ETV Bharat / bharat

Waterbus capsizes in Bangladesh: বাংলাদেশত ৱাটাৰবাছ ডুবি নিহত-৪, সন্ধানহীন কেইবাজনো

author img

By

Published : Jul 17, 2023, 9:59 AM IST

বাংলাদেশৰ ঢাকাত দেওবাৰে সংঘটিত হয় এক শোকাবহ দুৰ্ঘটনা ৷ ঢাকাৰ বুঢ়ী গংগা নদীত ডুব যায় এখন ৱাটাৰবাছ ৷ এই ঘটনাত চাৰিজন যাত্ৰীৰ মৃত্যু হোৱাৰ লগতে সন্ধানহীন হয় আন কেইবাজনো ৷ সম্প্ৰতি উদ্ধাৰকাৰী দলে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান ৷

Waterbus capsizes in Bangladesh
বাংলাদেশত ৱাটাৰবাছ ডুবি নিহত-4

ইন্টাৰনেশ্যনেল ডেস্ক, ১৭ জুলাই: বাংলাদেশৰ ঢাকাৰ সমীপৰ বুঢ়ী গংগা নদীত দেওবাৰে নিশা দুৰ্ঘটনাত পতিত হয় এখন ৱাটাৰবাছ ৷ ঢাকাৰ কেৰাণীগঞ্জৰ তেলঘাট অঞ্চলৰ সমীপত সংঘটিত এই দুৰ্ঘটনাত চাৰিজন লোকৰ মৃত্যু হয় । ইফালে এই ঘটনাত সন্ধানহীন হয় আন কেইবাজনো যাত্ৰী ৷ সম্প্ৰতি সন্ধানহীন যাত্ৰীসকলক বিচাৰি অব্যাহত ৰখা হৈছে উদ্ধাৰ অভিযান ৷ ঢাকা ট্ৰিবিউনে প্ৰকাশ কৰিছে এই তথ্য ।

ঢাকা ট্ৰিবিউনে প্ৰকাশ কৰা অনুসৰি, দেওবাৰে নিশা প্ৰায় ৮:১৫ বজাত ঢাকাৰ সদৰঘাটৰ পৰা তেলঘাট অভিমুখে যোৱাৰ সময়ত ৱাটাৰবাছখনে বালিৰ টিলাত খুন্দা মৰাৰ পাচত বুঢ়ী গংগা নদীত ডুৱ যায় ৷ এই খৱৰ লাভ কৰাৰ পাচতেই ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ তিনিটা ইউনিটৰ লগতে ক’ষ্ট গাৰ্ডৰ এটা উদ্ধাৰকাৰী দল উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে ।

উদ্ধাৰকাৰী দলে নিহত চাৰিজনৰ লগতে জাহাজখনত থকা আন ৮ জন লোকক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ ইফালে এই দুৰ্ঘটনাত আন কেইবাজনো যাত্ৰী সন্ধানহীন হৈ থকাৰ কথা জানিব পৰা হৈছে ৷ তেওঁলোকৰ সন্ধানত উদ্ধাৰকাৰী দলে প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷ সদৰঘাট নদী আৰক্ষী থানাৰ সূত্ৰৰ উদ্ধৃতি দি এই কথা প্ৰকাশ কৰে ঢাকা ট্ৰিবিউনে ।

অগ্নিনিৰ্বাপক সেৱা আৰু নাগৰিক সুৰক্ষাৰ ভাৰপ্ৰাপ্ত বিষয়া (মিডিয়া) শ্বাহজাহান চৰ্দাৰে জনোৱা মতে, উদ্ধাৰ হোৱা আঠজন লোকৰ চাৰিজন পুৰুষ, তিনিগৰাকী মহিলা আৰু এটা শিশু । ইফালে ছাৰ ছালিমুল্লাহ মেডিকেল কলেজ হাস্পতালৰ সঞ্চালক ব্ৰিগেডিয়াৰ জেনেৰেল ৰছিদ উন নবীয়ে মৃতদেহকেইটা স্থানান্তৰৰ প্ৰক্ৰিয়া চলি থকাৰ কথা জানিবলৈ দিয়ে ৷

লগতে পঢ়ক: Woman pilgrim struck dead by shooting stones: অমৰনাথত শিল খহি মৃত্যু মহিলা তীৰ্থযাত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.