নেশ্যনেল ডেস্ক, ২৩ এপ্ৰিল: শুকুৰবাৰে জম্মু-কাশ্মীৰৰ পুলৱামাত এটা আই ই ডি উদ্ধাৰ কৰে নিৰাপত্তা বাহিনীয়ে । পুৱা পুলৱামাৰ পথৰ দাঁতিত পৰি থকা অৱস্থাত নিৰাপত্তা বাহিনীয়ে আই ই ডিটো প্ৰত্যক্ষ কৰে ।
আৰক্ষীয়ে জনোৱা মতে, নিৰাপত্তা বাহিনীয়ে আই ই ডিটো উদ্ধাৰ কৰি সফলভাৱে নিষ্ক্ৰিয় কৰিবলৈ সক্ষম হয় । ভয়াৱহ দুৰ্ঘটনা সংঘটিত হোৱাৰ পূৰ্বেই প্ৰতিহত কৰিবলৈ সক্ষম হয় নিৰাপত্তা বাহিনীয়ে ।
বিগত দিনকেইটাত জম্মু-কাশ্মীৰত বিশেষকৈ দক্ষিণ কাশ্মীৰত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত গুলীয়াগুলিৰ ঘটনা সংঘটিত হৈছে আছে । এনে সময়তে আই ই ডি উদ্ধাৰৰ ঘটনাই উদ্বেগজনক পৰিস্থিতিৰ সৃষ্টি কৰিছে ।
লগতে পঢ়ক:ক’ভিড কেয়াৰ কেন্দ্ৰৰ খিৰিকী ভাঙি 31 জন ক’ভিড আক্ৰান্তৰ পলায়ন