ETV Bharat / bharat

Manipur violence : মণিপুৰত সেনা আৰু উগ্ৰপন্থীৰ সংঘৰ্ষ, ২ সুৰক্ষাকৰ্মী আহত - Clashes between Army and militants

মণিপুৰত উগ্ৰপন্থীৰ বিৰুদ্ধে সেনাৰ অভিযান অব্যাহত আছে । বৃহস্পতিবাৰে পুৱাৰে পৰা ১৫ ঘণ্টা ধৰি সুৰক্ষা কৰ্মী আৰু উগ্ৰপন্থীৰ মাজত গুলীয়াগুলি । দুগৰাকী জোৱান আহত । কেইবাটাও উগ্ৰপন্থী আহত হোৱাৰ আশংকা কৰা হৈছে ।

Manipur violence
মণিপুৰত সেনা আৰু উগ্ৰপন্থীৰ সংঘৰ্ষ
author img

By

Published : Jul 28, 2023, 11:54 AM IST

নেশ্যনেল ডেস্ক,২৮ জুলাই : বিগত প্ৰায় ৩ মাহ ধৰি মণিপুৰত হিংসাত্মক পৰিস্থিতি অব্যাহত আছে । চৰকাৰ তথা বিভিন্ন পক্ষৰ প্ৰচেষ্টাৰ পাছতো উন্নত হোৱা নাই পৰিস্থিতি । ইয়াৰ মাজতে মণিপুৰৰ বিষ্ণুপুৰ জিলাত পুনৰ উগ্ৰপন্থী আৰু সেনাৰ মাজত গুলীচালনাৰ ঘটনা সংঘটিত হয় । উগ্ৰপন্থীৰ সৈতে হোৱা গুলীয়াগুলিত এজন সেনা জোৱানসহ দুজন সুৰক্ষা কৰ্মী আহত হোৱাৰ খবৰ পোৱা গৈছে ।

জানিব পৰা মতে বৃহস্পতিবাৰে পুৱা ৰাজ্যৰ ৰাজধানী ইম্ফলৰ পৰা প্ৰায় ৫০ কিলোমিটাৰ দূৰত থকা ফৌবাকচাও ইখাই অঞ্চলত গুলীচালনা আৰম্ভ হয় আৰু নিশালৈকে প্ৰায় ১৫ ঘণ্টা ধৰি এই গুলীচালনা অব্যাহত থাকে । অৱশ্যে সম্প্ৰতি উগ্ৰপন্থীসকল অঞ্চলটোৰ পৰা পলায়ন কৰিছে ।

গুলীবৰ্ষণৰ সময়ত তেৰা খোংচাংবিৰ এটা ঘৰত অগ্নিসংযোগ কৰা হয় । আহত মণিপুৰ আৰক্ষীৰ কমাণ্ডোজনক ৪০ বছৰীয়া নেমিৰাকপাম ইবোমচা বুলি চিনাক্ত কৰা হৈছে । এগৰাকী আৰক্ষী জোৱানে কোৱা মতে যে, মৰ্টাৰ বিস্ফোৰণত তেওঁৰ সোঁ ভৰি আৰু সোঁ কাণত স্প্লিণ্টাৰে আঘাত কৰে । সেনা জোৱানজন কুমাও ৰেজিমেণ্টৰ যদিও বাতৰি লিখা সময়লৈ তেওঁক চিনাক্ত কৰা হোৱা নাই ।

ইফালে ড্ৰোণত কিছুমান দৃশ্য বন্দী হৈছে য'ত উগ্ৰপন্থীসকলে তেওঁলোকৰ কিছুমান সহকৰ্মীক কঢ়িয়াই নিয়া দেখা গৈছে । অৱশ্যে সেই উগ্ৰপন্থীসকল আঘাতপ্ৰাপ্ত হৈছে নে নাই সেয়া নিশ্চিত হোৱা নাই । ইফালে ঘটনাটোক লৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে । সমান্তৰালকৈ নিৰাপত্তা বাহিনীয়েও উগ্ৰপন্থীসকলক বিচাৰি অভিযান তীব্ৰতৰ কৰি তুলিছে ।

উল্লেখ্য যে, প্ৰায় ৩ মাহ পূৰ্বে মণিপুৰত কুকি আৰু মেইটেই সম্প্ৰদায়ৰ মাজত জাতিগত হিংসা আৰম্ভ হৈছিল । যাৰ ফলত তেতিয়াৰ পৰা ৰাজ্যখনত ১৬০ জনৰো অধিক লোক নিহত হয় আৰু শ শ লোক আহত হয় ।

লগতে পঢ়ক :Manipur Violence: গুলী আৰু ধোঁৱাৰ মাজত মণিপুৰৰ বিষ্ণুপুৰ; উত্তেজনা অব্যাহত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.