ETV Bharat / bharat

Send stray dogs to Assam: অসমৰ মানুহে কুকুৰ খায়, অসমত কুকুৰৰ চাহিদা আছে; মহাৰাষ্ট্ৰ বিধায়কৰ বিতৰ্কিত মন্তব্য - CM Himanta Biswa Sarma

অসমক লৈ মহাৰাষ্ট্ৰৰ এগৰাকী বিধায়কে কৰা এক অপমানসূচক মন্তব্যক লৈ ৰাজ্যত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ৷ অসমৰ মানুহে কুকুৰ খায় বুলি মন্তব্য কৰিছিল বিধায়কগৰাকীয়ে (Maharashtra MLA controversial remarks on Assam) ৷ বিধায়কগৰাকীৰ এই বিভেদকামী মন্তব্যৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া হ’ব লক্ষ্যনীয় ৷

Send stray dogs to Assam
অসমৰ মানুহে কুকুৰ খায়, অসমত কুকুৰৰ চাহিদা আছে; মহাৰাষ্ট্ৰ বিধায়কৰ বিতৰ্কিত মন্তব্য
author img

By

Published : Mar 5, 2023, 4:55 PM IST

নিউজ ডেস্ক, 5 মাৰ্চ: ‘কুকুৰৰ জনসংখ্যা নিয়ন্ত্ৰণ কৰিবলৈ বাটৰ কুকুৰবোৰ অসমলৈ পঠিয়াই দিয়ক ৷ অসমৰ মানুহে কুকুৰ খায় ৷ অসমত কুকুৰৰ চাহিদা আছে ৷’’ এই মন্তব্য মহাৰাষ্ট্ৰৰ এগৰাকী বিধায়কৰ ৷ বিধায়কগৰাকীৰ এই মন্তব্যৰ পাচতে ৰাজ্যত এতিয়া সৃষ্টি হৈছে বিতৰ্কৰ (Maharashtra MLA controversial remarks on Assam) ৷

উল্লেখ্য যে, মহাৰাষ্ট্ৰ বিধানসভাত ৰাজ্যখনত পদপথৰ কুকুৰৰ সংখ্যা বৃদ্ধি পোৱা প্ৰসংগক লৈ প্ৰহৰ জনশক্তি দলৰ বাচ্চু কাদু নামৰ বিধায়কগৰাকীয়ে কয়, ‘‘অসমত বাটৰ কুকুৰৰ চাহিদা আছে ৷ অসমত এটা কুকুৰ 8000 টকা দৰত বিক্ৰী হয় ৷ পদপথৰ কুকুৰৰ জনসংখ্যা নিয়ন্ত্ৰণ কৰাৰ বাবে অসমলৈ কুকুৰৰসমূহ হত্যা কৰি বিক্ৰীৰ কৰিবলৈ পঠিয়াই দিয়ক (Send stray dogs to Assam for consumption) ৷’’

অসমক লৈ বিধায়ক বাচ্চু কাদুয়ে কৰা এই মন্তব্যই সৃষ্টি কৰিছে বিতৰ্কৰ ৷ অসম তথা উত্তৰ-পূব আৰু ইয়াৰ লোকসকলক বিভিন্ন সময়ত খাদ্যাভ্যাস আৰু দৈহিক গঠনক লৈ বিভেদকামী মন্তব্য কৰি আহিছে একাংশই (Maharashtra MLA statement on Assam) ৷ স্মৰ্তব্য যে, কিছুদিন পূৰ্বে ঝাৰখণ্ডৰ বিজেপি বিধায়ক বিৰাঁচী নাৰায়ণেও ৰাজ্যখনত পদপথৰ কুকুৰৰ জনসংখ্যা নিয়ন্ত্ৰণ কৰাৰ বাবে নাগালেণ্ডলৈ কুকুৰসমূহ পঠিয়াই দিব লাগে মন্তব্য কৰিছিল ৷ বিজেপি বিধায়কগৰাকীৰ সেই মন্তব্যক লৈয়ো সৃষ্টি হৈছিল বিতৰ্কৰ (Jharkhand BJP MLA statement on Nagaland) ৷

ইফালে, অসমক লৈ মহাৰাষ্ট্ৰ বিধায়ক বাচ্চু কাদুৱে কৰা মন্তব্যৰ পাচতে তেওঁক জবাবদিহি কৰাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পদক্ষেপ গ্ৰহণ কৰাৰ পোষকতা কৰিছে ৰাইজে ৷ কিন্তু বৰ্তমানলৈকে এই সন্দৰ্ভত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই হিমন্ত বিশ্ব শৰ্মাই ৷ উল্লেখ্য যে, নাথুৰাম গডছে সন্দৰ্ভত এটা টুইট কৰাৰ বাবে গুজৰাটৰ কংগ্ৰেছৰ দলিত বিধায়ক জিগনেশ মেৱানীক হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত গ্ৰেপ্তাৰ কৰি লৈ অনা হৈছিল অসমলৈ ৷ কিন্তু মহাৰাষ্ট্ৰৰ বিধায়কগৰাকীৰ মন্তব্য সন্দৰ্ভত কিবা ব্যৱস্থা গ্ৰহণ কৰিবনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (CM Himanta Biswa Sarma) সেয়াহে এতিয়া লক্ষ্যনীয় বিষয় হৈ পৰিছে ৷

কিন্তু লক্ষ্যনীয়ভাৱে, উত্তৰ পূৰ্বাঞ্চলক সদায়ে এক অন্য দৃষ্টিৰে চাই আহিছে একাংশ ভাৰতীয়ই ৷ কিছুদিন পূৰ্বে উত্তৰ-পূবৰ এগৰাকী যুৱতীও হাৰিয়ানাৰ ফৰিদাবাদৰ সুৰজকুণ্ড মেলাত বৰ্ণবাদৰ সন্মুখীন হৈছিল ৷ যুৱতীগৰাকী সাপ অথবা ভেকুলী খায় নেকি বুলি প্ৰশ্ন কৰিছিল একাংশ লোকে ৷ যি ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল নাগালেণ্ডৰ বিজেপি মন্ত্ৰী টেমজেন ইমনা আলঙে (Temjen Imna Along) ৷

ঠিক সেইদৰে এইবাৰ অসমক লৈ অপমানসূচক মন্তব্য মহাৰাষ্ট্ৰ বিধায়কৰ ৷ অসমৰ খাদ্যাভ্যাসত কুকুৰৰ মাংস নাই আৰু অসমৰ মানুহে কি খায় সেয়া সম্পূৰ্ণ নিজস্ব ৷ মহাৰাষ্ট্ৰৰ চৰকাৰ ভঙা পতাৰ সময়ত অসমৰ আতিথ্যতে থাকি যোৱা এইগৰাকী খাই পাত ফলা বিধায়কক নিশ্চয়কৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জবাবদিহি কৰিব লাগে ৷ কেৱল সিমানেই নহয় এই মন্তব্যৰ বাবে শাস্তিৰো যোগ্য বিধায়কগৰাকী ৷ এইগৰাকী বিধায়কৰ ওপৰত পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে সেয়া হ’ব লক্ষ্যনীয় ৷

লগতে পঢ়ক: Stop Racism: আমাৰ বেয়াৰ গ্ৰিলছৰ সৈতে সম্পৰ্ক নাই; আমাৰ বিষয়ে জানিবলৈ গুগলক সোধক: টেমজেন ইমনা আলং

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.