ETV Bharat / bharat

Amritsar Heritage Street Blast : বিস্ফোৰণ কাণ্ডৰ পিচত স্বৰ্ণ মন্দিৰৰ সুৰক্ষা ব্যৱস্থাক লৈ প্ৰশ্ন

author img

By

Published : May 8, 2023, 10:06 PM IST

পঞ্জাবৰ অমৃতসৰত প্ৰথমটো বিস্ফোৰণ সংঘটিত হয় শনিবাৰে নিশা ১১.৩০ বজাত । অনুসন্ধানৰ পিচত বিস্ফোৰণস্থলীৰ পৰা পটাছিয়াম, নাইট্ৰেট আৰু ছালফাৰ কণা পোৱা গৈছে বুলি কোৱা হৈছে । আনহাতে, দ্বিতীয়টো বিস্ফোৰণ সংঘটিত হয় সোমবাৰে পুৱা প্ৰায় 6 বজাত (Amritsar Heritage Street Blast) ।

Amritsar Heritage Street Blast
Amritsar Heritage Street Blast

নিউজ ডেস্ক, ৮ মে' : শিখ ধৰ্মাৱলম্বীসকলৰ বিশ্বাসৰ আটাইতকৈ ডাঙৰ কেন্দ্ৰ আৰু পঞ্জাবৰ সবাতোকৈ ডাঙৰ পৰ্যটন কেন্দ্ৰটো বৰ্তমান বিস্ফোৰণৰ শব্দই জোঁকাৰি গৈছে (Amritsar Heritage Street Blast) । শেহতীয়াভাৱে হৰমন্দিৰ চাহিবৰ কৰিড'ৰত অৱস্থিত হেৰিটেজ ষ্ট্ৰীটত মাত্ৰ ৩১ ঘণ্টাৰ ব্যৱধানতে এটাৰ পিছত আনটোকৈ দুটা বিস্ফোৰণ সংঘটিত হয় । উল্লেখ্য, হৰমন্দিৰ চাহিব হৈছে এনে এক ধৰ্মীয় স্থান য'ত এদিনতে লাখ লাখ লোক একত্ৰিত হয় । দূৰ-দূৰণিৰ পৰা ভক্তসকলে হৰমন্দিৰ চাহিবলৈ প্ৰণাম কৰিবলৈ আহে (Golden Temple of Amritsar) ।

আনহাতে, বিস্ফোৰণৰ ঘটনা সংঘটিত হোৱাৰ পিছতে অঞ্চলটোৰ পৰিৱেশ উত্তেজনাপূৰ্ণ হৈ পৰিছে । উল্লেখ্য যে, পৰ্যটক আৰু তীৰ্থযাত্ৰীৰ অতি মাত্ৰা প্ৰৱেশৰ বাবে অঞ্চলটো অতি সংবেদনশীল (Safety steps around Golden Temple Amritsar) ।

সংবেদনশীল অঞ্চল স্বৰ্ণ মন্দিৰ কৰিড'ৰ : হৰমন্দিৰ চাহিবৰ চাৰিওফালৰ কিছুমান এলেকাক সংবেদনশীল বুলিও ক'ব পাৰি । কিয়নো প্ৰতিদিনে লাখ লাখ লোক তাত চাৰিওফালে একত্ৰিত হয় । তাত অৱস্থিত জালিয়ানৱালাবাগ আৰু হেৰিটেজ ষ্ট্ৰীট দিনে-নিশাই ব্যস্ত হৈ থাকে ।

শনিবাৰ আৰু দেওবাৰে তালৈ যোৱা তীৰ্থযাত্ৰীৰ সংখ্যা আৰু অধিক হয় । মাচিয়া, সংগ্ৰাানন্দ আৰু অন্যান্য গুৰপৰৱ অনুষ্ঠান উপলক্ষে তাত সংগতৰ সমাবেশ দুগুণ হয় । এক জনবহুল এলেকা হোৱাৰ বাবে লোকসকল আৰু অঞ্চলটোৰ সুৰক্ষা অতি গুৰুত্বপূৰ্ণ । বিভিন্ন সময়ত তাত পকেটমাৰ আৰু চুৰিৰ দৰে বহুতো ঘটনা সংঘটিত হোৱাৰো তথ্য আছে । কিন্তু বিস্ফোৰণৰ দৰে ঘটনা অঞ্চলটোত পূৰ্বতে কেতিয়াও হোৱা নাছিল । এই ক্ষেত্ৰত সদায় যিকোনো অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱাৰ আশংকা থাকে ।

দৰবাৰ চাহিবৰ নিৰাপত্তা ব্যৱস্থা (Darbar Sahib security measures) : ১৯৮৪ চনৰ জুন মাহৰ ঘল্লুঘাৰা অনুষ্ঠানৰ পূৰ্বে সমগ্ৰ অমৃতসৰ চাহিবত আৰক্ষী মোতায়েন কৰা হয় । এই দিনবোৰত হৰমন্দিৰ চাহিব আৰু তাৰ চাৰিওফালৰ নিৰাপত্তা বৃদ্ধি কৰা হয় । কিন্তু সাধাৰণ দিনত দৰবাৰ চাহিব আৰু হেৰিটেজ ষ্ট্ৰীটৰ চাৰিওফালে মাত্ৰ কেইজনমানহে আৰক্ষী থাকে ।

