ETV Bharat / bharat

Odisha road accident : গঞ্জামৰ ডিগাপাহাণ্ডীত দুখন বাছৰ মাজত মুখামুখি সংঘৰ্ষ; আহত 12 নিহত 8 - এম কে চি জি মেডিকেল কলেজ এণ্ড হাস্পতাল

সোমবাৰে পুৱাই ওড়িশাৰ গঞ্জাম জিলাৰ ডিগাপাহাণ্ডীত সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনা ৷ এই পথ দুৰ্ঘটনাত 12 জন যাত্ৰী নিহত হোৱাৰ লগতে আহত হৈছে 8 জন ৷ গঞ্জাম জিলা প্ৰশাসনে চিকিৎসাৰ বাবে প্ৰতিজন আহত ব্যক্তিলৈ 30 হাজাৰ টকা ঘোষণা কৰিছে ৷ আনহাতে, মুখামন্ত্ৰী নবীন পাটনায়কে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা মৃতকৰ আত্মীয়ক 3 লাখ টকাৰ এককালীন সাহাৰ্য দিয়াৰ লগতে আহতসকলৰ বাবে বিনামূলীয়া চিকিৎসাৰ কথা ঘোষণা কৰিছে ৷

Many people killed and injured in Odisha Ganjam road accident
ডিগাপাহাণ্ডীত সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনা
author img

By

Published : Jun 26, 2023, 7:04 AM IST

Updated : Jun 26, 2023, 11:20 AM IST

নেশ্যনেল ডেস্ক, 26 জুন : বিপদে লগ এৰা নাই ওড়িশাবাসীক ৷ প্ৰায় সঘনে এটাৰ পাচত আনটো অঘটন সংঘটিত হ’বলৈ ধৰিছে ওড়িশাত ৷ ওড়িশাৰ ৰে’ল দুৰ্ঘটনাৰ উত্তেজনা মাৰ নৌযাওঁতেই এইবাৰ জিলাখনৰ গঞ্জামত সোমবাৰে পুৱাই শুনা গ’ল কান্দোনৰ ৰোল ৷ তথ্য অনুসৰি, ওড়িশাৰ গঞ্জাম জিলাৰ ডিগাপাহাণ্ডীৰ সমীপত সোমবাৰে পুৱা দুখন বাছৰ মাজত মুখামুখি সংঘৰ্ষ হয় ৷

শেহতীয়াকৈ লাভ কৰা তথ্য অনুসৰি, এই পথ দুৰ্ঘটনাত বৰ্তমান পৰ্যন্ত 12 জন যাত্ৰী নিহত হোৱাৰ লগতে আহত হৈছে 8 জন লোক ৷ আহতসকলক ততাতৈয়াকৈ বেৰহামপুৰৰ এম কে চি জি মেডিকেল কলেজ এণ্ড হাস্পতাল(MKCG Medical College & Hospital in Berhampur)ত ভৰ্তি কৰোৱা হৈছে । আহতসকলৰ কেইবাজনৰো অৱস্থা সংকটজনক বুলি জানিব পৰা হৈছে ৷

বিৱৰণি অনুসৰি, সোমবাৰে পুৱতি নিশা ওড়িশাৰ গঞ্জাম জিলাৰ ডিগাপাহাণ্ডীৰ সমীপত ওড়িশা ৰাজ্যিক পথ পৰিবহণ নিগমৰ এখন বাছ আৰু আনখন ব্যক্তিগত বাছৰ মাজত মুখামুখী সংঘৰ্ষ হয় ৷ ফলত এই ভয়াৱহ পথ দুৰ্ঘটনাটো সংঘটিত হয় ৷

আনকি দুৰ্ঘটনাত পতিত হোৱা বাছকেইখন ছিন্ন-ভিন্ন হৈ পৰে ৷ এই দুৰ্ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত পৰিছে শোক ছাঁ ৷ শেহতীয়াকৈ লাভ কৰা খবৰ অনুসৰি, ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষীৰ লোক ৷ আৰম্ভ কৰিছে উদ্ধাৰ অভিযান ৷

জানিব পৰা মতে, সোমবাৰে পুৱতি নিশা ৰায়গাডাৰ পৰা ওড়িশাৰ ৰাজধানী চহৰ ভূৱনেশ্বৰলৈ গৈ আছিল ওড়িশা ৰাজ্যিক পথ পৰিবহণ নিগমৰ বাছখন । ইফালে বেৰহামপুৰ অঞ্চলৰ খাণ্ডাদেউলি গাঁৱৰ পৰা ব্যক্তিগত বাছখনত আহি আছিল এটা বিবাহ যাত্ৰীৰ দল ৷ যিহেতু বোৱাৰী পুৱা আছিল, সেয়ে সকলো যাত্ৰী ভাগৰ আৰু টোপনিত প্ৰায় লালকাল হৈ পৰিছিল ৷ তেনে সময়তে হঠাৎ ডিগাপাহাণ্ডীৰ সমীপত দুয়োখন যাত্ৰীবাহী বাছৰ মাজত মুখামুখি সংঘৰ্ষ হয় ৷ ফলত বহু যাত্ৰী আহত হোৱাৰ লগতে থিতাতে নিহত হয় কেবাজনো যাত্ৰী ৷

অৱশ্যে স্থানীয় লোক তথা প্ৰত্যক্ষদৰ্শীৰ সহায়ত আহতসকলক ততাতৈয়াকৈ এম্বুলেঞ্চ সেৱাৰ জৰিয়তে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ আহত লোকসকলৰ ভিতৰত কেবাজনো লোক সংকটজনক অৱস্থাত আছে বুলি জানিব পৰা গৈছে ৷ ইতিমধ্যে গঞ্জাম জিলা প্ৰশাসনে চিকিৎসাৰ বাবে প্ৰতিজন আহত ব্যক্তিলৈ 30 হাজাৰ টকা ঘোষণা কৰিছে ৷

ইফালে মুখামন্ত্ৰী নবীন পাটনায়কে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা মৃতকৰ আত্মীয়ক 3 লাখ টকাৰ এককালীন সাহাৰ্য দিয়াৰ লগতে আহতসকলৰ বাবে বিনামূলীয়া চিকিৎসাৰ কথা ঘোষণা কৰিছে ৷ । জানিব পৰা মতে, এই দুৰ্ঘটনাত মৃত্যু হোৱা লোক কেইজনৰ নাম হ’ল - ৰমেশ প্ৰধান (62), সীতাৰাম প্ৰধান (60), সঞ্জয় মদিন ৰায় (50), ত্ৰিপতি প্ৰধান, আয়ুষ, সংগীতা ডাকুৱা (25), সুজ্ঞানী (27), ছিবানি প্ৰধান (27), লিতু নায়ক (40) , দেবনছু প্ৰধান (2), আলোক প্ৰধান (14), সুৱেন্দু প্ৰধান(32)। নিহত সকলো গঞ্জাম জিলাৰ বাসিন্দা বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : Train accident in West Bengal : পশ্চিমবংগৰ দুখন মালবাহী ৰে’লৰ মাজত সংঘৰ্ষ, লাইনচ্যুত 12 টা ডবা

Last Updated : Jun 26, 2023, 11:20 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.