নেশ্যনেল ডেস্ক,১৮ জুলাই : ভাৰত আৰু পাকিস্তানৰ সীমান্তত থকা জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদ বিৰোধী অভিযান অব্যাহত আছে । পাকিস্তানী সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ভাৰতীয় নিৰাপত্তা বাহিনীয়ে প্ৰায়ে অভিযান চলাই । জম্মু-কাশ্মীৰৰ বিভিন্ন অঞ্চলৰ ভিতৰত পুঞ্চ অন্যতম । পুঞ্চত চলি থকা এক এনকাউণ্টাৰ ৪ টাকৈ সন্ত্ৰাসবাদী নিহত হোৱাৰ খবৰ পোৱা গৈছে ।
উল্লেখ্য যে পুঞ্চ জিলাৰ চুৰানকোট অঞ্চলত সোমবাৰৰ পৰা এক এনকাউণ্টাৰ আৰম্ভ হয় । বিশেষ সূত্ৰৰ খবৰৰ ভিত্তিত পুঞ্চৰ চুৰানকোট তহচিলৰ ওচৰৰ সাধাৰণ এলেকা সিন্দাৰা আৰু ময়দানাত নিৰাপত্তা বাহিনীয়ে অভিযানটো আৰম্ভ কৰে । ভাৰতীয় সেনাৰ বিশেষ বাহিনী, ৰাষ্ট্ৰীয় ৰাইফলছ আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ বিশেষ অভিযানকাৰী দলে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যুটীয়া এনকাউণ্টাৰটো চলায় ।
জানিব পৰা মতে অঞ্চলটোত সোমবাৰৰ পৰাই ব্যাপক হাৰত গুলীবৰ্ষণ চলি আছে । আনহাতে মঙলবাৰে পুৱা জম্মু জ'নৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান মুকেশ সিঙে জনোৱা মতে এই সংঘৰ্ষত ৪ টা সন্ত্ৰাসবাদী নিহত হৈছে । অৱশ্যে এতিয়ালৈ সন্ত্ৰাসবাদীকেইটা চিনাক্ত হোৱা নাই ।
-
Operation Trinetra II.
— White Knight Corps (@Whiteknight_IA) July 18, 2023 " class="align-text-top noRightClick twitterSection" data="
In a major Cordon and Search Operation, acting on specific intelligence four terrorists were eliminated in a Joint Operation by #IndianArmy & @JKP near Sindarah and Maidana villages in tehsil #Surankote of #Poonch district. Along with the terrorists four… pic.twitter.com/OFtSNmdDVs
">Operation Trinetra II.
— White Knight Corps (@Whiteknight_IA) July 18, 2023
In a major Cordon and Search Operation, acting on specific intelligence four terrorists were eliminated in a Joint Operation by #IndianArmy & @JKP near Sindarah and Maidana villages in tehsil #Surankote of #Poonch district. Along with the terrorists four… pic.twitter.com/OFtSNmdDVsOperation Trinetra II.
— White Knight Corps (@Whiteknight_IA) July 18, 2023
In a major Cordon and Search Operation, acting on specific intelligence four terrorists were eliminated in a Joint Operation by #IndianArmy & @JKP near Sindarah and Maidana villages in tehsil #Surankote of #Poonch district. Along with the terrorists four… pic.twitter.com/OFtSNmdDVs
ইয়াৰ পূৰ্বে হোৱাইট নাইট কৰ্পছে টুইটাৰযোগে জনোৱা মতে নিৰাপত্তা বাহিনীয়ে অঞ্চলটো ঘেৰাও কৰি ৰাখিছিল আৰু অভিযান চলাই আছিল ।টুইটাৰত লগতে কৈছিল যে নিৰ্দিষ্ট চোৰাংচোৱা তথ্যৰ ভিত্তিত অঞ্চলটোত যুটীয়া অভিযান আৰম্ভ কৰা হয় । নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত প্ৰচণ্ড সংঘৰ্ষ হৈ থকাৰো খবৰ পোৱা গৈছিল । আনহাতে সোমবাৰে জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাৰ নিয়ন্ত্ৰণ ৰেখাত সন্ত্ৰাসবাদীৰ অনুপ্ৰৱেশৰ চেষ্টা বিফল কৰা হয় । য'ত নিৰাপত্তা বাহিনীয়ে এটা সন্ত্ৰাসবাদীক গুলীয়াই হত্যা কৰে ।
ভাৰতীয় সেনা আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ এই অভিযানত অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদৰ সৈতে বৃহৎ পৰিমাণৰ সামগ্ৰী জব্দ কৰা হয় । বিষয়াসকলে জনোৱা মতে ভাৰতীয় সেনা আৰু জম্মু কাশ্মীৰ আৰক্ষীৰ এক যুটীয়া অভিযানত পুঞ্চৰ কৃষ্ণা ঘাটি চেক্টৰত নিশা অনুপ্ৰৱেশৰ চেষ্টা বিফল কৰা হয় । বিষয়াসকলে লগতে কয় যে নিয়ন্ত্ৰণ ৰেখাৰ সমীপত পুঞ্চ নদীৰ ওচৰতো সন্ত্ৰাসবাদীৰ গতি বিধি দেখা গৈছিল । লগে লগে নিৰাপত্তা বাহিনীয়ে সন্ত্ৰাসবাদীক লক্ষ্য কৰি গুলীচালনা কৰে । পৰৱৰ্তী গুলীচালনাত দুটা সন্ত্ৰাসবাদী আঘাতপ্ৰাপ্ত হোৱা বুলি জানিব পৰা গৈছে ।
পাছত তালাচী চলাই সেই স্থানৰ পৰা এটা সন্ত্ৰাসবাদীৰ মৃতদেহ উদ্ধাৰ কৰা হয় । উদ্ধাৰ হোৱা সামগ্ৰীবোৰৰ ভিতৰত আছে মেগজিনৰ সৈতে এটা এ.কে ৭৪ ৰাইফল, ১১ ৰাউণ্ড আৰু অন্যান্য সামগ্ৰী ।
লগতে পঢ়ক :Explosion in a paint industry: ১৪ জন লোক গুৰুতৰভাৱে অগ্নিদগ্ধ; ১১ জনৰ অৱস্থা সংকটজনক