ETV Bharat / bharat

Road Mishap: যাত্ৰীবাহী বাছ খাৱৈত পৰি 7 জনৰ মৃত্যু; 22 গৰাকী আহত

author img

By

Published : Aug 20, 2023, 7:08 PM IST

দেওবাৰে বিয়লি প্ৰায় 4.15 বজাত গুজৰাটৰ তীৰ্থযাত্ৰীৰে ভৰ্তি বাছখন গংগোত্ৰী ঘাইপথৰ গাংনানিৰ ওচৰৰ এটা দ খাৱৈত বাগৰি পৰে ৷ জিলা দুৰ্যোগ ব্যৱস্থাপনা বিভাগে দুৰ্ঘটনাটোত 7 জন লোকৰ মৃত্যু হোৱাৰ কথা নিশ্চিত কৰিছে, আনহাতে 22 জন আহত লোক উদ্ধাৰ কৰা হৈছে বুলি সদৰী কৰে ৷

passenger bus falling into gorge
যাত্ৰীবাহী বাছ খাৱৈত পৰি 7 জনৰ মৃত্যু, 22 গৰাকী আহত

নেশ্যনেল ডেস্ক, 20 আগষ্ট : উত্তৰাখণ্ডৰ গংগোত্ৰী ঘাইপথৰ গাংনানিৰ সমীপত এক শোকাৱহ পথ দুৰ্ঘটনাৰ ঘটনা সংঘটিত হৈছে ৷ দেওবাৰে নিয়ন্ত্ৰণহীন হৈ যাত্ৰীবাহী বাছ এখন খাৱৈত বাগৰি পৰাৰ ফলত 7 জন যাত্ৰী মৃত্যু হোৱাৰ লগতে 22 জন লোক আহত হয় ৷

বাছখনত গুজৰাটৰ প্ৰায় 33 জনীয়া এটা তীৰ্থযাত্ৰীৰ দল আছিল বুলি জানিব পৰা গৈছে ৷ সম্প্ৰতি ঘটনাস্থলীত উদ্ধাৰ অভিযান অব্যাহত আছে ৷ আহত লোকসকলক ততালিকে উদ্ধাৰ কৰি নিকটৱৰ্তী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷

তথ্য অনুসৰি, দেওবাৰে বিয়লি প্ৰায় 4.15 বজাত গুজৰাটৰ তীৰ্থযাত্ৰীৰে ভৰ্তি বাছখন গংগোত্ৰী ঘাইপথৰ গাংনানিৰ ওচৰৰ এটা দ খাৱৈত বাগৰি পৰে ৷ বাছখন গংগোত্ৰী ধামৰ পৰা উত্তৰকাশীলৈ গৈ থকা অৱস্থাত দুৰ্ঘটনাটো সংঘটিত হয় ৷ জিলা দুৰ্যোগ ব্যৱস্থাপনা বিভাগে দুৰ্ঘটনাটোত 7 জন লোকৰ মৃত্যু হোৱাৰ কথা নিশ্চিত কৰিছে, আনহাতে 22 জন আহত লোক উদ্ধাৰ কৰা হৈছে বুলি সদৰী কৰে ৷

ঘটনা সন্দৰ্ভত তথ্য লাভ কৰি আৰক্ষী, এছডিআৰএফ আৰু এনডিআৰএফ দল ঘটনাস্থলীত উপস্থিহ হয় ৷ তেওঁলোকে লোকসকলক উদ্ধাৰ কৰিবৰ বাবে অভিযান আৰম্ভ কৰিছে ৷ এই খবৰ লাভ কৰাৰ পিচতে উত্তৰকাশীৰ ডিএম অভিষেক ৰুহেলা আৰু আৰক্ষী অধীক্ষক অৰ্পন যদুবংশী ঘটনাস্থলীত উপস্থিত হৈ ঘটনাস্থলী পৰিদৰ্শন কৰিছে ৷

ডিএম ৰুহেলাই ঘটনা সন্দৰ্ভত কয় যে, সাহায্যৰ কামত প্ৰয়োজন হ’লে ডেৰাডুনৰ পৰা হেলিকপ্টাৰ আহিবলৈ সাজু কৰা হৈছে ৷ লগত মৃতকৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে ৰুহেলাই ৷

উল্লেখ্য যে, ঘটনাস্থলীত এতিয়াও উদ্ধাৰ অভিযান চলি আছে ৷ বাছখনে নিয়ন্ত্ৰণ হেৰুৱাত এই দুৰ্ঘটনাৰ ঘটনা সংঘটিত হয় বুলি উপস্থিত আৰক্ষীয়ে সদৰী কৰিছে ৷

লগতে পঢ়ক: Home guard murdered: গৃহৰক্ষী জোৱানক তৰোৱালেৰে আক্ৰমণ কৰি হত্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.