ETV Bharat / bharat

Senthil Balaji dismissal : গৃহমন্ত্ৰীৰ পৰামৰ্শ অনুসৰিয়ে তামিলনাডুৰ ৰাজ্যপালে স্থগিত ৰাখিলে নিজৰ আদেশ

author img

By

Published : Jun 30, 2023, 5:34 PM IST

তামিলনাডুৰ ৰাজ্যপাল আৰ এন ৰবিয়ে মন্ত্ৰী ভি চেন্থিল বালাজীৰ বৰ্খাস্তৰ আদেশ স্থগিত ৰাখে । অমিত শ্বাহৰ পৰামৰ্শ অনুসৰি আদেশ স্থগিত ৰাখে ৰাজ্যপালে । এই পদক্ষেপৰ বিষয়ে এটৰ্নি জেনেৰেলৰ সৈতে আলোচনা কৰিব ।

Senthil Balaji dismissal
গৃহ মন্ত্ৰীৰ পৰামৰ্শ অনুসৰিয়ে তামিলনাডুৰ ৰাজ্যপালে স্থগিত ৰাখিলে নিজৰ আদেশ

নেশ্যনেল ডেস্ক,৩০ জুন : তামিলনাডুৰ মন্ত্ৰী ভি চেন্থিল বালাজীৰ বৰ্খাস্তক লৈ বিতৰ্ক অব্যাহত আছে । নিযুক্তি কেলেংকাৰীত ইডিয়ে গ্ৰেপ্তাৰ কৰা মন্ত্ৰীগৰাকীক প্ৰথমে ৰাজ্যপাল আৰ এন ৰবিয়ে বৰ্খাস্তৰ ঘোষণা কৰিছিল । মুখ্যমন্ত্ৰী এম কে ষ্টেলিনক সহকৰ্মীক বৰ্খাস্তৰ পত্ৰ প্ৰদান কৰাৰ কেইঘণ্টামানৰ পাছতে নিজৰ আদেশ স্থগিত ৰাখে ৰাজ্যপালগৰাকীয়ে । কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ পৰামৰ্শ অনুসৰিয়ে ৰাজ্যপালে তেওঁৰ আদেশ স্থগিত ৰাখে ।

সূত্ৰৰ মতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰীৰ পৰামৰ্শ অবিহনে এগৰাকী কেবিনেট মন্ত্ৰীক বৰ্খাস্ত কৰাৰ আদেশৰ সৈতে আগবাঢ়ি যোৱাৰ পূৰ্বে ৰাজ্যপালক আইনী মতামত ল'বলৈ পৰামৰ্শ দিছে ।

ৰাজ্যপাল আৰ এন ৰবিয়ে তেওঁৰ পত্ৰখনত ডি.ও. লেটাৰ নং ০০১৩/আৰ.বি.টি.এন./২০২৩-ৰ কথা উল্লেখ কৰি মন্ত্ৰী ভি চেন্থিল বালাজীৰ স্থিতি সম্পৰ্কে নিজৰ স্থিতি স্পষ্ট কৰে । তেওঁ উল্লেখ কৰা মতে এই সন্দৰ্ভত তেওঁক কেন্দ্ৰীয় গৃহ মন্ত্ৰীয়ে পৰামৰ্শ দিছে যে এটৰ্নি জেনেৰেলৰ মতামত বিচৰাটো বিচক্ষণতা হ'ব । সেই অনুসৰি, তেওঁ তেওঁৰ মতামতৰ বাবে এটৰ্নি জেনেৰেলৰ ওচৰলৈ যাব । ইফালে, মন্ত্ৰীগৰাকীক বৰ্খাস্ত কৰাৰ নিৰ্দেশটো পৰৱৰ্তী সিদ্ধান্ত নোলোৱালৈ স্থগিত ৰখা হ'ব বুলিও পত্ৰখনত ৰাজ্যপালে উল্লেখ কৰে ।

সূত্ৰৰ মতে প্ৰট'ক'ল অনুসৰি ৰাজ্যপালে গৃহ মন্ত্ৰালয়ক অৱগত কৰিব লাগিব যাৰ জৰিয়তে তেওঁ ভাৰতৰ ৰাষ্ট্ৰপতিক প্ৰতিবেদন দিয়ে । যেতিয়া ৰাজ্যপালগৰাকীয়ে তেওঁৰ সিদ্ধান্ত গৃহ মন্ত্ৰালয়ৰ দৃষ্টিগোচৰ কৰিছিল মন্ত্ৰালয়ে অমিত শ্বাহৰ পৰামৰ্শৰ কথা উল্লেখ কৰিছিল । অমিত শ্বাহে তামিলনাডুৰ প্ৰাক্তন আইপিএছ বিষয়াক বিষয়টো সতৰ্কতাৰে চাবলৈ আৰু আইনী মতামত ল'বলৈ পৰামৰ্শ দিছে বুলি জানিব পৰা গৈছে ।

ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে ৰাজ্যপালগৰাকীয়ে চেন্থিল বালাজীক মন্ত্ৰীসভাৰ পৰা বৰ্খাস্ত কৰাৰ ঘোষণা কৰে । লগতে ৰাজ্যপালগৰাকৰীয়ে মুখ্যমন্ত্ৰী ষ্টেলিনলৈও এই সন্দৰ্ভত এখন পত্ৰ প্ৰেৰণ কৰে ।

উল্লেখ্য যে মন্ত্ৰী বালাজীক ১৪ জুনত ইডিয়ে নিযুক্তি কেলেংকাৰী গোচৰত গ্ৰেপ্তাৰ কৰিছিল । অৱশ্যে অসুস্থ হোৱাত তেওঁক চেন্নাইৰ এখন চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । ১৫ জুনত মন্ত্ৰীগৰাকীক মাদ্ৰাজ উচ্চ ন্যায়ালয়ে তেওঁৰ পচন্দৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ স্থানান্তৰিত কৰিবলৈ অনুমতি দিয়ে ।

লগতে পঢ়ক :Tamil Nadu Politics : ৰাজ্যপালে স্থগিত ৰাখিলে মন্ত্ৰী চেন্থিল বালাজীৰ বৰ্খাস্তৰ আদেশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.