ETV Bharat / bharat

চেন্ট্ৰেল ভিস্তা প্ৰজেক্টঃ নিৰ্মাণ কাৰ্য অব্যাহত ৰখাক লৈ কেন্দ্ৰক ভৎসৰ্না উচ্চতম ন্যায়ালয়ৰ - চেন্ট্ৰেল ভিস্তা

ন্যায়াধীশ এ এম খানৱিলকাৰৰ নেতৃত্বত সৰ্বোচ্চ ন্যায়ালয়ৰ এক বিচাৰপীঠে কয় যে, কেন্দ্ৰীয় চৰকাৰে চেন্ট্ৰেল ভিস্তা প্ৰজেক্টৰ বাবে আধাৰশিলা স্থাপন কৰিব পাৰিব । কিন্তু নিৰ্মাণ কাৰ্য আৰম্ভ কৰিব নোৱাৰিব ।

চেন্ট্ৰেল ভিস্তা প্ৰজেক্টঃ নিৰ্মাণ কাৰ্য অব্যাহত ৰখাক লৈ কেন্দ্ৰক ভত্সৰ্না উচ্চতম ন্যায়ালয়ৰ

author img

By

Published : Dec 7, 2020, 3:24 PM IST

নেশ্যনেল ডেস্ক, ৭ ডিচেম্বৰ: উচ্চতম ন্যায়ালয়ে সোমবাৰে কেন্দ্ৰীয় চৰকাৰে চেন্ট্ৰেল ভিস্তা প্ৰজেক্টৰ অধীনত অব্যাহত ৰখা নিৰ্মাণ কাৰ্যক লৈ অসন্তুষ্টি প্ৰকাশ কৰে । সৰ্বোচ্চ ন্যায়ালয়ে কয় যে, 'আমি ভাৱিছিলো যে আদালতৰ কামৰ বিষয়ে অভ্যস্ত তথা বিবেকেৰে কাৰ্য সম্পাদন কৰা ব্যক্তিৰ সৈতে আমি কাম কৰি আছো আৰু পাৰ্থক্য পৰিলক্ষিত হ'ব ।' ইয়াৰ পিছতে ছলিচিটেটৰ জেনেৰেল তুষাৰ মেহতাই কয় যে ন্যায়ালয়ত ক্ষমা বিচাৰে আৰু চৰকাৰৰ নিৰ্দেশমৰ্মে তেওঁ নিৰ্মাণ কাৰ্য স্থগিত কৰা আৰু গছ কটা বন্ধ হ'ব বুলি প্ৰতিশ্ৰুতি দিয়ে ।

উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিয়ে যে, অহা ১০ ডিচেম্বৰত অনুষ্ঠিত হ'বলগীয়া আধাৰশিলা স্থাপন অনুষ্ঠানটি একো সালসলনি নকৰাকৈ অনুষ্ঠিত কৰিব পাৰিব । ন্যায়াধীশ এ এম খানৱিলকাৰ আৰু ন্যায়াধীশ দীনেশ মহেশ্বৰী আৰু ন্যায়াধীশ সঞ্জীৱ খান্নাৰ তিনিজনীয়া বিচাৰপীঠে চেন্ট্ৰেল ভিস্তা প্ৰজেক্টক প্ৰত্যাহ্বান জনাৱো আবেদনৰ শুনানিত এই ঘোষণা কৰে । আদালতে কেইখনমান আবেদনৰ শুনানি গ্ৰহণ কৰিছে যদিও এতিয়াও বহু আবেদনৰ শুনানি গ্ৰহণ কৰিবলৈ বাকী আছে ।

উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ১০ ডিচেম্বৰত নতুন সংসদ ভৱনসহ কেইবাটাও নিৰ্মাণ কাৰ্যৰ আধাৰশিলা স্থাপন কৰাৰ সম্ভাৱনা আছে । ২০২২ৰ ভিতৰত ৯৭১ কোটি টকা ব্যয় সাপেক্ষে এই নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰাৰ পৰিকল্পনা কৰিছে কেন্দ্ৰই ।

লগতে পঢ়ক:অবৈধ সম্পত্তিৰ গোচৰত তেলেংগানাত গ্ৰেপ্তাৰ আৰক্ষী বিষয়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.