ETV Bharat / bharat

Encounter in JKs kulgam : সন্ত্ৰাসবাদীৰ সৈতে হোৱা সংঘৰ্ষত শ্বহীদ 3 সেনা জোৱান, অভিযান অব্যাহত

author img

By

Published : Aug 5, 2023, 12:42 PM IST

শুকুৰবাৰে জম্মু-কাশ্মীৰৰ কুলগাম জিলাত সন্ত্ৰাসবাদীৰ সৈতে হোৱা সংঘৰ্ষত নিহত হয় তিনিজন সেনা জোৱান । অঞ্চলটোলৈ প্ৰেৰণ কৰা হৈছে অতিৰিক্ত সেনা বাহিনী ৷ বৰ্তমানেও অব্যাহত আছে সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ । সমান্তৰালকৈ আন এটা আৰক্ষীৰ দলেও অঞ্চলটোত চলাই আছে তালাচী অভিযান ।

Encounter in JKs kulgam
সন্ত্ৰাসবাদীৰ সৈতে সেনা জোৱানৰ সংঘৰ্ষ

নেশ্যনেল ডেস্ক, 5 আগষ্ট : শুকুৰবাৰে জম্মু-কাশ্মীৰৰ কুলগাম জিলাত সন্ত্ৰাসবাদীৰ সৈতে হোৱা মুখামুখি সংঘৰ্ষত তিনি সেনা জোৱান নিহত হয় বুলি জানিব পৰা গৈছে । এগৰাকী আৰক্ষী বিষয়াই জনোৱা মতে, দক্ষিণ কাশ্মীৰৰ কুলগাম জিলাৰ হালান বনাঞ্চলৰ উচ্চ প্ৰান্তত সন্ত্ৰাসবাদীৰ উপস্থিতিৰ তথ্য লাভ কৰাৰ পিছতে নিৰাপত্তা বাহিনীয়ে এলেকাটো অৱৰোধ কৰাৰ লগতে তালাচী অভিযান আৰম্ভ কৰে ।

সন্ত্ৰাসবাদীয়ে নিৰাপত্তা বাহিনীক গুলীচালনা কৰাৰ পিছতে তালাচী অভিযান এনকাউণ্টাৰলৈ পৰিণত হয় বুলিও বিষয়াগৰাকীয়ে কয় । সন্ত্ৰাসবাদীয়ে কৰা গুলীচালনাৰ প্ৰতুত্তৰ সেনায়ো দিয়াৰ ফলতে পৰিস্থিতি উত্তপ্ত হৈ পৰে । বিষয়াগৰাকীয়ে জনোৱা মতে, গুলীচালনাত তিনিজন নিৰাপত্তা বাহিনীৰ জোৱান আহত হয় আৰু চিকিৎসা চলায় থকাৰ সময়তে মৃত্যুমুখত পৰে । সেনাই জানিবলৈ দিয়া অনুসৰি বৰ্তমানেও কুলগামৰ হালান উপত্যকাত বৰ্তমানেও অব্যাহত আছে সংঘৰ্ষ ।

  • Operation Halan #Kulgam

    On specific inputs regarding presence of terrorists on higher reaches of Halan in Kulgam, operations launched by Security Forces on 04 Aug 23. In exchange of firing with terrorists, three personnel sustained injuries and later succumbed.
    Search operations… pic.twitter.com/NJ3DZa2OpK

    — Chinar Corps🍁 - Indian Army (@ChinarcorpsIA) August 4, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

Operation Halan #Kulgam

— Chinar Corps🍁 - Indian Army (@ChinarcorpsIA) August 4, 2023

শ্ৰীনগৰস্থিত সেনাবাহিনীৰ চিনাৰ কৰ্পছে এক টুইটযোগে অপাৰেচন হালান, কুলগাম বুলি টুইট কৰিছে । 4 আগষ্টৰ দিনা কুলগামৰ হালানৰ ওখ শৃংগত সন্ত্ৰাসবাদীৰ উপস্থিতিৰ সন্দৰ্ভত লাভ কৰা নিৰ্দিষ্ট তথ্যৰ ভিত্তিত নিৰাপত্তা বাহিনীয়ে এই অভিযান আৰম্ভ কৰে । সন্ত্ৰাসবাদীৰ সৈতে হোৱা পৰস্পৰ সংঘৰ্ষত 3 জোৱান শ্বহীদ হয় । অঞ্চলটোলৈ অতিৰিক্ত সেনা বাহিনী প্ৰেৰণ কৰাৰ লগতে তালাচী অভিযান তীব্ৰতৰ কৰা হৈছে বুলি বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে ।

উল্লেখ্য যে, শেহতীয়াকৈ জম্মু-কাশ্মীৰ আৰক্ষী আৰু সেনাই সন্ত্ৰাসবাদী সংগঠনৰ অভাৰ গ্ৰাউণ্ড কৰ্মী আৰু সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যৌথ অভিযান আৰম্ভ কৰিছে । যাৰ বাবে উপত্যকাটোত সক্ৰিয় সন্ত্ৰাসবাদী সংগঠনবোৰৰ সক্ৰিয়তা পূৰ্বতকৈ কমিছে যদিও এতিয়াও উপত্যকাটো সম্পূৰ্ণৰূপে সন্ত্ৰাসমুক্ত হোৱা নাই ।

লগতে পঢ়ক : Manipur violence : এতিয়াও শান্ত হোৱা নাই মণিপুৰ; গুলীচালনাত তিনিজনৰ মৃত্যু; ঘৰত অগ্নিসংযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.