ETV Bharat / bharat

উচ্চতম ন্যায়ালয়ৰ ৰায়ে নতুন ভাৰতৰ চিত্ৰনাট্য লিখিব; অনুচ্ছেদ ৩৭০ সন্দৰ্ভত প্ৰধানমন্ত্ৰী - SC upholds abrogation of Article 370

দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে সোমবাৰে অনুচ্ছেদ ৩৭০ ৰ ওপৰত এক ডাঙৰ সিদ্ধান্ত দি কয় যে এইটো এটা স্থায়ী ব্যৱস্থা নহয় । লগতে আদালতে কয় যে অহা বছৰ ছেপ্টেম্বৰৰ ভিতৰত ৰাজ্যখনত নিৰ্বাচন অনুষ্ঠিত কৰিব লাগে ।

PM Modis article on Article 370
অনুচ্ছেদ ৩৭০ সন্দৰ্ভত প্ৰধানমন্ত্ৰী
author img

By ETV Bharat Assamese Team

Published : Dec 12, 2023, 1:02 PM IST

নিউজ ডেস্ক, ১২ ডিচেম্বৰ : সোমবাৰে উচ্চতম ন্যায়ালয়ে অনুচ্ছেদ ৩৭০ সন্দৰ্ভত 'ছুপ্ৰিম' ৰায় প্ৰদান কৰে । উচ্চতম ন্যায়ালয়ে জম্ম-কাশ্মীৰৰ পৰা ধাৰা ৩৭০ বিলোপ কৰাৰ কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তক সমৰ্থন জনায় । ইয়াৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অনুচ্ছেদ ৩৭০ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তৰ বিষয়ে এটা প্ৰবন্ধ লিখিছে ।

তাত তেওঁ নিজৰ মতামত ব্যক্ত কৰি লিখিছে যে অনুচ্ছেদ ৩৭০ আৰু ৩৫-এ জম্মু-কাশ্মীৰৰ উন্নয়নত বাধা আছিল, যাক আমি আঁতৰাই দিছোঁ । প্ৰধানমন্ত্ৰী মোদীয়ে লগতে লিখিছে যে অনুচ্ছেদ ৩৭০ সদায় এক কলঙ্ক যেন লাগিছিল । এতিয়া এই কলঙ্ক আঁতৰ কৰা হৈছে । তেওঁ কয় যে ১১ ডিচেম্বৰত উচ্চতম ন্যায়ালয়ে এক ঐতিহাসিক ৰায় দিছে, যিয়ে নতুন ভাৰতৰ চিত্ৰনাট্য লিখিব ।

মোদীয়ে লিখিছে যে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে দেশৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতা বজাই ৰাখিছে । প্ৰধানমন্ত্ৰীয়ে লগতে লিখিছে, "আজিৰ পৰা ঠিক ৫ বছৰ পূৰ্বে ৫ আগষ্ট, ২০১৯ চনত আমাৰ চৰকাৰে এটা ডাঙৰ সিদ্ধান্ত লৈছিল । যিটোত আজি মোহৰ লগোৱা হৈছে ।" উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তক আদৰণি জনাই প্ৰধানমন্ত্ৰী মোদীয়ে লিখিছে যে অনুচ্ছেদ ৩৭০ কেতিয়াও স্থায়ী হোৱা নাই ।

তেওঁ লিখিছে, "মই সদায় বিচাৰিছিলোঁ যে অনুচ্ছেদ ৩৭০ যিমান সম্ভৱ সোনকালে আঁতৰ কৰিব লাগে, যাতে জম্মু-কাশ্মীৰৰ বিকাশ হ'ব পাৰে । আমাৰ চৰকাৰে জম্মু-কাশ্মীৰৰ বাসিন্দাসকলৰ দুখ-কষ্ট হ্ৰাস কৰিবলৈ কাম কৰিছে ।"

প্ৰবন্ধটোত প্ৰধানমন্ত্ৰীয়ে লিখিছে যে অনুচ্ছেদ ৩৭০ আঁতৰোৱাৰ লগে লগে মানুহে তেওঁলোকৰ অধিকাৰ ঘূৰাই পাইছে । অনুচ্ছেদ ৩৭০ ৰ কাৰণে ব্যৱধান আছিল । এই ব্যৱধানৰ বাবে তেওঁলোকে জম্মু-কাশ্মীৰত যি কৰিব বিচাৰিছিল সেয়া অসম্ভৱ যেন লাগিছিল । আমাৰ দেশৰ মানুহে জম্মু-কাশ্মীৰত তেওঁলোকৰ সপোনবোৰক গতি দিব বিচাৰিছিল, কিন্তু অনুচ্ছেদ 370 এক বাধা হৈ পৰিছিল । এতিয়া সময় আহিছে যেতিয়া ইয়াতো মানুহে তেওঁলোকৰ সপোনবোৰ পূৰণ হোৱাটো দেখিবলৈ সক্ষম হ'ব ।

প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ প্ৰবন্ধটোত আৰু লিখিছে, জম্মু-কাশ্মীৰ কেৱল এটা ৰাজনৈতিক বিষয় নহয় । আজি জম্মু-কাশ্মীৰৰ প্ৰতিটো শিশুৱে ইয়াত তেওঁলোকৰ আশা-আকাংক্ষাক নতুন ৰং দিব পাৰে । আজি হতাশা প্ৰত্যাশালৈ ৰূপান্তৰিত হৈছে ।

লগতে পঢ়ক :সাংসদ পদ খাৰিজক প্ৰত্যাহ্বানেৰে উচ্চতম ন্য়ায়ালয়ৰ দ্বাৰস্থ মহুৱা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.