নেশ্যনেল ডেস্ক, ৭ এপ্ৰিল: শ্ৰীনগৰৰ সমীপৱৰ্তী অঞ্চল গুলবাগত সন্ত্ৰাসবাদীয়ে আত্মগোপন কৰি থকাৰ সন্দেহত মঙলবাৰে নিশাৰে পৰা কৰ্ডন এণ্ড চাৰ্চ অপাৰেচন (চিএএছঅ')য়ে অভিযান অব্যাহত ৰাখিছে । বৰ্তমানলৈকে আত্মগোপন কৰি থকা সন্ত্ৰাসবাদীৰ কোনো সন্ধান উলিয়াব পৰা নাই বুলি জানিবলৈ দিয়ে অভিযানকাৰী দলটোৱে ।
বিগত সপ্তাহত, চোপিয়ান জিলাত আৰক্ষী বেষ্টনীয়ে চলোৱা তালাচী অভিযানত সন্ত্ৰাসবাদীৰ নিৰ্বিচাৰ গুলীচালনাত এগৰাকী সুৰক্ষা কৰ্মীয়ে প্ৰাণ হেৰুৱাইছিল । এই আক্ৰমণেৰে জড়িত দুজন সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ।
উল্লেখ্য যে, শনিবাৰে বিগত বৰ্ষৰ ১২ ডিচেম্বৰত জম্মু-কাশ্মীৰৰ চপৰ আৰক্ষী পোষ্ট বাছ ষ্টেণ্ডত হেণ্ড গ্ৰেণেড আক্ৰমণৰ সন্দৰ্ভত লস্কৰ-ই-তৈবা সংগঠনৰ দুজন সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰে শ্ৰীনগৰ আৰক্ষীয়ে । ইফালে, বিজেপিৰ নেতা আনৱাৰ খানৰ বাসগৃহত সংঘটিত আক্ৰমণেৰে জড়িত তিনিজন সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । সন্ত্ৰাসবাদীৰ এই আক্ৰমণত এগৰাকী আৰক্ষীৰ মৃত্যু হৈছিল ।