ETV Bharat / bharat

Shraddha Walkar Murder Case : বৈজ্ঞানিক পৰীক্ষাত পুনাৱালাৰ ভাষ্যৰ সত্যতা প্ৰমাণ - National Cyber Crime Forensic Laboratory

অনুসন্ধানৰ সময়ত গুৰুত্বপূৰ্ণ পৰিস্থিতিজনিত আৰু তাৰ লগতে প্ৰত্যক্ষ প্ৰমাণৰ সৈতে সম্পৰ্কিত প্ৰমাণবোৰ সংগ্ৰহ কৰা হৈছিল (Shraddha Walkar Murder Case) ।

scientific tests of Aaftab Amin Poonawala
বৈজ্ঞানিক পৰীক্ষাত পুনাৱালাৰ ভাষ্যৰ সত্যতা প্ৰমাণ
author img

By

Published : Feb 8, 2023, 3:39 PM IST

নেশ্যনেল ডেস্ক,৮ ফেব্ৰুৱাৰী: দিল্লী আৰক্ষীয়ে এখন আদালতত দাখিল কৰা অভিযোগনামাত (Delhi Police charge sheet on Aaftab Poonawala) উল্লেখ কৰিছে যে আফতাব আমিন পুনাৱালাৰ বৈজ্ঞানিক পৰীক্ষা (scientific tests of Aaftab Amin Poonawala) যেনে তেওঁৰ পলিগ্ৰাফ পৰীক্ষা আৰু নাৰ্কো বিশ্লেষণে আনবোৰ পৰীক্ষাৰ দৰে মেহৰৌলি হত্যাকাণ্ডৰ গোচৰত তেওঁ জড়িত থকাৰ প্ৰমাণক সমৰ্থন কৰিছে । উল্লেখ্য পুনাৱালাৰ বিৰুদ্ধে তেওঁৰ লিভ-ইন সঙ্গী শ্ৰদ্ধা ৱাকাৰক হত্যা কৰা আৰু তেওঁৰ শৰীৰটো টুকুৰা-টুকুৰ কৰি পেলাই দিয়াৰ অভিযোগ আছে (Shraddha Walkar Murder Case) ।

ৱাকাৰৰ হাড় উদ্ধাৰৰ বিৱৰণ দিয়া চূড়ান্ত প্ৰতিবেদনত লগতে কোৱা হৈছে তেওঁৰ শৰীৰটো টুকুৰা-টুকুৰ কৰিবলৈ ব্যৱহাৰ কৰা কৰতজাতীয় সঁজুলি বা তাৰ ব্লেড উদ্ধাৰ কৰিব পৰা যোৱা নাই । অভিযোগনামাত উল্লেখ কৰা অনুসৰি, "পুনাৱালাৰ বৈজ্ঞানিক পৰীক্ষা যেনে মানসিক মূল্যায়ন, স্তৰযুক্ত কণ্ঠস্বৰ বিশ্লেষণ, পলিগ্ৰাফ পৰীক্ষা, নাৰ্কো বিশ্লেষণ আৰু নাৰ্কোৰ পিছৰ বিশ্লেষণে অভিযুক্ত জড়িত থকা বিষয়টোক সমৰ্থন কৰিছে ।"

"অন্তিমবাৰ দেখা প্ৰমাণ আৰু ডিজিটেল ট্ৰেইলৰ দৰে প্ৰত্যক্ষ প্ৰমাণৰ সৈতে সম্পৰ্কিত গুৰুত্বপূৰ্ণ পৰিস্থিতিজনিত আৰু সমৰ্থনমূলক প্ৰমাণ তথা তদন্তৰ সময়ত সাক্ষীৰ বিবৃতি সংগ্ৰহ কৰা হৈছে ।" অভিযোগনামাত কোৱা হৈছে । উল্লেখ্য, ছত্তৰপুৰ পাহাদী আৰু ছত্তৰপুৰ এনক্লেভ জংঘলৰ পৰা পুনাৱালাৰ স্বীকাৰোক্তিৰ ভিত্তিত উদ্ধাৰ হোৱা ৱাকাৰৰ হাড়বোৰ তেওঁৰ পিত-ৰ ডিএনএ প্ৰ'ফাইলৰ সৈতে মিল খাইছিল । আনহাতে, জংঘলৰ নলাৰ পৰা পোৱা 13 টকুৰা হাড়ে বিশ্লেষণৰ বাবে এম্প্লিফিয়েবল ডিএনএ লাভ কৰা নাছিল । অভিযোগনামাত লগতে কোৱা হৈছে ।

