ETV Bharat / bharat

scrub typhus কি আৰু কিদৰে কৰিব ইয়াৰ প্ৰতিকাৰ

author img

By

Published : Aug 31, 2021, 10:37 AM IST

উত্তৰ প্ৰদেশৰ মথুৰাত প্ৰায় দুই ডজন লোক আক্ৰান্ত হোৱা scrub typhus প্ৰকৃততে কি আৰু আপুনি এই ৰোগত আক্ৰান্ত নহ’বলৈ কি কৰিব লাগিব ? আহক জানো সেই সন্দৰ্ভত কিছু কথা-

scrub typhus, the mysterious fever which killed 2 dozen of people at UP
scrub typhus কি আৰু ইয়াৰ প্ৰতিকাৰ

নিউজ ডেস্ক, 31 আগষ্ট : উত্তৰ প্ৰদেশৰ মথুৰাত ইতিমধ্যে এক ৰহস্যজনৰ জ্বৰত আক্ৰান্ত হৈ কেইবাগৰাকীয়ো লোক মৃত্যুমুখত পৰিছে ৷ এই ৰোগবিধত বৰ্তমানলৈকে প্ৰায় 24 গৰাকী লোক আক্ৰান্ত হৈছে ৷ স্বাস্থ্য বিভাগৰ দলে মথুৰাৰ কাহ গাঁৱত এই ৰহস্যজনৰ জ্বৰৰ তথ্য লাভ কৰাৰ পিছতে আক্ৰন্ত লোকসকলৰ নমুনা সংগ্ৰহ কৰে ৷ পৰীক্ষাৰ অন্তত এই নমুনাসমূহ scrub typhusত আক্ৰান্ত বুলি ধৰা পৰে ৷

scrub typhus কি ?

ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ কেন্দ্ৰ (Centers for Disease Control and Prevention)ৰ মতে scrub typhus হ’ল এবিধ ৰোগ যি Orientia tsutsugamushi নামৰ বেক্টেৰিয়াৰ দ্বাৰা সৃষ্টি হয় ৷ ইয়াক bush typhus বুলিও জনা যায় ৷ এই ৰোগবিধ Orientia tsutsugamushi বেক্টেৰিয়াৰ দ্বাৰা আক্ৰান্ত চিগাৰ কীটে কামোৰৰ পিছতে কোনো লোক এইৰোগত আক্ৰান্ত হয় ৷

scrub typhus ৰ লক্ষণসমূহ :

scrub typhus ৰ লক্ষণসমূহো অন্য বেক্টেৰিয়া সৃষ্ট ৰোগসমূহৰ দৰেই হয় ৷ চিগাৰ কীটে কামোৰৰ প্ৰায় 10 দিনৰ ভিতৰত ব্যক্তিগৰাকী এইৰোগত আক্ৰান্ত হয় ৷ আক্ৰান্ত ব্যক্তিগৰাকী চৰ্দি, জ্বৰ, মূৰৰ বিষ, দেহৰ বিষ, মাংসপেশীৰ বিষত আক্ৰান্ত হয় ৷

চিগাৰে কীটে কামোৰা ঠাইডোখৰ ক’লা হৈ পৰে ৷ ৰোগ নিয়ন্ত্ৰণ আৰু নিৰ্মূল কেন্দ্ৰৰ মতে Orientia tsutsugamushiৰ সংস্পৰ্শলৈ অহা ব্যক্তিগৰাকীৰ মানসিক সাল-সলনি হয় আনকি ব্যক্তিগৰাকী ক’মালৈ যাব পাৰে ৷

ইয়াৰ উপৰিও কিছুসংখ্যক ৰোগী গাঁঠিৰ বিষ, ইয়াৰ লক্ষ্যণসমূহ ছিকেনগুণিয়াৰ দৰে হয় ৷ শ্বাস-প্ৰশ্বাসজনিত সমস্যা, মস্তিস্ক আৰু হাওফাওৰ সমস্যা, কিডনী বিকল হোৱা, বিভিন্ন অংগ বিকল হোৱা ৷

scrub typhus ৰ বাবে ভেকচিন উপলদ্ধ নেকি ?

ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ কেন্দ্ৰৰ মতে বৰ্তমানলৈকে কোনো প্ৰতিষেধক উদ্ভাৱন হোৱা নাই ৷ এই ৰোগৰ পৰা আঁতৰি থকাৰ একমাত্ৰ উপায়টো হ’ল আক্ৰান্ত চিগাৰ কীটৰ সংস্পৰ্শলৈ নহা ৷ গতিকে এনে অঞ্চল য’ত scrub typhus সাধাৰণ, তেনে অঞ্চললৈ গ’লে লোকসকলে বন, জংঘল নতুবা ঘাঁহ আদি থকা ঠাইৰ পৰা আঁতৰি থকা উচিত ৷

ভাৰতৰ বাহিৰেও ইণ্ডোনেছিয়া, চীন, জাপান, উত্তৰ অষ্ট্ৰেলিয়াৰ গ্ৰামাঞ্চলসমূহতো এই ৰোগৰ তথ্য পোৱা গৈছে ৷

scrub typhus ৰ চিকিৎসা :

যদি কোনো লোক এই ৰোগত আক্ৰান্ত হয়, তেন্তে তেওঁক doxycycline এণ্টিবায়’টিক প্ৰদান কৰা হয় ৷ যিসকল ৰোগীক প্ৰথমাৱস্থাৰ পৰাই doxycycline প্ৰদান কৰা হয় তেওঁলোক সোনকালে আৰোগ্য হয় বুলি জানিব পৰা গৈছে ৷

ইয়াৰ উপৰিও ৰোগ নিয়ন্ত্ৰণ আৰু নিৰ্মূল কেন্দ্ৰই scrub typhus আক্ৰান্ত অঞ্চলসমূহৰ লোকসকলৰ লগতে শিশুসকলক হাত-ভৰি আৱৰা পোচাক পৰিধানৰ বাবে পৰামৰ্শ প্ৰদান কৰিছে ৷ ইয়াৰ লগতে পৰিধান কৰা কাপোৰসমূহ 0.5% পাৰমেথ্ৰিনৰ সৈতে ধুবলৈ কৈছিল কিয়নো ই চিগাৰ কীট মৰাত সহায় কৰে ৷

লগতে পঢ়ক : জনা-নজনা : বিমানৰ বাহিৰত সঁচাকৈ ওলমি যাব পাৰি নে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.