ETV Bharat / bharat

হিমাচলৰ মণ্ডী জিলাত পথ দুৰ্ঘটনাত নিহত সাত - দুৰ্ঘটনাত নিহত বিহাৰৰ সাত প্ৰব্ৰজিত শ্ৰমিক

হিমাচলৰ মণ্ডী জিলাত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত সাতজন প্ৰব্ৰজিত শ্ৰমিক ৷ আনহাতে, আহত হয় বাহনৰ চালক ৷

আহত বাহনৰ চালক
হিমাচলৰ মণ্ডী জিলাত পথ দুৰ্ঘটনাত নিহত সাত
author img

By

Published : Nov 16, 2020, 12:23 PM IST

নেশ্যনেল ডেস্ক, 16 নৱেম্বৰ : হিমাচলৰ মণ্ডী জিলাত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ চণ্ডিগড়-মনালী ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ নৈত বাহন বাগৰি পৰাৰ ফলত নিহত হয় সাতজনকৈ প্ৰব্ৰজিত শ্ৰমিক ৷ পুৱতি নিশা 3 বজাত সুকেতি খোড় নৈত মহিন্দ্ৰা পিক আপ বাহনখন বাগৰি পৰাৰ ফলত বাহনৰ চালকজন আহত হয় ৷

ঘটনা সম্পৰ্কত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে টুইটাৰৰ জৰিয়তে শোকপ্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে ৷

পিক আপ বাহনৰ চালকজনে নিয়ন্ত্ৰণ হেৰুওৱাৰ ফলত দুৰ্ঘটনা সংঘটিত হয় ৷ ফলত বাহনখনত থকা বিহাৰৰ আটাইকেইজন প্ৰব্ৰজিত শ্ৰমিকে প্ৰাণ হেৰুৱায় ৷

  • हिमाचल प्रदेश के मंडी में सड़क हादसे की खबर से अत्यंत दुख हुआ है। सरकार राहत और बचाव कार्य में जुटी हुई है। इस दुर्घटना में मृतकों के परिजनों के प्रति गहरी संवेदना प्रकट करता हूं और घायलों के जल्द स्वस्थ होने की कामना करता हूं : PM @narendramodi

    — PMO India (@PMOIndia) November 16, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

সদৰ আৰক্ষী থানাৰ বিষয়া বিনোদ কুমাৰ ঠাকুৰে ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান চলায় ৷ ছয়জন লোক থিতাতে মৃত্যু হোৱাৰ লগতে আন দুজনক হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও তাতে এজন শ্ৰমিকে প্ৰাণ হেৰুৱায় ৷

আঘাতপ্ৰাপ্ত বাহনৰ চালকজনে জানিবলৈ দিয়ে যে, নিশা আহি উপস্থিত হোৱা শ্ৰমিকসকলক ঠিকাদাৰে বাছ ষ্টেণ্ডলৈ প্ৰেৰণৰ নিৰ্দেশ দিছিল ৷ ইয়াৰ পাচতে সংঘটিত হয় দুৰ্ঘটনা ৷ ঘটনা সম্পৰ্কত আৰক্ষীয়ে ভাৰতীয় দণ্ডাবিধি আইনৰ অনুচ্ছেদ 279, 338 আৰু 304 A ৰ অধীনত এক গোচৰ ৰুজু কৰিছে ৷

লগতে পঢ়ক : মহাৰাষ্ট্ৰত মহিলাক এছিড ঢালি জীৱন্তে জ্বলাই দিয়া অভিযুক্তক আটক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.