ETV Bharat / bharat

বোমাতংক: দিল্লীৰ বিমানবন্দৰত কটকটীয়া নিৰাপত্তা

author img

By

Published : Aug 8, 2021, 1:03 PM IST

বোমা বিস্ফোৰণৰ ভাবুকি সম্পৰ্কীয় ই-মেইল লাভ কৰাৰ পাছতে ৰাজধানী চহৰ নতুন দিল্লীৰ বিমানবন্দৰত তীব্ৰ উত্তেজনা । চাৰিওফালে আৰক্ষী তথা সুৰক্ষা কৰ্মীয়ে তালাচী অভিযান আৰম্ভ কৰে । বিমানবন্দৰৰ ভিতৰতো কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে ।

IGI airport after threat email
দিল্লী বিমানবন্দৰত পুনৰ বোমাতংক

নেশ্যনেল ডেস্ক, ৮ আগষ্ট : স্বাধীনতা দিৱসলৈ মাজত মাত্ৰ কেইটামান দিন বাকী । কিন্তু তাৰ প্ৰাকক্ষণতে এটা বিশেষ ই-মেইলক লৈ দিল্লী বিমানবন্দৰত উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হৈছে । সন্ত্ৰাসবাদী সংগঠন আল কায়দাই (Al Qaeda) দিল্লীত বোমা বিস্ফোৰণৰ পৰিকল্পনা কৰা সন্দৰ্ভত দিল্লী আৰক্ষীয়ে এক ভাবুকিসূচক মেইল লাভ কৰাৰ পাচতে ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় (IGI) বিমানবন্দৰত নিৰাপত্তা বেষ্টনী কটকটীয়া কৰি তোলা হৈছে ।

বিমানবন্দৰে প্ৰকাশ কৰা এক আনুষ্ঠানিক বিবৃতি অনুসৰি, তদন্তৰ অন্তত উক্ত ভাবুকিৰ কোনো সত্যতা নাই বুলি প্ৰমাণ হৈছে আৰু সেয়ে বিমানবন্দৰৰ পৰা Bomb Threat Assessment Committee (BTAC) বাতিল কৰা হৈছে ৷ শনিবাৰে আইজিআই আৰক্ষী থানাই এয়াৰলাইন অপাৰেচন কণ্ট্ৰ’ল চেণ্টাৰক (AOCC) আইজিআই বিমানবন্দৰত আল কায়দা সংগঠনে বোমা বিস্ফোৰণৰ পৰিকল্পনা কৰা সন্দৰ্ভত এক ই-মেইল লাভ কৰাৰ বিষয়ে অৱগত কৰে ।

আৰক্ষীয়ে অৱগত কৰা মতে, কৰণবীৰ সুৰি ওৰফে মহম্মদ জালাল আৰু কৰণবীৰ সুৰিৰ পত্নী শৈলী শাৰদা ওৰফে হাছিনা নামৰ দম্পতীটোৱে দেওবাৰে ছিংগাপুৰৰ পৰা ভাৰতলৈ আহি 1ৰ পৰা 3 দিন ধৰি বিমানবন্দৰতে বোমা ৰখাৰ পৰিকল্পনা কৰিছে বুলি মেইলটোত উল্লেখ আছিল ৷ এই খবৰ লাভ কৰাৰ লগে লগে বিমানবন্দৰত একপ্ৰকাৰ উত্তপ্ত পৰিস্থিতিৰ উদ্ভৱ হয় ৷

খবৰ লাভ কৰাৰ পাচতে চাৰিওফালে কটকটীয়া নিৰাপত্তা গঢ়ি তোলা হয় । বিমানবন্দৰত বোমা বিশেষজ্ঞৰ দল উপস্থিত হোৱাৰ লগে লগে বোমা পৰীক্ষণ যন্ত্ৰৰে সকলো স্থানতে পৰীক্ষা আৰম্ভ কৰা হয় । সমান্তৰালভাৱে ই-মেইল পৰীক্ষাৰ বাবেও সংশ্লিষ্ট বিভাগসমূহে তৎপৰতাৰে কাম আৰম্ভ কৰে ৷

অৱশেষত পৰীক্ষাৰ অন্তত নিৰাপত্তা অভিযান নিয়ন্ত্ৰণ কেন্দ্ৰই (SOCC) জানিব পাৰিলে যে শেহতীয়াকৈ বিমানবন্দৰ কৰ্তৃপক্ষই একে ধৰণৰ ভাবুকি লাভ কৰিছিল আৰু উক্ত ভাবুকিপূৰ্ণ মেইলটোত একে নামৰ দম্পত্তিৰ কথা উল্লেখ কৰা হৈছিল ।

নিৰাপত্তা অভিযান নিয়ন্ত্ৰণ কেন্দ্ৰই বিষয়টো বিমানবন্দৰ কৰ্তৃপক্ষক অৱগত কৰাৰ পাচতে বিমানবন্দৰ কৰ্তৃপক্ষই ভাবুকিটোৰ কোনো সত্যতা নাই বুলি বিবৃতিযোগে প্ৰকাশ কৰে । তথাপিও বিমানবন্দৰত পূৰ্বতকৈ অধিক সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি কৰ্তৃপক্ষই অৱগত কৰে । ইফালে স্বাধীনতা দিৱসৰ প্ৰতি লক্ষ্য ৰাখি ৰাষ্ট্ৰীয় ৰাজধানীত কটকটীয়া নিৰাপত্তা গঢ়ি তোলা হৈছে ।

লগতে পঢ়ক :ত্ৰিপুৰাত পুনৰ তৃণমূল কংগ্ৰেছৰ নেতাৰ ওপৰত আক্ৰমণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.