত ৰাজ্যৰ কেইবাটাও প্ৰান্তত একেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে বুলি আগজাননী দিছে ।
উক্ত বিবৃতিটোত উল্লেখ কৰা মতে, শনিবাৰে ভূৱনেশ্বৰ আৰু কটকত দুপৰীয়া ভাগত ৯০ মিনিটৰ সময়ছোৱাত ক্ৰমে ১২৬ মিলিমিটাৰ আৰু ৯৫.৮ মিলিমিটাৰ বৰষুণ হোৱা বুলি জানিব পৰা গৈছে । ওড়িশা ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই পূৰ্বৰ টুইটাৰ X ত প্ৰকাশ কৰা অনুসৰি, ৰাজ্যখনত বিয়লি ৩৬,৫৯৭ চিচি (মেঘৰ পৰা ডাৱৰলৈ) আৰু ২৫,৭৫৩ চিজি (মেঘৰ পৰা মাটিলৈ) বিজুলী পৰাৰ তথ্য লাভ কৰা হৈছে । সেয়ে বতৰ বিজ্ঞান বিভাগে সকলোকে নিৰাপদ স্থানত আশ্ৰয় ল’বলৈ পৰামৰ্শ প্ৰদান কৰিছে ।
আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ সঞ্চালক এইচ আৰ বিশ্বাসে কয় যে, ৩ ছেপ্টেম্বৰৰ আশে-পাশে উত্তৰ-পূব বংগ উপসাগৰৰ ওপৰতো ঘূৰ্ণী বতাহ হোৱাৰ সম্ভাৱনা আছে ৷ লগতে বংগ উপসাগৰৰ উত্তৰ অংশৰ ওপৰত ঘূৰ্ণী বতাহ হোৱাৰ সম্ভাৱনা আছে । সেয়ে পৰৱৰ্তী ৪৮ ঘণ্টা সাৱধানে থাকিবলৈ পৰামৰ্শ প্ৰদান কৰিছে বতৰ বিজ্ঞান বিভাগে ।
ইফালে যিবোৰ ঘূৰ্ণী বতাহ প্ৰৱল অঞ্চল নহয়, তেনে অঞ্চলত দক্ষিণ-পশ্চিমকৈ আগন্তুক তিনি-চাৰি দিন প্ৰচণ্ড বৰষুণ অহাৰ সম্ভাৱনা আছে ৷ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ সঞ্চালক এইচ আৰ বিশ্বাসে উল্লেখ কৰিছে এই তথ্য ৷
লগতে পঢ়ক : Passenger at Guwahati Airport: যাত্ৰীৰ সংখ্যা বাঢ়িছে বৰঝাৰ বিমানকোঠত; বাঢ়িছে উৰাজাহাজৰ সংখ্যাও