ETV Bharat / bharat

সম্প্ৰতি ভাৰতত উপলব্ধ নহয় COVID প্ৰতিষেধক

COVID-১৯ প্ৰতিষেধক গ্ল’বেল এক্সেছ' বুলি কোৱা COVIDX-এ ভাৰতৰ চিৰাম ইনষ্টিটিউটৰ দ্বাৰা প্ৰস্তুত কৰা প্ৰতিষেধকৰ অনুপলব্ধৰ বিষয়ে অৱগত কৰে । মাৰ্চৰ ভিতৰত এষ্ট্ৰাজিনেকাৰ উৎপাদন নেটৱৰ্কৰ পৰা পালি প্ৰদান কৰাৰ কথা আছিল যদিও এতিয়া এপ্ৰিলতহে লাভ কৰিবলৈ সক্ষম হ'ব ।

author img

By

Published : Mar 29, 2021, 5:17 PM IST

সম্প্ৰতি ভাৰতত উপলব্ধ নাই COVID প্ৰতিষেধক

নেশ্যনেল ডেস্ক, ২৯ মাৰ্চ: বিশ্বজুৰি COVID-১৯ ৰ সংক্ৰমণ অব্যাহত আছে । ইতিমধ্যে ভাৰতে COVID-১৯ প্ৰতিষেধক প্ৰস্তুত কৰি উলিয়াই বিশ্বৰ কেবাখনো দেশক বিতৰণ কৰিছে । ভাৰতক কেবাখনো দেশে প্ৰতিষেধক দিবলৈ আহ্বান জনাই অহাৰ ফলত সম্প্ৰতি প্ৰতিষেধক উপলব্ধ নাই ভাৰতত । মাৰ্চৰ ভিতৰত এষ্ট্ৰাজিনেকাৰ উৎপাদন নেটৱৰ্কৰ পৰা পালি প্ৰদান কৰাৰ কথা আছিল যদিও এতিয়া এপ্ৰিলতহে লাভ কৰিবলৈ সক্ষম হ'ব ।

ইতিমধ্যে কোভিশ্বিল্ডৰ ২৮ নিযুত পালি প্ৰস্তুত কৰি উলিওৱা হৈছে । আনহাতে, মাৰ্চৰ ভিতৰত অতিৰিক্ত ৪০ নিযুত পালি উপলব্ধ কৰিব লাগিব । তাৰ পাচত এপ্ৰিল মাহত ৫০ নিযুত পালি প্ৰস্তুত কৰিব লাগিব । ইফালে, বিশ্ব স্বাস্থ্য সংস্থাই এষ্ট্ৰাজেনেকা-অ'ষ্কফৰ্ড প্ৰতিষেধকটো সঠিকভাৱে বিতৰণ কৰাটো নিশ্চিত কৰাৰ বাবে এক কাৰ্য পৰিকল্পনা নিৰ্ধাৰণ কৰিছে । এষ্ট্ৰাজেনেকাই অহা সপ্তাহত COVAXৰ সহায়ত ৮২ খন দেশত প্ৰতিষেধক প্ৰদান কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে । ইতিমধ্যে ৫০ৰো অধিক দেশক প্ৰতিষেধক বিতৰণ কৰে ভাৰতে ।

লগতে পঢ়ক: অন্ধ্ৰ প্ৰদেশত দুৰ্ঘটনাত চাৰিজনৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.