ETV Bharat / bharat

দিল্লীত ডাঠ কুঁৱলীৰ বাবে ৰে’ল চলাচলত বাধা

author img

By

Published : Feb 14, 2021, 1:07 PM IST

দিল্লীত ডাঠ কুঁৱলীৰ বাবে প্ৰায় ৭ খনকৈ ৰে’লে পলমকৈ যাত্ৰা আৰম্ভ কৰে । ডাঠ কুঁৱলীৰ বাবে যাতায়াত ব্যৱস্থাত প্ৰভাৱ পৰিছে ৰাজধানী চহৰখনত ।

দিল্লীত ডাঠ কুঁৱলীৰ বাবে ৰেল চলাচলত বাধা

নিউজ ডেস্ক,১৪ ফেব্ৰুৱাৰী: দিল্লীত ঘন কুঁৱলীৰ বাবে পুনৰ যাতায়াত ব্যৱস্থা ব্য়াহত । দেওবাৰে ডাঠ কুঁৱলী আৰু কম দৃশ্য়মান পৰিৱেশৰ বাবে সাতখনকৈ ৰে’লৰ চলাচলত বিলম্ব হয় । উত্তৰ ৰে’লৱেৰ মুখ্য় জনসংযোগ বিষয়াই জনোৱা মতে, ডাঠ কুঁৱলীৰ বাবে আৰু অন্যান্য কিছু কাৰণত ৩০ জানুৱাৰীৰ পৰা ৰে’লসমূহ পলমকৈ চলি আছে । পলমকৈ চলি থকা ৰে’লসমূহ হৈছে ক্ৰমে কাণপুৰ-নতুন দিল্লী শ্ৰম শক্তি বিশেষ, প্ৰয়াগৰাজ-নতুন দিল্লী বিশেষ, ৰেৱা-আনন্দবিহাৰ টাৰ্মিনেল বিশেষ, কামাখ্যা-দিল্লী জংচন বিশেষ, প্ৰতাপগড়-দিল্লী জংচন, মুজাফৰপুৰ-আনন্দবিহাৰ টাৰ্মিনেল বিশেষ আৰু ৰাজগীৰ-নতুন দিল্লী বিশেষ । লগতে কুঁৱলীৰ এক পাতল আৱৰণে নতুন দিল্লীৰ কিছু কিছু অংশ আৱৰি থকাৰ ফলত একো নেদেখা পৰিৱেশৰ সৃষ্টি হয় ।

ভাৰত বতৰ বিজ্ঞান বিভাগৰ মতে, দেওবাৰে পঞ্জাৱৰ একাংশ স্থানত, হাৰিয়ানা আৰু পশ্চিম উত্তৰ প্ৰদেশৰ কিছু ঠাইত অতি ঘন কুঁৱলী দেখা পোৱা যায় । আনহাতে চণ্ডীগড়, দিল্লী, সৌৰাষ্ট্ৰ আৰু কচ্ছ, বিহাৰ আৰু গাংগেটিক পশ্চিমবংগৰ বিভিন্ন স্থানত পাতল কুঁৱলী পৰিলক্ষিত হয় ।

লগতে পঢ়ক: আইটি পাৰ্কৰ বাবে কেন্দ্ৰক অনুৰোধ কৰ্ণাটক চৰকাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.