ETV Bharat / bharat

Danger On Haridwar: হৰিদ্বাৰলৈ অশনি সংকেত কঢ়িয়াইছে মনসা দেৱী পাহাৰৰ ভূমিস্খলনে

author img

By

Published : Jan 8, 2023, 10:41 AM IST

কালিকা লাগিছে উত্তৰাখণ্ডত (Uttarakhanad natural disaster)৷ উত্তৰাখণ্ডৰ যোশীমঠ চহৰৰ ভূমিস্খলনত সকলোৱে মনোনিৱেশ কৰি থকাৰ মাজতে আন এখন চহৰলৈ বিপদৰ ঘণ্টা বাজিছে (big threat to Haridwar)৷ হৰিদ্বাৰত মনসা দেৱী পাহাৰৰ ভূমিস্খলন হোৱাৰ ফলত চহৰখনত ভয়ংকৰ দুৰ্যোগ সংঘটিত হোৱাৰ আশংকা কৰিছে বিজ্ঞানীসকলে (landslide threat to Haridwar)৷

scientists-report-hills-of-mansa-devi-landslide-as-a-big-threat-to-haridwar
হৰিদ্বাৰলৈ অশনি সংকেত

নেশ্যনেল ডেস্ক, 8 জানুৱাৰী: উত্তৰাখণ্ডৰ কেৱল পাহাৰীয়া চহৰবোৰতে নহয়, সমভূমিতো বিপদৰ ঘণ্টা বাজিছে (big threat to Haridwar)৷ যোশীমঠ চহৰৰ পিছত এইবাৰ দেৱভূমি হৰিদ্বাৰলৈ ভূমিস্খলনে ভয়ংকৰ দুৰ্যোগ নমাই অনাৰ শংকা কৰিছে বিজ্ঞানীসকলে ৷ হৰিদ্বাৰ চহৰৰ শিৱালিক পৰ্বতৰ ওপৰত অৱস্থিত মনসা দেৱী পাহাৰৰ (Mansa Devi hills) চাৰিওফালে থকা পাহাৰসমূহে নিৰন্তৰ ভাবুকি মাতিছে (হৰিদ্বাৰ) (landslide threat to Haridwar) ৷ যাৰ বাবে পাহাৰৰ তলত বাস কৰা লোকসকলে ভয়ে ভয়ে জীয়াই থাকিবলৈ বাধ্য হৈছে ৷

বিগত দুবছৰ পূৰ্বে মনসা দেৱীৰ পাহাৰসমূহত আইআইটি ৰুৰকীৰ এটা দলে পৰীক্ষা কৰিছিল ৷ তাৰ পিছতে তেওঁলোকে এখন প্ৰতিবেদন দাখিল কৰিছিল (scientists report hills of Mansa Devi)৷ প্ৰতিবেদনখনত বিজ্ঞানীসকলে কৈছিল যে, মনসা দেৱীৰ পাহাৰসমূহ অতিকৈ দুৰ্বল ৷ দিনক দিনে পাহাৰসমূহ অধিক দুৰ্বল হৈ আহি আছে ৷ ইফালে মনসা দেৱীৰ পাহাৰ সম্পৰ্কে প্ৰায় 20 বছৰ আগতে প্ৰখ্যাত হৰিদ্বাৰ-ভিত্তিক পৰিৱেশবিদ বি ডি যোশীয়ে একে ধৰণৰ প্ৰতিবেদন প্ৰস্তুত কৰিছিল ৷ বি ডি যোশীয়ে তেতিয়াও কৈছিল যে, অনাগত সময়ত এই পাহাৰসমূহ দিনক দিনে দুৰ্বল হৈ পৰিব ৷ ই হৰিদ্বাৰৰ বাবে বিপদজনক বুলি প্ৰমাণিত হ'ব পাৰে ৷

হৰিদ্বাৰৰ ভূতাত্ত্বিকসকলে কৈছে যে মনসা দেৱী মন্দিৰৰ চাৰিওফালৰ পাহাৰবোৰ বালিময় পৰ্বত হোৱাৰ বাবে ই ক্ৰমাৎ বেঁকা হৈ আহিছে ৷ কোনো উপযুক্ত পদক্ষেপ গ্ৰহণ নকৰাকৈ হৰিদ্বাৰৰ পৰা মতিচুৰলৈ মনসা দেৱীৰ পৰ্বতমালাৰ তলত কোটি কোটি টকা ব্যয়েৰে এটা পথ নিৰ্মাণ কৰা হৈ আছে ৷ কিন্তু প্ৰতিটো বাৰিষাত এই পথসমূহ বিধ্বস্ত হৈ যোৱাৰ বাবে এই পথটো বন্ধ হৈ থাকে ৷ বৰষুণৰ দিনত এই পথসমূহত ভ্ৰমণ কৰাটো বিপদমুক্ত নহয় ৷

বিজ্ঞানীসকলৰ মতামাত অনুসৰি মনসা দেৱীৰ পৰ্বতৰ তলত পাৰ হৈ যোৱা ৰে’লৰ কম্পনৰ বাবে আৰু অধিক পাহাৰটো দুৰ্বল হৈ পৰিছে ৷ ভূতাত্ত্বিক বি ডি যোশীয়ে কোৱা অনুসৰি মনসা দেৱীৰ পৰ্বতবোৰ বৰ কেঁচা ৷ ই শিলৰ ওপৰত নিৰ্মিত পৰ্বত নহয়, ই বালিৰ পাহাৰ ৷ ফলত পাহাৰবোৰত এতিয়া ভূমিৰ খহনীয়া বৃদ্ধি পাইছে ৷ ইফালে পাহাৰসমূহৰ পৰা গছ খহি পৰাৰ ফলত পাহাৰসমূহ অতি দুৰ্বল হৈ পৰিছে ৷ যদি অচিৰেই চৰকাৰে ইয়াৰ প্ৰতি মনোযোগ নিদিয়ে, তেন্তে হৰিদ্বাৰবাসীয়ে গুৰুতৰ পৰিণামৰ সন্মুখীন হ'ব লাগিব পাৰে ৷

একে সময়তে হৰিদ্বাৰৰ বাসিন্দা সঞ্জীৱ নায়াৰে কয় যে যিদৰে যোশীমঠত কৰা জৰীপ আৰু বিজ্ঞানীসকলৰ মতামতক উপেক্ষা কৰা হৈছিল, তেনেদৰে যদি মনসা দেৱীৰ ওপৰত একো পদক্ষেপ গ্ৰহণ কৰা নহয় আগন্তুক দিনত হৰিদ্বাৰত ভয়ংকৰ দুৰ্ঘটনা হোৱাৰ পৰা কোনেও ৰক্ষা কৰিব নোৱাৰে ৷ আমি চৰকাৰ আৰু প্ৰশাসন দুয়োকে দাবী কৰিছো যে পহাৰাসমূহক সুৰক্ষিতভাৱে সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰিব লাগে ৷ যোশীমঠত সংঘটিত হোৱাৰ দৰে দুৰ্ঘটনাৰ পৰা শিক্ষা লোৱাৰ আগতে হৰিদ্বাৰ আৰু হৰিদ্বাৰৰ লোকসকলক সুৰক্ষিত কৰিব লাগে ৷

লগতে পঢ়ক: Controversial Statement On Fertility rate: প্ৰজননৰ হাৰ সন্দৰ্ভত মন্তব্য কৰি চৰ্চাত নীতিশ কুমাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.