পুনাৱালাৰ বাসগৃহৰ পৰা জব্দ কৰা ৰেফ্ৰিজেৰেটৰত তেজৰ চিহ্নও পোৱা গৈছিল আৰু ই ডিএনএ প্ৰফাইলৰ সৈতে মিল খাইছিল বুলিও কোৱা হৈছে । অৱশ্যে চূড়ান্ত প্ৰতিবেদনত কোৱা হৈছে যে ৱাকাৰৰ শৰীৰৰ সকলো অংশ উদ্ধাৰ কৰিব পৰা নগ'ল । "তালাচীৰ সময়ত স্থানীয় আৰক্ষী আৰু অন্যান্য কৰ্মচাৰীৰ সহায়ত জংঘলৰ এলেকাটো কেইবাবাৰো পৰ্যবেক্ষণ কৰা হৈছিল... ওচৰৰ সকলো ডাম্প য়াৰ্ড ভালদৰে অনুসন্ধান কৰা হৈছিল । আনকি ময়দান গড়ী পুখুৰীটোতো তালাচী চলোৱা হৈছিল । অৱশ্যে ঘটনাটোত ইতিমধ্যে উদ্ধাৰ হোৱা আৰু অভিযুক্তই দিয়া স্বীকাৰোক্তিৰ পৰা উদ্ধাৰ হোৱাৰ বাহিৰে আন কোনো শৰীৰৰ অংশ উদ্ধাৰ কৰিব পৰা নাছিল । অভিযোগনামাখনত লগতে কোৱা হৈছে ।

তাত লগতে এইটোও কোৱা হৈছে যে যিমান সম্ভৱ চেষ্টা কৰা সত্ত্বেও কৰত, ব্লেড আৰু অপৰাধত ব্যৱহৃত মোনা উদ্ধাৰ কৰিব পৰা নগ'ল। অৱশ্যে ইয়াৰ পূৰ্বে পুনাৱালাই আৰক্ষীক গুৰুগ্ৰামৰ এমজি ৰোডৰ ওচৰৰ আয়া নগৰত কৰত আৰু ব্লেড নিষ্কাশন কৰাৰ বিষয়ে কৈছিল । পুনাৱালাই প্ৰকাশ কৰা অনুসৰি, মুম্বাইৰ ভায়ান্দৰ ক্ৰীকৰ পৰা ৱাকাৰৰ মোবাইল ফোন, ডেবিট আৰু ক্ৰেডিট কাৰ্ড পুনৰুদ্ধাৰ কৰাৰ প্ৰচেষ্টাও কৰা হৈছিল । কিন্তু সকলো ধৰণৰ প্ৰচেষ্টাৰ পিছতো সেইটো পোৱা নগ'ল বুলি অভিযোগনামাখনত কোৱা হৈছে ।

অভিযোগনামাত এইটোও কোৱা হৈছে যে পুনাৱালাই হত্যাৰ সময়ত ব্যৱহাৰ কৰা মোবাইল ফোনটো উদ্ধাৰ কৰা হৈছিল, যিটো তেওঁ আমাজনত (Amazon) সালসলনি কৰিছিল । কিন্তু তাৰ পৰা তথ্য পুনৰুদ্ধাৰৰ বাবে ৰাষ্ট্ৰীয় চাইবাৰ অপৰাধ ফৰেনচিক লেবৰেটৰীলৈ (National Cyber Crime Forensic Laboratory, NCFL) প্ৰেৰণ কৰা হৈছিল যদিও কোনো ফলপ্ৰসূ প্ৰমাণ লাভ কৰিব পৰা নগ'ল । কিয়নো সালসলনি কৰাৰ পূৰ্বে অভিযুক্তই মোবাইলটো ফৰ্মেট মাৰিছিল ।

লগতে পঢ়ক: Body recovered in Sivasagar: গৌৰীসাগৰত পিতনিত উদ্ধাৰ এজন ব্যক্তিৰ মৃতদেহ

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.