দৰবাৰ চাহিবৰ ভিতৰৰ বেছিভাগ দায়িত্ব এছজিপিচি (SGPC) কৰ্মচাৰীসকলৰ ওপৰত ন্যস্ত থাকে । অৱশ্যে সময়ে সময়ে এছজিপিচি আৰু প্ৰশাসনে নিৰাপত্তা ব্যৱস্থাৰ পৰ্যালোচনা কৰিবলৈ বৈঠকত মিলিত হয় । শ্ৰী হৰমন্দিৰ চাহিবৰ পৰিচালনা সমিতিক তীৰ্থযাত্ৰীসকলৰ সুৰক্ষাৰ বাবে কাম কৰিবলৈ আৰু শ্ৰী দৰবাৰ চাহিব, লংগৰ হল, চৰাই, জোৰা ঘৰ আদি কঠোৰভাৱে নিৰীক্ষণ কৰিবলৈ কোৱা হৈছে ।

নিৰাপত্তা ব্যৱস্থা সন্দৰ্ভত এছজিপিচিয়ে 77106-12131 নম্বৰৰ এটা মোবাইল নম্বৰো জাৰি কৰিছে । ভক্তসকলৰ সুবিধাৰ বাবে এই নম্বৰ 24 ঘণ্টাই কাৰ্যক্ষম হৈ থাকিব । এই সংখ্যাটো ২০১৮ চনত মুকলি কৰা হৈছিল । এছজিপিচিয়ে দাবী কৰিছে যে হৰমন্দিৰ চাহিব চৌহদত চিচি টিভি কেমেৰা স্থাপন কৰা হৈছে । কেমেৰাৰ জৰিয়তে কঠোৰ নিৰীক্ষণ কৰি থকা হৈছে আৰু ইয়াৰ উপৰি সকলো ঠাইতে পৰিচাৰকসকলক নিয়োগ কৰা হৈছে (Harmandir Sahib premises explosion) । অৱশ্যে দৰবাৰ চাহিবৰ চৌদিশে সামান্য সংখ্যক আৰক্ষীহে আছে । কিন্তু সতৰ্কতামূলক সময়ত আৰু কিবা ডাঙৰ অনুষ্ঠানৰ সময়ত আৰক্ষীৰ নিৰাপত্তা বৃদ্ধি কৰা হয় ।

এটাৰ পিছত আন এটাকৈ দুটা বিস্ফোৰণ : পঞ্জাবৰ অমৃতসৰত প্ৰথমটো বিস্ফোৰণ সংঘটিত হয় শনিবাৰে নিশা ১১.৩০ বজাত । অনুসন্ধানৰ পিছত বিস্ফোৰণস্থলীৰ পৰা পটাছিয়াম, নাইট্ৰেট আৰু ছালফাৰ কণা পোৱা গৈছে বুলি কোৱা হৈছে ।

যদিও এই বিস্ফোৰণত কোনো প্ৰাণহানি হোৱা নাই, কিন্তু 6 গৰাকী তীৰ্থযাত্ৰী আহত হোৱা বুলি কোৱা হৈছে । ঘটনাস্থলীৰ ওচৰত দুটা কেমেৰা স্থাপন কৰা হৈছে । কিন্তু চিচি টিভি কেমেৰাৰ ফুটেজ এতিয়াও আৰক্ষীৰ হাতত পৰা নাই আৰু বিস্ফোৰণৰ কাৰণ সন্দৰ্ভতো জানিব পৰা হোৱা নাই । আনহাতে, দ্বিতীয়টো বিস্ফোৰণ সংঘটিত হয় সোমবাৰে পুৱা প্ৰায় 6 বজাত । তাৰো তদন্ত চলি আছে ।

নিৰাপত্তাৰ বাবে কেমেৰা স্থাপন কৰা হৈছে যদিও নাই কোনো ফুটেজ : এইটোও কোৱা হৈছে যে অমৃতসৰ প্ৰশাসনে দৰবাৰ চাহিব আৰু ইয়াৰ চাৰিওফাল সম্পূৰ্ণ নিৰীক্ষণত ৰখাৰ বাবে সকলো ঠাইতে কেমেৰা স্থাপন কৰিছে । কিন্তু প্ৰশ্নটো হৈছে, সুৰক্ষাৰ বাবে এই কেমেৰাবোৰ কিমান কাৰ্যকৰী ? কিয়নো ঘটনাস্থলীত দুটা চিচি টিভি কেমেৰা থকা সত্ত্বেও তাৰ ফুটেজ আৰক্ষীয়ে এতিয়ালৈকে সংগ্ৰহ কৰিবলৈ সক্ষম হোৱা নাই । আনহাতে, বোমা বিস্ফোৰণৰ স্থানৰ কিছু অংশ চিচি টিভি কেমেৰাত দৃশ্যমান নহয় । অৱশ্যে বিস্ফোৰণটো উক্ত ফুটেজত দৃশ্যমান হৈছে ।

লগতে পঢ়ক :Manipur crisis update: মণিপুৰৰ ঠায়ে ঠায়ে সান্ধ্য আইন শিথিল; সেনাৰ উদ্ধাৰ অভিযান অব্যাহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.